সাতমাইলৰ অজিত দাসৰ পৰলোকপ্ৰাপ্তি

সাতমাইলৰ অজিত দাসৰ পৰলোকপ্ৰাপ্তি

ৰঙিলী বাৰ্ত্তাসেৱা-   মহানগৰীৰ গাড়ীগাঁও সাতমাইলৰ অৱসৰপ্ৰাপ্ত শিক্ষক অজিত দাসৰ বার্ধক্যজনিত কাৰণত সন্ধিয়া প্রায় ৬ বজাত এক্সেল কেয়াৰ হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৮ বছৰ। এগৰাকী সৎ, আদৰ্শৱান তথা ধর্মপৰায়ণ ব্যক্তি হিচাপে পৰিচিত অজিত দাস বৃহত্তৰ গাড়ীগাঁও-সাতমাইল অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ আছিল। এজন অমায়িক তথা নিজু প্ৰকৃতিৰ শিক্ষক হিচাপে পৰিচিত অজিত দাসৰ মৃত্যুত বৃহত্তৰ গাড়ীগাঁও সাতমাইল অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। শিক্ষকগৰাকীৰ মৃত্যুত গাড়ীগাঁও শ্যামৰাই নামঘৰ সমিতি আৰু গাড়ীগাঁও হৰি মন্দিৰ সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত প্রয়াত দাসে দুই পুত্র, এগৰাকী কন্যা, বোৱাৰীসহ বহু আত্মীয়-স্বজন তথা গুণমুগ্ধ ইহসংসাৰত এৰি যায়।