সমাজত যৌতুক এক সামাজিক ব্যাধি
অনামিকা(সংগীতা) কলিতা,শুৱালকুছি
হয়, এক সামাজিক ব্যাধি। আমাৰ ভাৰতীয় নাৰী সকলৰ ওপৰত তাহানিৰে পৰা মানসিক চাপ বহন কৰি আহিছে। যাৰ কাৰণে বহুতো পৰিয়ালত ছোৱালী জন্ম পালে আনন্দৰ সলনি মাক -দেউতাকৰ হৃদয়ত ভৱিষ্যতক লৈ সংকিত হয় ।একবিংশ শতিকাৰ প্ৰযুক্তিবিদ্যাৰ যুগতো যেন মানুহৰ মনবোৰ কিছুক্ষেত্ৰত এতিয়াও জ্ঞানৰ পোহৰ পোৱা নাই,যাৰ কাৰণে যৌতুক নামৰ সামাজিক ব্যাধিটো এতিয়াও খোপনি পুতি আছে ।ইয়াক নিৰ্মূল কৰিবলৈ আমাৰ নাৰী সকলৰ সহযোগ লাগিব,সকলো একত্ৰিত হৈ ইয়াৰ বিপক্ষে থিয় দিব লাগিব ।নহ’লে ফুলকুমলীয় কন্যা সন্তান বোৰক, আমি মৃত্যু মুখলৈ ঠেলি দিয়াৰ অভিপ্ৰায় বোৰক বাট মুকলি কৰি দিয়া হব ।
এটি সন্তানক তিলতিলকৈ ডাঙৰ কৰি উপযুক্ত হওঁতে এখন ঘৰলৈ বিয়া দি আনৰ হাতত তুলি দিওঁতে,মাক – দেউতাকে হৃদয়ত কিমান দুখ সহ্য কৰে। আমি প্ৰায়ে টিভি বাতৰিত দেখো যৌতুকৰ বাবেই কিছুমান ন -বোৱাৰীক জীৱন্তে জ্বলাই দিয়ে আৰু কিছুমানে আত্মহত্যা কৰে বা শহুৰৰ পৰিয়ালে তেনে ৰূপ দিয়ে । গতিকে এই সামাজিক ব্যাধি প্ৰতিৰোধ কৰিবলৈ হ’লে
১|আমি সৰুৰে পৰা ল’ৰা-ছোৱালীৰ মাজত ভেদাভেদৰ প্ৰাচীৰ ৰাখিব নালাগে।
২| ছোৱালীক পঢ়াই শুনাই সিহঁতৰ মন পচন্দৰ বৃত্তিৰে স্বাৱলম্বী কৰি তুলিব লাগিব।
৩|সিহঁতৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ সুবিধা কৰি দিব লাগিব।
এনেকৈয়ে কিছুমান ব্যৱস্থাৰ দ্বাৰা এই সামাজিক ব্যাধি প্ৰতিৰোধ কৰিব পাৰিম ।