সময় বৰ নিষ্ঠুৰ – আয়নাল হক

PC - iStock
সময় বৰ নিষ্ঠুৰ
আয়নাল হক, ধুবুৰী
লহ্ পহকৈ বাঢ়ি অহা হেঁপাহবোৰে
এদিন আকাশ চুমিছিল।
ৰামধেনুৰ সাতো ৰঙেৰে
বৰ্ণিল সেই দিনবোৰ
কিমান যে আপোন আছিল !
খোজে প্ৰতি শিপাইছিল
এটি এটি নতুন আশা
সেউজীয়া পৃথিৱীখনৰ মোহত
সৃষ্টি হৈছিল ন ন মালিতা।
ভাল লাগিছিল আকাশখন
জোনাকত সুহুৰি বজাই
হাতীপটিদেশৰ তৰাবোৰক
মাতিছিলোঁ হাত-বাউলি।
পলাশ-ৰঙী বাসনাই
মুক্ত কৰা অনুভৱী পৃথিৱীখন
স্পন্দিত হৈছিল হৃদয় ভৰি !
শুকুলা মেঘৰ দলিচাত
সপোনৰ ছবি আঁকি আঁকি
উজাগৰী হৈছিল বহু ৰাতি।
সৌভাগ্যশালী বুলি গৌৰৱত
বিৰিঙিছিল ওঁঠৰ হাঁহি !
এবাৰো ভবা নাছিলোঁ
সময় যে ইমান নিষ্ঠুৰ হ’ব পাৰে বুলি।
কাঢ়ি নিলে সকলো
সপোনবোৰ থেকেচি থেকেচি পেলালে মোহাৰি–।
এতিয়া মৰুৰ তপ্ত বালিত
সংকুচিত মোৰ দুভৰি
পদপথেৰে আজি অঘৰী যাত্ৰা
নিষ্ঠুৰ সময়ে দিয়া অপ্ৰাপ্তিবোৰকে বুটলি…।