সম্প্ৰীতি , সমন্বয় আৰু একতাৰ অসমৰ দুটি চিত্ৰ আৰু কিছু চিন্তা- ফখৰুদ্দিন আহমেদ

Pc Becoming Better

সম্প্ৰীতি , সমন্বয় আৰু একতাৰ অসমৰ দুটি চিত্ৰ আৰু কিছু চিন্তা

ফখৰুদ্দিন আহমেদ

(১)

প্ৰকৃত তাৰিখ আৰু বাৰ মনত নাই যদিও এয়া ইং ১৯৯৬/৯৭ চন মানৰ কথা। দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দুখনি গাওঁ সানোৱা আৰু ৰাজাপুখুৰীৰ ঠিক সীমাত থকা ৰাজাপুখুৰী গাৱঁৰ সুৰথ নাথ দাদাৰ চন পৰি থকা মাটি ডৰাত সানোৱা ইউনাইটেড্ ক্লাবৰ উদ্যোগত এখনি ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। উক্ত প্ৰতিযোগিতা খনি ঠিকে ঠিকেই আগবাঢ়ি গৈ ফাইনেল খেলৰ দিন পালে গৈ। ফাইনেল খেল খন অনুষ্ঠিত হৈছিল হাজৰিকাপাৰা ৰাইজিং ক্লাব আৰু সানোৱা ইউথ্ ক্লাবৰ মাজত। খেল খন উপভোগ কৰা মনত আছে যদিও সঠিক ভাবে কোনটি বিজয়ী হৈছিল বিশেষ মনত নাই। খেল সমাপ্তিৰ পিছত আৰম্ভ হৈছিল ট্ৰফী বিতৰণ অনুষ্ঠানৰ। কাৰ্যসূচী অনু্যায়ী সানোৱা ইউনাইটেড্ ক্লাবৰ সম্পাদক গৰাকীয়ে সভাৰ সভাপতি গৰাকীক বৰণ কৰা কাৰ্যসূচী আৰম্ভ কৰিছিল। সানোৱা ইউনাইটেড্ ক্লাবৰ তৰফৰ পৰা সভাৰ সভাপতি হিচাপে আমন্ত্ৰণ জনোৱা শিক্ষাবিদ , সমাজ সেৱক , ক্ৰীড়া সংগঠক আৰু সু অভিনেতা উপেন নাথ দাদা খেলপথাৰত উপস্থিত আছিলেই। তেখেতৰ ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা খেল পথাৰ খনৰ নিচেই ওচৰতে। সম্পাদক গৰাকীয়ে সভাপতি বৰণ কৰিবলৈ গৈ ঘোষণা কৰিলে ” আজিৰ পুৰষ্কাৰ বিতৰণ অনুষ্ঠানটিত সভাপতিত্ব কৰিবলৈ আমন্ত্ৰণ জনোৱা শ্ৰদ্ধাৰ ব্যক্তি গৰাকী আমাৰ মাজত উপস্থিত আছে।মই তেখেতক সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো ।তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ উপেন আলি চাহেব। খেলুৱৈ , দৰ্শক আৰু ৰাইজৰ মাজত হাঁহিৰ ৰোল উঠিল। উপেন নাথ দাদাই মুখত এমোকোৰা হাঁহি লৈ সভাপতিৰ আসনত উপবিষ্ট হৈ ক’লে ” নাই , সকলো ঠিকে আছে”। এই ভুলটিৰ কাৰণ আছে। সানোৱা হৈছে এশ শতাংশ মুছলমান প্ৰধান গাঁও।লগতে উপেন নাথ দাদাৰ ঘৰ সানোৱাৰ পুব ফালে কিন্তু ৰাজাপুখুৰী গাৱঁৰ একেবাৰে পশ্চিম মুৰত। বিয়া সবাহ ইত্যাদিত সানোৱা আৰু ৰাজাপুখুৰীৰ ৰাইজৰ মাজত ভাল আহ্ যাহ্ তেতিয়াও আছিল আৰু এতিয়াও আছে।কেৱল বিয়া সবাহতেই নহয় ,মৰন জীয়নৰ সকলো কাৰ্যতে দুয়োখন গাৱঁৰ ৰাইজৰ মাজত থকা অভিন্নতাই আছিল সেই ভুলৰ প্ৰধান উৎস। তাতে দুয়োখন গাৱঁৰ মাজত থকা সুত্ৰধাৰ সকলৰ অন্যতম আছিল উপেন নাথ দাদা।

(২)

স্বাধীনতাৰ অমৃত মহোৎসব উদ্যাপনৰ বাবে মোক ১২ আগষ্ট , ২০২২ তাৰিখ শুক্ৰবাৰে আমন্ত্ৰণ জনাইছিল দক্ষিন পশ্চিম ছিপাঝাৰ অঞ্চলৰ এখনি ঐতিহ্যমণ্ডিত গাওঁ কুৰুৱালৈ। ছিপাঝাৰ উন্নয়ণ খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত গঠিত হোৱা মহামিলন মণ্ডল পৰ্যায়ৰ সংগঠনটিয়ে। তেখেত সকলে এই স্বাধীনতাৰ অমৃত মহোৎসবৰ কাৰ্যসূচীটো পশ্চিম কুৰুৱাৰ বৰনৈ গ্ৰাম্য সংগঠনৰ উদ্যোগত অনুষ্ঠিত কৰিছিল। স্থান আছিল আশ্ৰয় শিবিৰ গৃহ , পশ্চিম কুৰুৱা । গুৱাহাটী মহানগৰীৰ সৈতে কুৰুৱাৰ যোগাযোগ সুলভ হ’লেও দৰং জিলাৰ ছিপাঝাৰ বা মঙ্গলদৈৰ সৈতে কিছু দুৰ্গম । সেয়ে সময়তকৈ আগতীয়া ভাবে নিৰ্দিষ্ট স্থানত উপনিত হোৱাৰ লক্ষ্যৰে ৰাওনা হ’লো। ইতিমধ্যে স্বাধীনতাৰ অমৃত মহোৎসবৰ কাৰ্যসুচী মহামিলন মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী ভুবনেশ্বৰী দাসৰ সভানেত্ৰীত্বত সভা আৰম্ভ হৈছিল।মহামিলন সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ হৈ কুৰুৱাত উপস্থিত হৈছিল সম্পাদিকা হাচনা আৰা বেগম আৰু কোষাধ্যক্ষা মিনাৰা বেগম। চিনাকী পৰ্ব পৰিচালনা কৰিছিল বৰনৈ গ্ৰাম্য সংগঠনৰ এগৰাকী বিষয়ববীয়াই। সকলোৰে চিনাকী ঠিকে ঠাকে হৈ গৈ মোক চিনাকী কৰি দিবলৈ গৈ পৰিচালিকাই মোৰ নামটিৰ শেষত মোৰ উপাধী “আহমেদ”ৰ সলনি “দাস” বুলি ঘোষণা কৰিলে। সভানেত্ৰী দাসে এই কাৰ্যত অসহজবোধ অনুভব কৰাৰ লগতে উপস্থিত মহিলা সকলেও কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। মই কিন্তু বৰ ভাল পালো। উক্ত দিনটোক মোৰ জীৱনৰ এটি উল্লেখনীয় দিন হিচাপে ধৰি ল’লো। মই মোৰ বক্তব্যত উল্লেখ কৰি ক’লো ” এই বিশ্বত সকলো মানুহেই সৃষ্টিকৰ্তাৰ দাসেই হয়। মুছলমান সকলৰ নামৰ শেষত থকা উপাধিটো আৰবীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিলে প্ৰায় ভাগৰ দাসেই হ’ব গৈ।” ইয়াৰ উপৰিও আত্ম সহায়ক গোটৰ পৰা আৰম্ভ কৰি মণ্ডল পৰ্যায়ৰ সংগঠনলৈকে বিশেষভাবে মহিলা সকল কি ধৰণে স্বাৱলম্বী হ’ব পাৰিব তাৰ ওপৰটো কিছু বক্তব্য প্ৰদান কৰিলো। ছিপাঝাৰ উন্নয়ণ খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প পৰিচালক প্ৰণব টাইড , খণ্ড সমণ্বয়ক কঙ্কণ ডেকা , ৰাজেশ সুত্ৰধৰ , পলাশ শইকীয়া আৰু অনিল ডেকাই অহৰ্নিশে ছিপাঝাৰ উন্নয়ণ খণ্ডৰ এলেকাধীন আত্ম সহায়ক গোট , গ্ৰাম্য সংগঠন আৰু মণ্ডল পৰ্যায়ৰ সংগঠনৰ অধীনৰ মহিলা সকলক স্বাবলম্বী কৰাৰ ক্ষেত্ৰত দায়িত্ব পালনত কোনো ত্ৰুটি নকৰাৰ বিষয়ে মহামিলন মণ্ডল পৰ্যায়ৰ সংগঠনটিৰ বিষয়ববীয়া সকলৰ পৰা জানিব পাৰি অতিশয় আনন্দিত হ’লো। “নাৰী শক্তি মহান শক্তি” এই আপ্তঃ বাক্যষাৰী অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ দ্বাৰা ৰূপায়িত হোৱাৰ পথত তীব্ৰ গতিত অগ্ৰসৰ হৈছে। এয়া অসম চৰকাৰৰ এটি ইতিবাচক পদক্ষেপ বুলি উল্লেখ কৰিব পাৰি। স্বাধীনতাৰ অমৃত মহোৎসব উপলক্ষে আয়োজিত এই অনুষ্ঠানটি সফল ভাবে সম্পন্ন হৈছিল। এয়া হৈছে শান্তি , সম্প্ৰীতি আৰু একতাৰ অসমত সততে পোৱা চিৰ যুগমীয়া আৰু আদৰ্শনীয় ঘটনা।এনে ধৰণৰ ঐক্য বান্ধোনৰ সেতু ৰচিত হৈছিল অসমৰ সমাজ জীবনৰ মহা সংগঠক মহসপুৰুষ শ্ৰীমন্ত শংকৰ দেব , শ্ৰী শ্ৰী মাধব দেব আৰু পীৰ আজান ফকিৰৰ দ্বাৰা। কোনো অপশক্তিয়ে এই সকল সন্তৰ পবিত্ৰ হাতেৰে নিৰ্মিত শান্তি , সম্প্ৰীতি আৰু একতাৰ সৌধক নিচিহ্ন কৰিব নোৱাৰিব ।

কিছু চিন্তা

উৎসবমুখৰতা হৈছে জাতি ধ্বংশৰ মূল কাৰণ। অসম তথা ভাৰতত সাম্প্ৰতিক সময়ত উৎসবমুখৰতাই গা কৰি উঠিছে। চৰকাৰে হিতাধীকাৰী সৃষ্টিত মনোনিবেশ কৰিছে , সামগ্ৰীৰ মূল্যই আকাশ চুইছে , হাজাৰ কৌটি টকা ধাৰ লোৱা সকল বিদেশলৈ পলাই গৈ আৰামী জীৱন কটাইছে আৰু ভাৰতত থকা হাজাৰ কৌটি টকীয়া বিত্তবান সকলৰ বেংকৰ ঋণ চৰকাৰে মাফ কৰাৰ ব্যবস্থা কৰিছে । এই সকলোবোৰে মিলি অসম তথা ভাৰতবৰ্ষৰ প্ৰকৃত উন্নয়ণত বাধা আৰোপ কৰাৰ বিপৰীতে ৰাজনৈতিক নেতা সকলৰ ভোট বেংকৰ উন্নয়ণ হে পৰিলক্ষিত হৈছে। সেয়ে অসমৰ ৰাইজ সজাগ হোৱাৰ লগতে ৰাইজে নিৰ্বাচিত কৰি পঠিওৱা জন প্ৰতিনিধি সকলৰ ভুলবোৰ সৎ সাহসিকতাৰে আঙুলিয়াই দিব পাৰিব লাগিব। তেতিয়াহে স্বাধীনতাৰ অমৃত মহোৎসব কাৰ্যসূচী সফল হ’ব আৰু দেশ সকলো দিশতে উন্নয়ণমুখী হ’ব।