সানোৱাত ঈদ উল ফিটৰৰ নামাজ সম্পন্ন
ছিপাঝাৰ,ৰঙিলী বাৰ্ত্তাসেৱা- আজি ৰাতিপুৱা ৮-৩০ বজাত বৃহত্তৰ সানোৱা অঞ্চলৰ প্ৰায় পাঁচ সহস্ৰাধিক লোক সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত সমবেত হৈ আলহাজ মৌলানা ইদ্ৰিছ আলি চাহেবৰ নেতৃত্বত ঈদ উল ফিটৰৰ নামাজ সম্পন্ন কৰে। বিগত এমাহ ধৰি পবিত্ৰ ৰমজান মাহৰ ৰোজা আদায় কৰাৰ পিছত ঈদৰ নামাজ সম্পন্ন কৰিবলৈ সমবেত হোৱা ৰাইজৰ সমুখত নামাজৰ প্ৰাক মুহূৰ্তত ঈদৰ নামাজৰ ইমামতি কৰিবলৈ আমন্ত্ৰণ জনাই অনা আলহাজ মৌলানা ইদ্ৰিছ আলি চাহেবক সানোৱা আঞ্চলিক ঈদ সমিতিৰ হৈ সভাপতি হামিদ আলিয়ে , সানোৱাৰ সন্তান মুফটি মৌলানা মোজাক্কিৰ হুছেইনক এই বৰ্ষত দেউবন্দ মাদ্ৰাছাৰ পৰা সুখ্যাতিৰে “মুফটি” অৰ্হতা লাভ কৰাৰ কাৰণে আৰু পিতৃ মোকছেদ আলিক আলহাজ ইচ্ছা আলিয়ে আৰু এম্ বি বি এছ পৰীক্ষাত সুখ্যাতিৰে কৃতকাৰ্যতা লাভ কৰা বা: তাৰিক আজিজৰ পিতৃ ফৰজান আলিক সানোৱা গাঁও উন্নয়ন সমিতিৰ সম্পাদক মুকুল হুছেইনে অসমীয়া জাতিৰ স্বাভিমান একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।নামাজৰ খোৎবা পাঠ কৰাৰ অন্তত ঈদৰ নামাজৰ ইমামতি কৰা আলহাজ মৌলানা ইদ্ৰিছ আলি চাহেবে পৰকালৰ বাবে প্ৰস্তুতি কৰি নিজকে মানৱতাবাদৰ অন্তৰ্ভুক্ত কৰাৰ লগতে পাৰ্থিৱ শিক্ষা লাভ কৰি সমাজ খনলৈ অৰিহনা আগবঢ়াবলৈ প্ৰকৃত মানব সম্পদ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য প্ৰদান কৰে। তেখেতৰ বক্তব্যৰ ভিতৰত বিশ্ব শান্তি আৰু বিশ্ব ভাতৃত্ববোধৰ ওপৰত পবিত্ৰ কোৰান আৰু হাদিছৰ পৰা উল্লেখ কৰি সমবেত ৰাইজক বিশ্ব শান্তি আৰু বিশ্ব ভাতৃত্ববোধৰ ওপৰত দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়।শেষত বিশ্ব শান্তিৰ বাবে সমূহীয়া ভাৱে দোৱা কৰা হয়।