“সমন্বয় সাহিত্য মঞ্চ অসম”ৰ উদ্যোগত আৰু “সাহিত্য সংবাদ” গোটৰ সহযোগত বহুভাষিক কবি সন্মিলন

“সমন্বয় সাহিত্য মঞ্চ অসম”ৰ উদ্যোগত আৰু “সাহিত্য সংবাদ” গোটৰ সহযোগত বহুভাষিক কবি সন্মিলন

ৰঙিলী বাৰ্ত্তাসেৱা–  বিগত‌ বৰ্ষৰ দৰে এইবেলিও সদিলাপুৰ, জালুকবাৰী শৰাইঘাট দলঙৰ কাষত “সমন্বয় সাহিত্য মঞ্চ অসম”ৰ উদ্যোগত কবি সন্মিলনৰ আয়োজন কৰা হয়। আৰু এইবেলি “সাহিত্য সংবাদ” গোটৰ সহযোগত দিনজোৰা কাৰ্যসূচী হাতত লৈ “গীতে-মাতে এসাঁজ বালিভাত আৰু‌ বহুভাষিক কবি সন্মিলন‌” শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আগন্তুক মাঘ বিহু আৰু নতুন বছৰৰ প্ৰাকক্ষণত ৰাতিপুৱা সম্পূৰ্ণ অসমীয়া পিঠা-পনাৰ সৈতে চাহ-জলপান খাই অনুষ্ঠান আৰম্ভ কৰা হয়। “সমন্বয় সাহিত্য মঞ্চ অসম”ৰ মুখ্য সম্পাদক ময়েজ উদ্দিন আহমেদে আঁত ধৰা সভা খনৰ সভাপতিত্ব কৰে “সমন্বয় সাহিত্য মঞ্চ অসম”ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উষামণি শইকীয়াই। সভাত‌ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দৈনিক গণ অধিকাৰ কাকতৰ উপ সম্পাদক ছাফিউল ইছলাম ডাঙৰীয়া, অতিথি হিচাপে উপস্থিত থাকে লেখক আফজল আলী খণ্ডকৰ, কবি ডাঃ বিজুজ জাহান ছালেহা‌ বেগম, মঞ্চৰ উপদেষ্টা নগেন্দ্ৰ মোহন ভট্টাচাৰ্য্য। বিভিন্ন জিলাৰ পৰা অহা‌ কবি সকল ক্ৰমে ছেলিম আখতাৰ (লিমছে), “সাহিত্য সংবাদ ই-আলোচনী”ৰ‌ মুখ্য সম্পাদক কাজি শ্বাহাদত ইছলাম, ভূমিকা দাস,ছেলিমা আখতাৰা কল্যাণী, শৈলেন কুমাৰ, জেছমিন চুলতানা,এ‌ আৰ ৰহমান, নিৰ্মালি বৰা, ডেইজী বেগম, কংকণ শৰ্মা,মিলিক আহমেদ, আব্দুৰ ৰহিম আহমেদ,সমুজ্জল ডেকা,হাছিনা‌ বেগম আদিকৰি অৰ্ধ শতাধিক কবিয়ে কবিতা পাঠ কৰে। কবি কংকণ শৰ্মাৰ এটি কবিতা পাঠ কৰে ময়েজ উদ্দিন আহমেদে, লগতে‌ স্বৰচিত কবিতা‌ এটিও পাঠ কৰে আৰু লিমছে(ছেলিম আখতাৰ) স্বৰচিত তিনিটা ভিন্ন ভাষাৰ কবিতা (অসমীয়া,মিয়া দোৱান, হিন্দী)পাঠ কৰি আজিৰ বহুভাষিক কবি সন্মিলনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কবি সন্মিলনৰ সঞ্চালনা কৰে ছাফিউল ইছলাম ডাঙৰীয়াই। তেখেতৰ ভাষণত কবিতাৰ ওপৰত যথেষ্ট বিশ্লেষণ আগবঢ়ায়। নতুন কবি সকলৰ উদ্দেশ্য কৰি‌ তেখেতে কয় যে-“আপোনালোকৰ অনুভৱ সুন্দৰ কিন্তু আৰু অধ্যয়ন আৰু চৰ্চা কৰাৰ প্ৰয়োজন আছে। আজিৰ কবিতাবোৰ যথেষ্ট উন্নত, আৰু নতুনত্বৰ সন্ধান পোৱা গৈছে ।” উক্ত অনুষ্ঠানতে মঞ্চৰ সহঃ সম্পাদক নাছিৰ উদ্দিনৰ জন্মদিন উদযাপন কৰা হয়। সভাত উপস্থিত সকলোৱে নাছিৰ উদ্দিনক দীৰ্ঘজীৱী হোৱাৰ আশীৰ্বাদ দিয়ে। জন্মদিনৰ কেক কাটি সকলোৱে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। শেষত সম্পাদকে কয় যে- “এয়া আমাৰ দ্বিতীয় বছৰৰ অনুষ্ঠান,‌ আমি যোৱা বছৰৰ ২৫/১২/২০২২‌ তাৰিখত একে স্থানতে এই অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ।” লগতে সকলোৰে সহায় সহযোগিতাৰে ২৫/১২ ৰ এই অনুষ্ঠানৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব বুলি মঞ্চৰ মুখ্য সম্পাদক ময়েজ উদ্দিন আহমেদে আমাক জানিবলৈ দিয়ে। সদৌ শেষত সকলোকে মাঘ বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জনাই শলাগৰ শৰাই আগবঢ়াই সভাৰ‌ সমাপ্তি ঘোষণা কৰে।।