সময়ৰ টিকনিডাল হেনো আগ ফালে? – নাচিমা য়াচমিন

সময়ৰ টিকনিডাল হেনো আগ ফালে?

 নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

সময় , এক অমূল্য আৰু অপাৰ সম্পদ। ইয়াক বোৱতী নৈৰ লগত তুলনা কৰা হয়। সময় সদায় বৈ যায়, কাৰোলৈকে নৰয়। ইয়াৰ ক’ৰবাতো বৰ্ধিত আৰু পুনৰাবৃত্তিৰ কোনো সম্ভাৱনা নাই।
সময়ৰ মূল্য বুজা মানে আমাৰ মানৱ জীৱনৰ প্ৰকৃত মূল্য বুজা। ইয়াৰ সদ্ব্যৱহাৰৰ ওপৰত আমাৰ মানৱ জীৱনৰ গুণগত মান, সফলতা, আৰ্থিক অৱস্থা আদি সকলোবোৰ নিৰ্ভৰ কৰে। সময়ৰ সঠিক মূল্যায়নে আমাৰ কৰ্ম, ধৰ্ম আৰু সম্পৰ্কৰ ক্ষেত্ৰত এক গভীৰ চিন্তা আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰে।
সময় যিহেতু এটি অবিৰত স্ৰোত, এই সম্পদৰ নৱীকৰণ অসম্ভৱ। এবাৰ অপচয় কৰিলে কেতিয়াও সেই সময় কণ  কেতিয়াও ঘূৰি নাহে। বৰঞ্চ ই আমাক অনুসূচনাত ডুবাই মাৰে।
সাধাৰণতে আমাৰ নাৰী জাতিৰ মূৰৰ টিকনি ডাল পিছফালে হে থাকে। কিন্তু কবিয়ে নাৰীৰ টিকনিৰ লগত সময়ৰ টিকনিৰ মাজত পাৰ্থক্য দেখুৱাই কৈছে যে,, ” সময়ৰ টিকনি হেনো আগ ফালে থাকে”। ইয়াৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে,,, আমি কিবা এটা কৰ্ম বা সিদ্ধান্ত লোৱাৰ নিৰ্দিষ্ট সময়টি আহি পোৱাৰ আগতেই সেই বিষয়ে সাজু হৈ থাকিব লাগে। সময়ৰ লগত ফেৰ মাৰিব হ’লে আমি তিনিটা মাছৰ কাহিনীৰ “অনাগত বিধাতা” হোৱাটো প্ৰয়োজনীয়। সকলো মানু্হৰ প্ৰত্যুৎপন্নমতিৰ দৰে তৎক্ষণাৎ বুদ্ধি প্ৰয়োগ কৰাৰ শক্তি নাথাকিবও পাৰে। গতিকে সময়ৰ সোঁতত বিলুপ্ত হোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সময়ৰ অপচয় নকৰি সঠিক ভাৱে ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী। নহ’লে যদভৱিস্যতৰ দৰে বিপদত পৰিব লগা হৈ কেতিয়াবা মৃত্যুক আহ্বান কৰিবলগীয়াও হ’ব পাৰে।
কেতিয়াবা কিছুমান ক্ষেত্ৰত সময়ৰ উপযুক্ত মূল্যায়ন কৰাটো কেৱল জৰুৰীয়েই নহয়, ইয়াৰ অবিহনে আমাৰ দৈনন্দিন জীৱনত বহুত  প্ৰভাৱ পৰিব পাৰে।  উদাহৰণ স্বৰূপে –  ৰেল গাড়ীৰে কোনোবা এখন ঠাইত যাবলৈ হ’লে ৰেল গাড়ী অহা নিৰ্দিষ্ট সময়ৰ কিছু আগতেই ষ্টেচনত গৈ উপস্থিত হ’ব লাগে। এক মিনিট সময় পলম হ’লেই  ৰেল যাত্ৰাৰ পৰা বঞ্চিত হৈ বহুতো সমস্যাৰ উদ্ভৱ হ’ব পাৰে।
যোদ্ধা নেপোলিয়ন বোনাপাৰ্ট ৱাটালু যুদ্ধত পৰাজিত হৈছিল ,কাৰণ -যুদ্ধস্থল আহি পাবলৈ তেখেতৰ সৈন্য বাহিনী পাঁচ মিনিট সময় পলম কৰিছিল। সময়ৰ সঠিক মূল্য নুবুজাৰ ফলত তেখেত পৰাজিত যোদ্ধা ৰূপে ইতিহাসৰ পাতত সদা পৰিচিত হৈ আছে।
আনহাতে, বীৰ লাচিত বৰফুকন । তেখেতে মোগলৰ বৃহৎ সংখ্যক সেনা বাহিনী অসমলৈ সোমোৱাৰ পৰা বিৰত ৰাখিবলৈ ৰাতিটোৰ ভিতৰতে গড় নিৰ্মাণ কৰাৰ দায়িত্ব নিজৰ মোমায়েকক দিছিল।  মোমায়েকে নিজা দায়িত্বৰ পৰা হাত সাৰিবলৈ এলাহৰ সহাঁৰি লৈছিল। কিন্তু দেশ প্ৰেমিক বীৰ লাচিত বৰফুকন ডাঙৰীয়াই কৰ্মত অৱহেলা কৰা নিজ মোমায়েকক ” দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি শিৰচ্ছেদ কৰি ৰাতিৰ ভিতৰতেই গড় নিৰ্মাণ কৰি উলিয়াইছিল।
সময়ৰ সদ্ব্যৱহাৰ কৰিব জানিছিল বুলিয়েই আজি সেই বীৰ যোদ্ধা জনৰ নাম ইতিহাসৰ পাতত সদায় অমৰ।
সময় যিহেতু চকুৰ পলকতে দ্ৰুত গতিত পাৰ হৈ যায়। গতিকে আমি মানু্হ বোৰে এলেহুৱা ভাৱ ত্যাগ কৰি সময়ৰ সোঁতৰ লগত মিলি যোৱাকৈ নিজকে পৰাপক্ষত উপযুক্ত কৰি তোলা উচিত। সময়ৰ মূল্য বুজি পালে আমি কেৱল জীৱন পথত সুখী হ’ব পাৰোঁ তেনে নহয়, সমাজৰ উন্নতিৰ হকে কিছু পৰিমাণে হ’লেও অৱদান আগবঢ়াব পাৰোঁহক। সময় হৈছে জীৱনৰ সঁচা মূল্যবোধ, যাক সদায় সুৰক্ষিত আৰু সদ্ব্যৱহাৰ কৰা উচিত।