সমগ্ৰ ৰাজ্যৰ লগতে ডিব্রুগড়তো অৰুণোদয় ৩.০ আচঁনিৰ শুভ-উদ্বোধন

সমগ্ৰ ৰাজ্যৰ লগতে ডিব্রুগড়তো অৰুণোদয় ৩.০ আচঁনিৰ শুভ-উদ্বোধন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰস্থিত লোকসেৱা ভৱনত  ১৯-৯-২৪ তাৰিখে “অৰুণোদয় ৩.০” আচঁনিখনৰ শুভাৰম্ভ কৰাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো “অৰুণোদয় ৩.০”ৰ শুভাৰম্ভ হয়। এই উপলক্ষে ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন। বিধায়ক ফুকনে আদৰণি ভাষণ আগবঢ়াই অসম চৰকাৰৰ এই ধ্বজ্জাবাহী আচঁনিখনৰ সম্পৰ্কে বিষদভাৱে আলোকপাত কৰাৰ লগতে সমাজৰ প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়েই যাতে এই আচঁনিৰ সুফল লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে অৰুণোদয় ৩.০ আচঁনিখন মহিলাৰ সৱলীকৰণ আৰু সামগ্ৰিক বিকাশৰ লক্ষ্যৰে এক পৰিৱৰ্তনশীল পদক্ষেপ বুলি উল্লেখ কৰে। এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্ম, ডিব্রুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সমুজ্জ্বল বৰা, বিশিষ্ট সমাজ কৰ্মী উজ্জ্বল কাশ্যপকে প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া-কৰ্মচাৰী আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আনহাতে, উক্ত কাৰ্য্যসূচীতে দিছপুৰস্থিত লোকসেৱা ভৱনত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা শুভাৰম্ভ কৰা অৰুণোদয় ৩.০ আচঁনিৰ সম্পূর্ণ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰণ কৰা হয়। উল্লেখযোগ্য যে, খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন ৰেচন কাৰ্ড প্ৰদান কৰাৰ অৰ্থে ১৯ লাখতকৈ অধিক নতুন হিতাধীকাৰীক নিৰ্বাচিত কৰাৰ কাৰ্যসূচীৰো মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে। আনহাতে, ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টি, দুলীয়াজান বিধানসভা সমষ্টি, নাহৰকটীয়া বিধানসভা সমষ্টি, খোৱাং বিধানসভা সমষ্টিৰ লগতে টিংখাং বিধানসভা সমষ্টিতো “অৰুণোদয় ৩.০” আচঁনিৰ শুভাৰম্ভ কৰা হয়।