সাহিত্য সংবাদ – আলমিনা খাতু

সাহিত্য সংবাদ
 আলমিনা খাতুন (এম.এ)
            সাপটগ্ৰাম(বালাপাৰা)
মই সাহিত্য সংবাদৰ বিষয়ে ইমানদিনে জনা নাছিলো যদিও কেইদিনমান আগতে কাজি শ্বাহাদত ইছ্লামৰ ফেচবুক টাইমলাইনত তেখেতৰ লিখ্নী চাই মইও সাহিত্য সংবাদৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰিলো তাৰপিছত ফেচবুকৰ মাধ্যমেৰে সাহিত্য সংবাদ ৰ বিষয়ে জানিবলৈ বিচৰাত তেখেতে  হোৱাটছআপত সাহিত্য সংবাদ  গোটৰ সদস্যা হোৱাত সহায় কৰিলে।এতিয়া মই সাহিত্য সংবাদ গোটৰ এগৰাকী সদস্যা।সাহিত্য সংবাত গোটৰ মাধ্যমেৰে মই বহুতো ন’ ন’ বস্তুৰ বিষয়ে জানিব পাৰিছো।এই গোটত কবিতা, গল্প, প্ৰৱন্ধ, ইত্যাদিবোৰৰ বিষয়ে আলোচনা হৈ থাকে।আৰু বিশেষকৈ বৰ্তমান যি সময়ত ইংৰাজী ভাষাত গুৰুত্ব দিয়াৰ বাবে  অসমীয়া ভাষাৰ মাৰ যাব ধৰিছে ঠিক সেইসময়তে সাহিত্য সংবাদ গোটত  অসমীয়া ভাষাত অত্যাধিক গুৰুত্ব দিয়া হৈছে আৰু অসমীয়া ভাষাক ধৰি ৰাখিবলৈ অগাধ চেষ্টা চলাই আছে।অসমীয় সাহিত্য সংবাদ* ৰ মাধ্যমেৰে বহুতো নতুন নতুন লেখক – লেখিকাৰ জন্ম হোৱাৰ লগতে আগন্তক দিনত যে  সাহিত্য সংবাদ ৰ বাবে গোটেই অসমজুৰি গৰ্বিত হ’ব সেয়াও মই খাটাং কৈ ক’ব পাৰো।সেয়ে মই অসমৰ প্ৰতিগৰাকী সজাগ অসমীয়া ক বিনম্ৰভাৱে অনুৰোধ জনাও যে সকলোৱে যাতে এইখন সাহিত্য সংবাদ গোটক আগলৈ লৈ যোৱাত কৰে আৰু  অসমীয়া ভাষাক জীয়াই ৰখাত সহায় কৰে।