সাপ আৰু নেউলৰ সাধু – নাছিৰ আহমেদ

সাপ আৰু নেউলৰ সাধু
নাছিৰ আহমেদ, গোৱালপাৰা
এদিন পূৰ্ণিমাৰ জোনাকৰ ঢল নামিছিল
 প্ৰতি অসমীয়াৰ বহল চোতালত।
ৰিব্ ৰিব্ পছোৱা মলয়াজাক প্ৰবাহিত হৈছিল,
কাষেদি ধীৰ গতিত বৈ গৈছিল ৰূপোৱালী নৈখন,
গছৰ ডালত কুলিয়ে মধুৰ সুৰে গীত জুৰিছিল।
জোনাকৰ স্নিগ্ধ পোহৰত আইতাকে শুনাইছিল-
সাধুকথাৰ কুকি ,বুঢ়ী আইৰ সাধু, ঈছপৰ সাধু !
পোণাকণহতঁৰ বিস্ফাৰিত নেত্ৰত সীমাহীন জিজ্ঞাসা !
এতিয়া অসমীয়াৰ চোতালখন ঠেক হ’ল;
তাত নামি নাহে জোনাকৰ শুভ্ৰতা,
 নৈখন মৰি এটি মৰা সুঁতি হ’ল,
আইতাকৰ দুচকুতো এতিয়া ডাঙৰ চামনি !
পুৰণি সাধুবোৰৰ বুকুত ভৰ দি নামি আহিল
নতুন নতুন সাধু, সাপ আৰু নেউলৰ সাধু;
সমাজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে ক্ৰূৰ সাপৰ অবাধ বিচৰণ –
এই বিষাক্ত সাপবোৰৰ তীব্ৰ দংশনত
নীৰিহ জনতাৰ সৰ্ব্ব শৰীৰত এক দুৰ্বিসহ যন্ত্ৰণা,
সুযোগ পালেই সিহঁতে অবলা নাৰীক কৰে ভক্ষণ,
অবোধ শিশুৰ ওপৰত চলায় অবৰ্ণনীয় নিৰ্যাতন!
এতিয়া নেউলো সলনি কৰিছে দেহৰ ৰং-ৰূপ;
সলাইছে বাগৰ , সলাইছে স্বভাৱজাত ধৰ্ম -নীতি;
সাপ আৰু নেউল পৰস্পৰে পৰস্পৰৰ পৰম মিত্ৰ!
এদিন পূৰ্ণিমাৰ জোনাকৰ ঢল নামিছিল
প্ৰতি অসমীয়াৰ বহল চোতালত;
এতিয়া অসমীয়াৰ চোতালখন ঠেক হ’ল;
তাত নামি নাহে জোনাকৰ শুভ্ৰতা ;
এতিয়া মাথোঁ সাপ আৰু নেউলৰ ক্ৰূৰ গতিশীলতা!