সাম্প্ৰতিক সময়ত বিশ্ব নবী হজৰত মোহাম্মদ ছঃৰ আদৰ্শৰ প্ৰয়োজনীয়তা- ফখৰুদ্দিন আহমেদ

pc Wikipedia

সাম্প্ৰতিক সময়ত বিশ্ব নবী হজৰত মোহাম্মদ ছঃৰ আদৰ্শৰ প্ৰয়োজনীয়তা

ফখৰুদ্দিন আহমেদ

বিশ্ব নবী ছঃ ৰ যিটো সময়ত আৰবৰ মক্কা চহৰত জন্ম হৈছিল সেই সময় আৰবৰ বাবে আছে বৰ্বৰতাৰ যুগ। এনে বৰ্বৰতাক নাশ কৰি বিশ্ব নবী হজৰত মোহাম্মদ ছঃ য়ে সমগ্ৰ বিশ্ববাসীৰ সমূখত আৰব জাতিক সুসভ্য , জ্ঞানী আৰু পৰোপকাৰী ৰূপত প্ৰতিষ্ঠিত কৰি তুলিবলৈ সক্ষম হৈছিল। তেখেত ছঃৰ বাবে এই সফলতা বৰ সহজ সাধ্য নাছিল ।এই সফলতাৰ বাবে তেখত ছঃয়ে বিভিন্ন সময়ত শাৰীৰিক , মানসিক , সামাজিক আৰু ৰাজনৈতিক ভাবে নিৰ্যাতনৰ সমূখীন হ’বলগা হৈছিল। এই সকলোবোৰ বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি যোৱাৰ ক্ষেত্ৰত তেখেত ছঃৰ হাতত থকা অস্ত্ৰ দুপাত আছিল ক্ষমা আৰু ধৈৰ্য ।ইয়াৰ কাৰণ আছিল আল্লাহ পাকে বিশ্ব নবী ছঃক পবিত্ৰ কোৰানত বিশ্ববাসীৰ বাবে দয়া আৰু কৰুণাৰ মূৰ্ত প্ৰতীক হিচাপে প্ৰেৰণ কৰা বুলি ঘোষণা কৰিছে।
সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষকে ধৰি বিশ্বৰ কিছু সংখ্যক দেশৰ কিছুমান তথাকথিত ৰাজনীতিক , সাহিত্যিক, কাৰ্টুনিষ্ট আৰু দাৰ্শনিকে বিশ্ব নবী হজৰত মোহাম্মদ ছঃ সম্পৰ্কত মুকলি ভাবে কটু আৰু বিৰূপ মন্তব্য কৰি অহা দেখা গৈছে। শেহতীয়া ভাবে কোনো এটি ৰাষ্ট্ৰীয় নিউজ চেনেলৰ ট’ক শ্বত সদ্য বহিষ্কৃত বি জে পিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাই বিশ্ব নবী ছঃৰ দ্বিতীয় গৰাকী মনোৰমা পত্নী হজৰত আয়িশ্বা চিদ্দিকা ৰাঃ ৰ সৈতে হোৱা বিবাহৰ বয়সক লৈ কৰা অশ্ৰাব্য বক্তব্য আৰু দিল্লীৰ বি জে পিৰ বহিষ্কৃত নেতা নবীন জিন্দালৰ বক্তব্যই কেৱল ভাৰতবৰ্ষতেই নহয় সমগ্ৰ বিশ্ব বিশেষকৈ বিশ্বত থকা ইছলামিক ৰাষ্ট্ৰ সমুহত তুমুল বিতৰ্কৰ লগতে আলোড়নৰ সৃষ্টি কৰিছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সেই বক্তব্যৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাও পৰিলক্ষিত হৈছে। এই বিষয় সমূহ পৰ্যালোচনা কৰিবলৈ গৈ দৃষ্টি নিবদ্ধ কৰিব লাগিব বিশ্ব নবী হজৰত মোহাম্মদ ছঃৰ জীৱনাদৰ্শৰ ওপৰত।
হজৰত আয়িশ্বা চিদ্দিকা ৰাঃ আছিল বিশ্ব নবী ছঃৰ দ্বিতীয় গৰাকী মনোৰমা পত্নী।সাম্প্ৰদায়িকতাবাদক উচতনি দিবলৈ যিবোৰ তথাকথিত নিউজ চেনেলে এই ট’ক শ্ব সমূহ অনুষ্ঠিত কৰে তেওলোকে কিন্তু কোনো দিনেই বিশ্ব নবী ছঃৰ মনোৰমা প্ৰথমা পত্নী হজৰত খাদিজা ৰাঃৰ জীৱনৰ ওপৰত আলোকপাত নকৰে ।কাৰণ হ’ল এই সম্পৰ্কত আলোকপাত কৰিলে বিশ্বৰ এটি বিৰল আদৰ্শৰ ওপৰত আলোচনা কৰা হ’ব , তেওলোকৰ ঘৃননীয় মানসিকতাৰ দ্বাৰা পূৰ্ব পৰিকল্পিত সাম্প্ৰদায়িকতাবাদৰ বিষ বাষ্প বিয়পোৱাৰ কোনো সুযোগেই নাথাকিব।
বিশ্ব নবী হজৰত মোহাম্মদ ছঃয়ে ২৫ বছৰ বয়সত তেখেত ছঃ তকৈ ১৫ বছৰে ডাঙৰ ৪০ বছৰ বয়সৰ , বিধবা হজৰত খাদিজা ৰাঃ ক বিবাহ কৰাইছিল। দুয়ো গৰাকী মহান ব্যক্তিত্বৰ বিবাহিত জীৱন কিমান সুখী আছিল তাক অনুমান কৰিব পাৰি ইয়াৰ দ্বাৰা যে মনোৰমা প্ৰথমা পত্নী হজৰত খাদিজা ৰাঃ জীয়াই থকা লৈকে তেখেত ছঃ য়ে দ্বিতীয় বিবাহ পাশত আবদ্ধ হোৱা নাছিল। পিছৰ কালত বিশ্ব নবী হজৰত মোহাম্মদ ছঃ য়ে হজৰত খাদিজা ৰাঃ ৰ সৈতে কটোৱা বৈবাহিক কালছোৱাক সৰ্বোত্তম বুলিও আখ্যায়িত কৰিছিল।
বিশ্ব নবী হজৰত মোহাম্মদ ছঃৰ দ্বিতীয় বিবাহ হজৰত আয়িশ্বা ৰাঃৰ সৈতে সমাপন হৈছিল । এই বিবাহৰ সময়ত হজৰত আয়িশ্বা ৰাঃৰ বয়স সম্পৰ্কত মতভেদ পৰিলক্ষিত হয়। ইছলামিক ইতিহাসবিদ সকলৰ মতে হজৰত আয়িশ্বা ৰাঃ তেখেতৰ বায়েক হজৰত আছমা ৰাঃতকৈ ১০ বছৰে সৰু আছিল । ইতিহাস মতে হজৰত আছমা ৰাঃৰ জন্ম হৈছিল ৫৯৫ খ্ৰীষ্টাব্দত আৰু হজৰত আয়িশ্বা ৰাঃৰ জন্ম হৈছিল ৬০৫ খ্ৰীষ্টাব্দত । বিশ্ব নবী হজৰত মোহাম্মদ ছঃ য়ে হজৰত আয়িশ্বা ৰাঃ ক বিবাহ কৰাইছিল ৬২৩ খ্ৰীষ্টাব্দত । এই মৰ্মে বিবাহৰ সময়ত হজৰত আয়িশ্বা ৰাঃৰ বয়স আছিল প্ৰায় ১৮ বছৰ।একেদৰেই আন এচাম ইছলামিক ধৰ্মতত্ববিদে বিশ্ব নবী হজৰত মোহাম্মদ ছঃ ৰ লগত হজৰত আয়িশ্বা ৰাঃৰ ছয় বছৰ বয়সত নিকাহ আৰু ন বছৰ বয়সত সংসাৰ যাপন আৰম্ভ কৰে বুলিও মত প্ৰকাশ কৰে। এই দুটা মতৰ ভিতৰত এচাম ইছলাম ধৰ্ম বিদ্বেষী লোকে দ্বিতীয় মতটিকেই একমাত্ৰ মত হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গৈ ইছলাম ধৰ্ম , পবিত্ৰ কোৰান আৰু হজৰত মোহাম্মদ ছঃৰ ওপৰত কটু আৰু বিৰূপ মন্তব্য কৰি দেশ তথা বিশ্বত সাম্প্ৰদায়িকতাবাদৰ জৰিয়তে অশান্তি বিয়পোৱাৰ বাবে যত্নপৰ হৈ আহিছে।এয়া নিশ্চয় ভাৰতবৰ্ষ আৰু বিশ্ববাসীৰ বাবে চৰম দুৰ্ভাগ্যজনক কথা।
এনে দুৰ্ভাগ্যজনক সময়ত ভাৰত তথা বিশ্বৰ মুছলমানে আদৰ্শ হিচাপে গ্ৰহণ কৰিব লাগিব বিশ্ব নবী হজৰত মোহাম্মদ ছঃৰ জীৱনাদৰ্শ। তেখেত ছঃৰ জীৱনত বহুবাৰ বদনাম , কুৎসা-ৰতনাৰ বাহিৰেও শত্ৰু পক্ষই চলোৱা আক্ৰমণত তেখেত ছঃ জীৱনলৈ প্ৰাণৰ সংশয়ো নামি আহিছিল। প্ৰথমে তেখেত ছঃৰ ত্বায়িফৰ ঘটনাকে উল্লেখ কৰিব পাৰি। সেই দিনটোত তেখেত ছঃ শাৰীৰিক ভাবে চৰম পৰ্যায়ত নিৰ্যাতিত হৈয়ো ত্বায়িফবাসীৰ বাবে প্ৰতিশোধ ল’বলৈ কোনো কাৰণতেই ইচ্ছা ব্যক্ত নকৰি, অভিশাপ নিদি আল্লাহ পাকৰ ওচৰত ত্বায়িফবাসীক মাফ কৰি দিবলৈ আৰু ইছলাম ধৰ্ম সম্পৰ্কত জ্ঞান দান কৰিবলৈ দোৱা কৰিছিল। দ্বিতীয়তে উহুদৰ যুদ্ধৰ দিনা খন শত্ৰুপক্ষৰ আঘাতত তেখেত ছঃ ৰ পবিত্ৰ দাঁত মোবাৰক শ্বহীদ হৈছিল আৰু মুৰত পিন্ধা লোৰ ঢাল ভাঙি গৈ মুৰত এটুকুৰা লো সোমাই তেজ প্ৰবাহিত হৈছিল। অতিকৈ ধৈৰ্যধাৰণকাৰী আৰু ক্ষমাশীল বিশ্ব নবী ছঃয়ে সেই দিনাও কোনো অভিশাপ দিয়া নাছিল। মক্কা বিজয়ো সম্পন্ন হৈছিল বিনা ৰক্তপাতে। সদায় তেখেত ছঃ অহাযোৱা কৰা বাটত কাঁইট পুতি থোৱা অবস্থা নাপাই সদায় কাঁইট পুতি থোৱা আইতা গৰাকীৰ খবৰ ল’বলৈ গৈ নৰিয়াত পৰি থকা দেখি শুশ্ৰষা কৰিছিল। এই গৰাকী মহান বিশ্ব নবী হজৰত মোহাম্মদ ছঃৰ জীৱনলৈ দৃষ্টিপাত কৰিলে ধৈৰ্য ,দয়া , কৰুণা আৰু ক্ষমাৰে পূৰ্ণ এনে অলেখ দৃষ্টান্ত পোৱা যায়।
ইছলাম ধৰ্মত প্ৰতিবাদৰ স্থান নোহোৱা নহয় , কিন্তু এই প্ৰতিবাদে কেতিয়াও এডাল চুলিৰ পৰিমাণো হিংসাত্মক ৰূপলৈ পৰ্যবসিত হ’ব নোৱাৰে।এয়া বাধ্যতা মূলক বিধান। কোনো প্ৰতিবাদী কাৰ্যসুচীৰ দ্বাৰা মানব সমাজৰ অন্যায় আৰু অপকাৰ হ’ব নোৱাৰিব। বিশ্ব নবী হজৰত মোহাম্মদ ছঃৰ প্ৰতি থকা প্ৰেমৰ প্ৰদৰ্শনৰ দ্বাৰা বিশ্বত কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাটো ইছলাম ধৰ্মৰ প্ৰধান বিৰোধী বিষয় হিচাপে আধাৰিত। তেখেত ছঃৰ প্ৰতি থকা প্ৰেমৰ প্ৰকৃত স্বৰূপ হৈছে তেখেত ছঃৰ জীৱনাদৰ্শক এশ শতাংশ অনুসৰণ আৰু অনুকৰণ কৰি নিজৰ জীৱনক মহীয়ান কৰা কাৰ্য আৰু বিশ্বত শান্তি সম্প্ৰীতি স্থাপন কৰাত ব্ৰতী হোৱা। এই আদৰ্শৰ বাবেই বিশ্ব নবী হজৰত মোহাম্মদ ছঃৰ জীৱন কালত কোনো এখন আক্ৰমণাত্মক যুদ্ধ দেখিবলৈ পোৱা নাযায়। তেখেত ছঃৰ জীৱনত সংঘটিত প্ৰত্যেকখন যুদ্ধই আছিল আত্মৰক্ষামূলক। কাৰণ ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিছিল বিশ্ব নবী হজৰত মোহাম্মদ ছঃ আৰু তেখেত ছঃ ৰ অনুসাৰী চাহাবা সকলৰ ব্যবহাৰ আৰু আচৰণৰ দ্বাৰাহে।
সাম্প্ৰতিক সময়তেই নহয় ভবিষ্যতেও ইছলাম ধৰ্ম সম্পৰ্কত বিতৰ্ক আহিলেই মুছলমান সকলে তাৰ সমাধানৰ বাবে আদৰ্শ হিচাপে গ্ৰহণ কৰিব লাগিব বিশ্ব নবী হজৰত মোহাম্মদ ছঃৰ জীৱনাদৰ্শ আৰু সেই পথেৰেই আগবাঢ়ি যাব লাগিব। তেতিয়াহে প্ৰকৃত পক্ষে ইছলাম ধৰ্মক আতংক বুলি ধাৰণা কৰা সকলে স্বকীয় দৃষ্টিভংগী সলনি কৰি ইছলাম ধৰ্মক আদৰ্শ বুলি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব।
ইছলাম ধৰ্মৰ সাৰ্বজনীন গ্ৰাহ্যতা অটল অবস্থাত আছে কিন্তু এচাম মুছলমানৰ ইছলাম ধৰ্ম সম্পৰ্কত থকা কাৰ্যকৰী দিশৰ অমান্যতা আৰু জ্ঞানৰ দৈনতা তথা কৰ্মকাণ্ডৰ বাবে বিশ্বত ইছলাম ধৰ্ম সম্পৰ্কত নেতিবাচক ভাবাদৰ্শৰ প্ৰচাৰ হোৱাত সহায়ক হৈছে।
এই ক্ষেত্ৰত বিশ্ব নবী হজৰত মোহাম্মদ ছঃৰ জীৱনাদৰ্শই বিশ্বত বহু প্ৰত্যাশিত শান্তি আৰু সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি হোৱাত বাৰুকৈয়ে অৰিহণা যোগাব বুলি প্ৰত্যয় সহকাৰে ন দি ক’ব পৰা যায়।