সহ্যৰ সীমা – অঞ্জুমণি শইকীয়া

pc The Messianic Prophecy Bible Project

সহ্যৰ সীমা
( এজন প্ৰাক্তন ছাত্ৰৰ সঁচা কাহিনী )

৪ ৰ্থ শ্ৰেণীলৈকে মই ব্যক্তিগত বিদ্যালয়ত পঢ়িছিলো ৷ পঞ্চম শ্ৰেণীত দেউতাই চাকৰি বদলি হোৱা ঠাইলৈ নি ব্যক্তিগত স্কুল এখনত নাম লগাই দিলে ৷ লগতে দেউতাই সতৰ্ক কৰি ক’লে — “ স্কুলৰ পৰা যাতে আপত্তি শুনিবলগীয়া নহয় ৷ “ মায়ে মৰমেৰে ক’লে — “ ল’ৰা – ছোৱালীৰ লগত কাজিয়া নকৰিবি ৷ কোনোবাই বেয়া ব্যৱহাৰ কৰিলে ছাৰ বা বাইদেউক ক’বি ৷ মনত ৰাখিবি — পঢ়িবলৈহে গৈছ ৷ এনেকুৱা কাম নকৰিবি , যিটোৱে তোৰ ছাত্ৰ জীৱন নষ্ট কৰিব ৷ ”

কেইদিনমানৰ পিছত স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীয়ে দেউতাক গোচৰ দিলে — মই প্ৰাৰ্থনা কৰোঁতে কথা পাতিছিলো বুলি ৷ মোৰ লগৰটোৱে কিবা কৈ আছিল , মই মুখেৰে মতা নাছিলো ৷ বাইদেউৱে কথাটো বিশ্বাস নকৰিলে ৷ দেউতাই মোৰ কথা শুনিবলৈ নিবিচাৰি খঙেৰে বাইদেউৰ ভৰিত ধৰি ক্ষমা খুজিবলৈ ক’লে ৷ দেউতাৰ আদেশ পালন কৰি মই ভৰিত ধৰি ক’লো , “ মোক ক্ষমা কৰক ৷ আজিৰ পৰা এনেকুৱা নকৰোঁ ৷ ”

মোৰ লগৰ কেইজনমানে মোক যেতিয়াই তেতিয়াই বেয়া কথা কৈ জোকাইছিল ৷ তাৰে এজনে মোক চিনেমাত দেখুৱাৰ দৰে আঁতৰৰ পৰা জোৰেৰে দৌৰি আহি তাৰ মূৰটোৱে মোৰ পেটত খুন্দিয়াইছিল ৷ কেতিয়াবা পিঠিত ভুকুৱাইছিল , কেতিয়াবা বুকুত ঘোচা মাৰিছিল ৷ মই শিক্ষক বা ঘৰতো এই কথা জনোৱা নাছিলো ৷ শিক্ষকৰ ওপৰত বিশ্বাস নাছিল যে মোক ন্যায় দিব ৷ দেউতাক ক’লে মোকহে পিটিব ৷ মাক ক’লে দেউতাই জানিব ৷ স্কুললৈ যোৱাৰ দিনা ঘৰলৈ আহি বুকু , পিঠি , পেটৰ বিষত কেঁকাইছিলো ৷ মায়ে বিষৰ মলম সানি সুধিছিল , “ স্কুলত কোনোবাই মাৰিছিল নেকি ? দৌৰাদৌৰি কৰোঁতে বেঞ্চত দুখ পাইছিলি নেকি ? পৰিছিলি নেকি ? ” মই মাথোঁ “নহয় ” বুলি কৈছিলো ৷ এনেকৈ তিনিবছৰ পাৰ হ’ল ৷

এদিন ঘৰৰ ওচৰৰ খেল এখন চাবলৈ দাদাৰ লগত গৈছিলো ৷ তাত মোৰ লগৰ ল’ৰা এটাই দাদাক সকলো কথা কৈ দিলে ৷ দাদাই মোক সুধিলত মই “ হয় ” বুলি ক’লো ৷ মায়ে কথাবোৰ জানি খং আৰু দুখত চকুৰ পানী টুকি মোক সুধিলে , “ কিয় মোক কথাবোৰ কোৱা নাছিলি ? কিবা যদি ঘটনা হ’ল হেঁতেন ! ” মই ক’লো , “ তোমাক ক’লে দেউতাক ক’বা আৰু দেউতাই মোকহে পিটিব ৷ ” কথাবোৰ জানি দেউতাই স্কুল ছুটীত মাৰপিট কৰা ল’ৰাজনক মৰমেৰে বুজাই মোৰ লগত হাত মিলাই দিলে ৷

কাহিনী ইমানতে শেষ নহ’ল ৷ এজন ল’ৰাই মোক বেয়া কথা কৈ থকাৰ কাৰণে মাক ক’লো ৷ মায়ে ল’ৰাজনৰ দেউতাকক ফোন কৰি জনাই দিলে ৷ দেউতাকে তাক শাসন কৰিলে যদিও পিছদিনা লগৰ কেইটামানক লগত লৈ মোক ক’লে , “ ই মাইকী ৷ আমাৰ লগত নোৱাৰে ৷ দম নাই কাৰণে মাকক গোচৰ দিয়ে ৷ ” বৰ্ডত মোৰ নামটোৰ সৈতে মাইকী বুলি লিখি মোক হাঁহে ৷ মই যিফালে যাওঁ ভৰিটো পাতি দিয়ে ৷ ফলত হামখুৰি খাই পৰো ৷ পিঠিত ছাৰ্টৰ ওপৰত কলমেৰে বেয়া কথা লিখে ৷ স্কুল ছুটীত মোক বেলেগ স্কুলৰ ল’ৰাৰ হতুৱাই মাৰিবলৈ সাজু হৈ থাকে। মই ৰাষ্টা সলাই পলাই আহি ঘৰ পাওঁহি ৷

এদিন মোৰ সহ্যৰ সীমা পাৰ হৈ গ’ল ৷ মোৰ মা – দেউতাক বৰ বেয়াকৈ গালি দিলে ৷ কান্দি কান্দি মই ঘৰলৈ আহিলো যদিও ঘৰত নক’লো ৷ ৰাতি মোৰ টোপনি নাহিল ৷ পিছদিনা স্কুললৈ ওলাওঁতেই শপত খালো — “ আজি ইহঁতক ভালকৈ পিটিম ৷ মাৰিও যাম , মৰিও যাম ৷ ” স্কুলত সুবিধা বুজি মোৰ লগত গোটেইকেইটা কাঁজিয়া কৰিবলৈ আহিল ৷ প্ৰথমতে মই মা – দেউতাক গালি পৰাটোক পকাত পেলাই ডিঙিত টেপা মাৰি ধৰি সুধিলো ৷ “ কালি মোৰ মা – দেউতাক কি বুলি কৈছিলি ? ” পিছফালৰ পৰা লগৰকেইটাই মোক য’তে ত’তে মাৰিবলৈ ল’লে ৷ সিহঁত সাতটা , মই অক’লে ৷ কাঠৰ ডাঙৰ টুকুৰা এটা পাই এফালৰ পৰা মৰিয়াই গ’লো ৷ এটাৰ গাল ফুলিল , এটাই দাঁতত দুখ পালে , এটাই পেস্ৰাৱ কৰা ঠাইত হাতেৰে ধৰি উঃ বুলি চিঞৰি উঠিল ৷ তাৰপিছত আকৌ মা দেউতাক গালি পৰাটোক দুয়োখন হাতেৰে জোৰেৰে টেপা মাৰি ধৰিলো ৷ সি উশাহ নাপাই চটফটাবলৈ ধৰিলে ৷ মোৰ লগৰ বন্ধু দুটাই মোক এৰুৱাই আনি ক’লে , “ ঐ, মৰি থাকিব ৷ ” মোৰ মাৰ সতৰ্কবাণীলৈ মনত পৰিল , “ এনেকুৱা কাম নকৰিবি … …….৷ ”

সেইদিনাৰ পৰা মোক নোজোকোৱা হ’ল ৷

******

অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ৷