সহায় বিচাৰি কাতৰ আহ্বান পদপথৰ ব্যৱসায়ী মুকুল বৰ্মনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ পদপথত এখন সৰু দোকান দি কোনোমতে নিজৰ পৰিয়ালটো পোহপাল দি অহা এগৰাকী পদপথৰ ব্যৱসায়িক এতিয়া আপোনাৰ -মোৰ সহায়ৰ প্ৰয়োজন ।ইতিমধ্যে লোকজনে সামাজিক মাধ্যমৰ জৰিয়তে সহায় বিচাৰি কাতৰ আহ্বান জনাইছে । উল্লেখযোগ্য মহানগৰীৰ মেঘদূত ভৱনৰ সমীপত এখণ দোকান দি পৰিয়াল পোহপাল দি অহা মুকল বৰ্মন হঠাতে spinal Tumon নামৰ ৰোগবিধত আক্ৰান্ত হোৱাত অচল হৈ পৰে দুয়োখন ভৰি ফলত বিগত কেইবাদিন ধৰি বিচনাতে দিন কটাব লগীয়া হৈছে মুকূল বৰ্মনে । ইপিনে চিকিৎসাৰ বাবে কেইবালক্ষ ধনৰ প্ৰয়োজন হোৱাত দিশহাৰা হোৱা পৰিয়ালটোৱে অনুষ্ঠান, প্ৰতিষ্ঠান ,দল সংগঠনৰ লগতে চৰকাৰ আৰু হৃদয়বানৰ লোকৰ সহায় বিচাৰিছে।ইচ্ছুক সকলে মুকুল বৰ্মনৰ পত্নীৰ বেংক একাউণ্ট 50220015900350 Ifsc no 781750002 BDBL0001224 নাইবা paytm id 6003259966 দিব পাৰিব সহায়ৰ ধন ।