সাম্ভাৱ্য বিশ্ব অভিলেখৰ বাবে তেলেংগানাত ১ ঘণ্টাত ১০ লাখ গছপুলি ৰোপণ

pc Jagran

অনলাইন বাৰ্ত্তাসেৱা – তেলেংগানাত এক ঘণ্টাত ৰোপণ কৰা হৈছিল প্ৰায় ১০ লাখ গছপুলি। এয়েই হৈছে বিশ্বৰ সৰ্ববৃহৎ বৃক্ষৰোপণ অভিযান। আদিলাবাদৰ টি.আৰ.এছ.ৰ সাংসদ জে. সন্তোষ কুমাৰৰ নেতৃত্বত অনুষ্ঠিত এই অনুষ্ঠানটোৱে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব বুলি আশা কৰা হৈছে। ২০১৯ চনত তুৰস্কত ৩.০৩ লাখ বৃক্ষৰোপণৰ পূৰ্বৰ বিশ্ব অভিলেখ পঞ্জীয়ন কৰা হৈছিল।

(UD.)