সময়ৰ গতিত ৰঙালী বিহু- জয়ন্ত কলিতা

pc Northeast Now

সময়ৰ গতিত ৰঙালী বিহু

বহাগ মানেই ঢোল পেপা গগনাৰ মাত, বহাগ মানেই চৌদিশে বিহু নামৰ জাত, বহাগ মানেই বিহু নাচ নাচিবলৈ ওলাই অহা শাৰী শাৰী গাভৰুৰ জাক।পিছে পৰিবৰ্তিত সময় আৰু সমাজ ব্যবস্থাতত সেই ঢোল পেপা, বিহু নাম আদিৰ ম্যাদ যেন উকলিব ধৰিছে।একসময়ৰ শুকান পথাৰৰ সেউজ আঁহত তলৰ বিহু লেহেকৈ মঞ্চ লৈ ৰূপান্তৰিত হয় যদিও এতিয়া সেই মঞ্চ খনত পশ্চিমীয়া অপসংস্কৃতি ৰ ৰঙা পোহৰ দেখা যায়। যি ৰঙালী বিহুৰ জৰিয়তে অসমীয়া জাতীৰ বিমোহন ক’লা সংস্কৃতি ভেটি প্ৰতি ফলিত হৈছিল।পিছে আজিৰ হাটে হাটে দামি স্মৰ্ত ফোন লোৱা প্রজন্মই অন্য বাহ্যিক ক’লা সংস্কৃতিক ৰঙালী বিহুৰ লগত সংমিশ্রণ কৰিব ধৰিছে।বিহু নাম , হুচৰি আদিত পাশ্চাত্য বাদ্য যন্ত্ৰৰ সংমিশ্রণ ঘটাৰ লগতে হিন্দী, ইংৰাজী, আদিৰ দৰে অন্যান্য গীত বোৰ বহাগী বিহু অনুস্থান বোৰত পৰিৱেশন হব ধৰিছে।যি বিহুগীত বা বিহু নৃত্য ক্ষন্তেক সময় উপভোগ কৰিলেই অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ আভাষ পোৱা গৈছিল যি বিহু নাম বোৰত ডেকা গাভৰুৰ জীৱন যৌৱনৰ প্রেমৰ প্রকাশ ঘটিছিল । কিন্তু সময়ৰ গতিত ভোগবাদ – বস্তুবাদৰ আচোৰত বিহু বা বিহু গীতৰ প্রকৃত জীয়া ৰূপটি এতিয়া জুৰুলা হৈ পৰা পৰিলক্ষিত হৈছে।

জয়ন্ত কলিতা
ৰঙিয়া ( তুলসীবাৰী )