সমাজৰ দায়বদ্ধতাত চাহ ব্যৱসায়ী গোবিন চন্দ্ৰ দেৱ গোস্বামী- অঞ্জু শাণ্ডিল্য

সমাজৰ দায়বদ্ধতাত চাহ ব্যৱসায়ী গোবিন চন্দ্ৰ দেৱ গোস্বামী

বোকাখাত নগৰৰ সমীপৰ এখন নকৈ স্থাপন কৰা চাহ বাগিচা ।চাহ বাগিচাৰ মাজত খেৰ-বাঁহৰ ঘৰ এটা সাজি এজন সুদৰ্শন যুৱকে চাহ – বাগিচাখন পৰিচালনা কৰিবলৈ লয়। নতুনকৈ আৰু চাহপুলি ৰোপন কৰে। দুবছৰমানৰ পিছত ফেক্টৰীও সাজে। কেইবছৰমানৰ ভিতৰতে চাহবাগিচাখনে উন্নতিৰ ফালে গতি কৰিলে ।সেই সুদৰ্শন যুৱকজন আছিল শ্ৰী শ্ৰীকুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ যোগানন্দ দেৱ গোস্বামীৰ কনিষ্ঠ পুত্ৰ। ঐতিহ্য মণ্ডিত চাৰিসত্ৰৰ এখন কুৰুৱাবাহী সত্ৰ ।সেই সত্ৰৰ গোসাঁই ঈশ্বৰে চাহ-ব্যৱসায়ত হাত দিছে । সত্ৰীয়া ৰীতি –নীতি, পৰম্পৰাৰ মাজত থাকিও ব্যৱসায়-বাণিজ্য সফলৰূপে চলাব পাৰি, সেয়া গোঁসাই ঈশ্বৰে প্ৰমাণ কৰি দেখুৱালে ।১৯৩৭ চনৰ ৫মে’ত যোগানন্দ দেৱ গোস্বামীৰ কনিষ্ঠ পুত্ৰ গোবিন চন্দ্ৰ দেৱ গোস্বামীৰ জন্ম হৈছিল । সেইদিনা আছিল বৃহস্পতিবাৰ । বৃহস্পতি হেনো লক্ষীদেৱীৰ দিন ।পাছলৈ লক্ষীদেৱীয়ে লগ এৰা নিদিলে।সত্ৰতে পিতৃয়ে প্ৰতিষ্ঠা কৰা প্ৰাইমেৰী স্কুলত বিদ্যাৰম্ভ কৰি, সত্ৰৰ এম ই স্কুলৰপৰা উৰ্ত্তীণ হৈ বোকাখাত হাইস্কুলত পঢ়ে । যোৰাহাট জে বি কলেজৰ পৰা আই এ পাছ কৰি টোকোলাই চাহ-গৱেষণা কেন্দ্ৰত প্ৰশিক্ষণ সমাপ্ত কৰি, সত্ৰৰ ল’ৰা সত্ৰলৈ ঘূৰি আহে । পিতৃয়ে প্ৰতিষ্ঠা কৰা আনন্দপুৰ চাহ-বাগিচা চলাবলৈ লয় । চাহ ব্যৱসায় সুচাৰুৰূপে চলোৱাৰ লগতে সমাজসেৱাও কৰি গ’ল । মহেন্দ্ৰমোহন চৌধুৰী মুখ্যমন্ত্ৰীৰ দিনত পঞ্চায়ত নিৰ্বাচনত জয়ী হৈ কাউন্সিলাৰ পদ লাভ কৰে।১০ বছৰ এই পদত থাকি নিজৰ সা-সুবিধাৰ বাবে চিন্তা নকৰি অনেক জনহিতকৰ কাম কৰি গ’ল। গোলাঘাট মহকুমাৰ অন্তৰ্গত বহু গাঁৱত প্ৰাইমেৰী স্কুল স্থাপন কৰিলে। কাজিৰঙা,আমটেঙাত এম ই স্কুল,নাহৰজানত এম ভি স্কুল প্ৰতিষ্ঠা কৰিলে। সৰু পথাৰ, বৰপথাৰ, চুঙাজান, সৰিয়হজান,মৰঙি, উত্তৰ মৰঙি, দক্ষিণ মৰঙি আদিত খোৱা পানীৰ ব্যৱস্থা, নলী-নাদ, ৰিং ওৱেল,দমকল আদিৰ সু- ব্যৱস্থা কৰিলে। কাজিৰঙা, কুঠৰী,দোৱাৰ,বাগৰী আদিত উৰামাকোৰ শাল, চিলাই মেচিন, উলৰ মেচিন,যতঁৰ আদি বিতৰণ কৰিলে। বিভিন্ন কৃষি ক্ষেত্ৰত পানী যোগানাৰ বাবে বিল- নদীৰ পৰা নলা খন্দোৱাই পানীৰ যোগান ধৰিলে। বোকাখাত অঞ্চলৰ উচ্চশিক্ষাৰ অনুষ্ঠান নথকাত পিতৃ যোগানন্দ দেৱ গোস্বামীয়ে কলেজ স্থাপনৰ বাবে সত্ৰৰ ভূমিদান কৰে।ভাতৃ গোপাল চন্দ্ৰ দেৱ গোস্বামীৰ সহযোগত তিনিবছৰৰ ভিতৰতে যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী(জে ডি এ ডি) কলেজ স্থাপন কৰিলে। নলবাৰীৰ ভৰত কৃষ্ণ মিশ্ৰই অধ্যক্ষৰ ভাৰ ল’লে। অধ্যক্ষক বাগিছাতে থকাৰ ব্যৱস্থা কৰাৰ লগতে অন্যান্য সা-সুবিধাও প্ৰদান কৰা হ’ল। আজি এইখন কলেজে সুনাম বৰ্তাই ৰাখিছে। বোকাখাতত সহ শিক্ষাৰ অনুষ্ঠানৰ অভাৱ হোৱাত, সেই অভাৱ দূৰ কৰিবলৈ উদ্যোগ গ্ৰহণ কৰি হাইস্কুল প্ৰতিষ্ঠা কৰে। বৰ্তমান ৰাইজ-চৰকাৰৰ সহযোগত স্কুলখনে বোকাখাতৰ শৈক্ষিক পৰিৱেশ উজ্বলাই তুলিছে।

শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্ৰত মূখ্য ভূমিকা গ্ৰহণ কৰা মানুহজনে ক’লা-সংস্কৃতিৰ ক্ষেত্ৰতো বোকাখাত অঞ্চলত উদ্যোগ গ্ৰহণ কৰে। সত্ৰীয়া কৃষ্টি-সংস্কৃতিত জড়িত হৈ নাম-কীৰ্ত্তন, গায়ন-বায়ন আদিত পাৰ্গত লোকজনে কেবাখনো নাট লিখি ভাওনা কৰাইছিল। বোকাখাত নগৰৰ মাজ মজিয়াত এটি পুৰণি নাট্যমন্দিৰ জহি-খহি গৈছিল।ডাঃ প্ৰবীন কলিতা, জিতেন বৰুৱা, তিলেশ্বৰ বৰুৱা, ভূবন কলিতা, অতুল বৰা, প্ৰভাত কাকতি আদি ব্যক্তিক লৈ নাট্যমন্দিৰ নিৰ্মাণ কমিটি গঠন কৰি, দান-বৰঙণি তুলি, নিজেও অৰ্থ ব্যয় কৰি নাট্যমন্দিৰ পুনৰ নিৰ্মাণ কৰি তোলে। নৱনিৰ্মিত নাট্যমন্দিৰত অচ্যুত লহকৰৰ ‘সতী বেউলা’ নাটক মঞ্চস্থ কৰা হয়। প্ৰথমবাৰৰ বোকাখাতত ভ্ৰাম্যমান নাট্যদলে চাৰিদিনলৈকে নাট মঞ্চস্থ কৰিলে। তাৰ পাছৰ পৰা ৰতন লহকৰৰ কহিনুৰ থিয়েটাৰ, কৃষ্ণ ৰয়ৰ আবাহন, সদা লহকৰৰ আৰাধনা আদি ভ্ৰাম্যমান নাট্যদলে নাট প্ৰদৰ্শন কৰিবলৈ ল’লে। নাট্যমঞ্চস্থ হোৱাৰ উপৰিও বিহু, পূজা আদি অনুষ্ঠিত হোৱাৰ লগতে নানা সভা সমিতি, সংস্কৃতিক অনুষ্ঠান সেই নাট্যমন্দিৰত হ’বলৈ ধৰিলে।সেই নাট্যমন্দিৰৰ পতাকা যোৱা ২৪মে’ৰ পৰা তিনিদিনলৈ অৰ্দ্ধনমিত ৰখা হ’ল। কাৰণ, নাট্যমন্দিৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত আগৰণুৱা, একালৰ সভাপতি আসন অলংকৃত কৰা গোবিন চন্দ্ৰ দেৱ গোস্বামী ২০১৯ৰ ২৪ মে’ৰ পুৱা ১০-৩০ বজাত যোৰহাট মিছন হস্পিতেলত বাৰ্দ্ধক্যজনিত ৰোগত মৃত্যু ঘটে। মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ বোকাখাত অঞ্চলত শোকৰ ছাঁ পৰে। অসমৰ ভিন্ন প্ৰান্তত থকা আত্মীয়-স্বজন শোকত ম্ৰিয়মান হৈ পৰে। মৃতদেহ সত্ৰত ৰখাৰ লগে লগে অলেখ অনুষ্ঠান, প্ৰতিষ্ঠান,ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জনায়। সত্ৰ পৰিচালনা সমিতি, বোকাখাত মহকুমা ছাত্ৰ-সন্থা, কলাসংস্কৃতি বিকাশ কেন্দ্ৰ, বোকাখাত ব্লক কংগ্ৰেছ, মহাবিষ্ণু যজ্ঞ পৰিচালনা সমিতি, ৰূপজ্যোতি সংঘ, কুৰুৱাবাহী ব্যৱসায়ী সন্থা, বোকাখাত ব্ৰাহ্মণ সমাজ, মহকুমা পালনাম সমিতি, টিকন আতা থান পৰিচালনা সমিতি, ৰজাবাৰী আঞ্চলিক নাট্য মন্দিৰ, ভাৰতীয় জনতা পাৰ্টী, কুৰুৱাবাহী ব্ৰাহ্মণ সমাজ, নেপালী সাহিত্য সভা, ৰাজগড় এম ই স্কুল, বিশ্ব হিন্দু পৰিষদ, জেষ্ঠ নাগৰিক সন্থা, কাজিৰঙা নিউজ নেটৱৰ্ক, কলিতা জনগোষ্ঠী, ইমজা, দুৰ্গা পূজা সমিতি, মহকুমা সাংবাদিক সন্থা, কমাৰ গাঁও ব্ৰাহ্মণ সমাজ, চেৰ্ম্বাচ অৱ কৰ্মাচ, বোকাখাত নাট্যমন্দিৰ, ব্যৱসায়ী সন্থা,বাৰোৱাৰী পূজা মণ্ডপ সমিতি, পুৱতি সাহিত্য সভা, চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়, কাজিৰঙাৰ মৌজাদাৰ, মহকুমাধিপতি বিবেক শ্যাম, সহকাৰী আয়ুক্ত ৰণময় ভৰদ্বাজ, ৰোহিনী বল্লভ গোস্বামী আদি অনেকে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। তাৰ পাছত মৃতদেহ ‘যোগানন্দদেৱ সত্ৰাধিকাৰ গোস্বামী’ মহাবিদ্যালয়লৈ অনা হয়। ইয়াতো অন্যান্য লোকৰ লগতে মহাবিদ্যালয় পৰিয়ালে শেষ শ্ৰদ্ধা জনায়। শোকাকুল অনেক সোঁৱৰণ কৰে, মানুহজনৰ পৰোপকাৰিতা, সহায় আৰু সমাজৰ বাবে আগবঢ়োৱা অৱদানৰ কথা। চাহখেতিৰ লাভাংশৰ টকা মানুহজনে পৰিয়ালৰ বাবে মাথো খৰছ কৰা নাছিল।আত্মীয় স্বজন, দৰিদ্ৰ লোক আৰু সমাজৰ গঠন মূলক কামত ব্যয় কৰিছিল। সেই কথা সুৱৰি বহুজনে হুকহুকাই কান্দি উঠে। পৰিয়ালক সমবেদনা জনাবলৈ আনন্দপুৰ চাহ বাগিচাৰ ঘৰতো মানুহে নধৰা হয়। অনেক গুণমুগ্বই ভিৰ কৰে।

কিমানজনক যে সহায়ৰ হাত আগবঢ়াইছিল মানুহজনে! কথাবোৰ মনত পৰি বহুতেই উচুপি উঠিল। মানুহজনৰ মৃত্যুৰ বাতৰি পাই আমিও শোকত অভিভুত হৈ পৰোঁ।আমাৰ বিয়া হৈছিল গুৱাহাটীত। দৰাৰ ঘৰ গুৱাহাটীত হোৱা বাবে দৰাপক্ষই শ্ৰীশ্ৰী কামাখ্যা মন্দিৰত বিয়া পতাৰ সিদ্ধান্ত লয়।যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ বিয়া পতা, তাকো শ্ৰীশ্ৰী কামাখ্যা মন্দিৰত! দেউতা,দাদাহঁতে এঠাইৰ পৰা আন এঠাইলৈ গৈ বিয়া পাতিবলৈ আও ভাও পোৱা নাছিল, কিন্তু গোস্বামীদেৱে বিয়াৰ দুদিন আগতে গুৱাহাটীলৈ গৈ দেউতা-দাদাহঁতক মনত সাহস দিছিল।বিয়া হৈ যোৱাৰ পাছতো দুদিন থাকিল সকলো থান-থিত লগাইহে বোকাখাতলৈ উবতি আহিছিল।অথচ মানুহজনৰ সৈতে আমাৰ তেজ-মঙহৰ সম্বন্ধ নাছিল। তেখেতৰ ভতিজী আমাৰ ডাঙৰ বৌ। সেইসূত্ৰে আমি খুড়াদেউ সম্বোধন কৰিছিলোঁ। আপোন খুড়াৰ দৰেই আমাক মৰম স্নেহ কৰিছিল। আমাৰ পৰিয়ালৰ বিপদ আপদত ঢপলিয়াই আহিছিল। তেখেতে এষাৰ কথা কৈছিল। বহুত দিনৰ আগতে। কিন্তু আজিও কথাষাৰ মনত পৰে আৰু এইষাৰ কথাই বহুতকে সমাজৰ প্ৰতি দায়বদ্ধ হ’বলৈ প্ৰেৰণা দিব-

“মই জন্মৰ পাছত যেতিয়া কৰ্মৰত হ’লো সেইসময়ৰ পৰা যিখিনি ৰাজহুৱা কাম কৰি ৰাইজলৈ আগবঢ়ালো সেইখিনিয়ে যেন পিছৰ পুৰুষক আৰু তেওঁলোকৰ সতি সন্তানক জীৱনত আগবাঢ়ি যাবলৈ ইচ্ছা যোগায় তেতিয়াহে মোৰ অন্তৰ আত্মাই শান্তি পাব।”
উত্তৰ পুৰুষৰ বাবে এইজন সমাজসেৱীলোক আদৰ্শ হৈ ৰ’ব।

অঞ্জু শাণ্ডিল্য,
হাতীগাঁও