‘সাহস’ৰ উদ্যোগত মাজুলীত ‘বিশ্ব ঋতুস্ৰাৱ স্বচ্ছতা দিৱস পালন

‘সাহস’ৰ উদ্যোগত মাজুলীত ‘বিশ্ব ঋতুস্ৰাৱ স্বচ্ছতা দিৱস পালন

 বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘সাহস'(এনজিঅ’)ৰ উদ্যোগত ‘সতৱা’ আৰু ‘হৰিশ আৰু বিনা শ্বাহ ফাউণ্ডেশ্যনৰ’ সহযোগত গড়মূৰ আৰক্ষী থানাত “বিশ্ব ঋতুস্ৰাৱ স্বচ্ছতা দিৱস- ২০২৪” পালন কৰা হয় । প্ৰকল্প সমন্বয়ক মৃদুভূষণ কটকীয়ে কাৰ্যসূচীৰ আঁত ধৰাৰ লগতে ‘সাহস’ৰ সদস্য সকলৰ চমু পৰিচয় দাঙি ধৰে। ইয়াৰ পিছত উপস্থিত মহিলা আৰক্ষী বিষয়া সকলক উদ্দেশ্যি, প্ৰকল্প সমন্বয়ক (Project Coordinator) স্পৃহা গায়নে ‘ঋতুস্ৰাৱ স্বচ্ছতা দিৱসৰ’ বিশ্বব্যাপী গুৰুত্ব আৰু নাৰী স্বাস্থ্যৰ সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত বাখ্যা দাঙি ধৰে । চেনীটেৰি পেডৰ স্বাস্থ্যজনিত প্ৰভাৱ আৰু পৰিৱেশজনিত প্ৰভাৱৰ বিষয়ে অনুষ্ঠানত আলোচনা কৰাৰ লগতে মহিলা সকলৰ স্বাস্থ্য আৰু পৰিৱেশ সম্পৰ্কীয় সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি সাহসে মেনষ্টুৰেল কাপ আৰু ক্লথ পেড ব্যৱহাৰৰ বাবে সকলোকে আহ্বান জনায়। উক্ত অনুষ্ঠানত সাহস মাজুলীয়ে বিশ্ব ঋতুস্ৰাৱ স্বচ্ছতা দিৱসৰ শুভকামনা জনাই মুঠ ১৩ গৰাকী মহিলা আৰক্ষী বিষয়াক ক্লথ পেড প্ৰদান কৰে। উল্লেখ্য যে, সাহসে ভাৰতৰ বিভিন্ন ৰাজ্যত জাৱৰ ব্যৱস্থাপনাৰ ওপৰত কাম কৰি থকাৰ লগতে মাজুলীতো ‘স্বচ্ছ মাজুলী মোৰ মাজুলী’ প্ৰকল্পৰ অধীনত যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা শুকান জাৱৰ ব্যৱস্থাপনাৰ বাবে কাম কৰি আছে।