সফল ভাৱে সম্পূৰ্ণ হ’ল ব্যতিক্ৰম মাছডোৰ দশম প্ৰাক ৰঙালী বিহু উদযাপন
গুৱাহাটী ,ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া বাপতি সাহোন ৰঙালী বিহু লৈ মাজত মাথো কেইটা মান দিন বাকি। প্রতিবছৰৰ দৰে ৰঙালী বিহুৰ প্ৰাক মূহুৰ্তত ব্যতিক্রম মাছডোয়ে ৯ এপ্রিল মঙ্গলবাৰে সন্ধিয়া ৫ বজাত মাছখোৱা প্ৰাগজ্যোতিষ আই টি আই প্ৰেক্ষাগৃহত প্ৰাক বিহুৰ উদযাপন কৰে। এই প্রাক বিহু উদযাপনৰ বিশেষ আকর্ষণ হিচাপে উপস্থিত আছিল শিল্পী ড° জয়শ্ৰী দেৱী, সংস্কৃতা মালকাৰ, ৰুবোল কলিতা, প্ৰশান্ত ৰাজখোৱা, প্রনামিকা গোস্বামী, ৰিজিতা ৰয় প্ৰমুখ অনুষ্ঠানত আমন্ত্ৰণীয় অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকা, লেখিকা তথা প্ৰেৰণাদায়ক বক্তা লিপিকা মোদী, প্ৰাক্তন কাৰাগাৰ অধীক্ষক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ গোবিন্দ মালাকাৰ, ব্যতিক্ৰম মাছডোৰ সভাপতি ড° সৌমেন ভাৰতীয়া প্ৰমুখ। এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভ আৰম্ভণি কৰা হয় ৷ আৰম্ভণি ভাষণত ব্যতিক্ৰম মাছডোৰ সভাপতি ড° সৌমেন ভাৰতীয়াই কয়, “বিহু আমাৰ ৰাজ্যৰ প্ৰধান উৎসৱ। আমি সদায় চেষ্টা কৰো জাতীয় উৎসৱত অংশীদাৰ হ’বলৈ । ২০১৫ চনৰ পৰাই বিহু উৎসৱটো আনুষ্ঠানিক ভাবে আমি উদযাপন কৰি আহিছোঁ তেনেকৈ আজিও আমি প্ৰাক বিহুৰ আয়োজন কৰিছোঁ। আশাকৰোঁ আপোনালোকে আজিৰ এই অনুষ্ঠানটো উপভোগ কৰিব, লগতে আমাক উৎসাহিত কৰাৰ বাবে উপস্থিত ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই অনুষ্ঠানৰ জৰিয়তে সমোহ অসমবাসী ৰাইজৰ লৈ মোৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা জনালোঁ”।
বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকায়ে জনাই, “ব্যতিক্ৰমৰ এই অনুস্থানত উপস্থিত থাকি সঁচাকৈ মই উৎকলিত হৈছোঁ। এই সংগঠনটোৱে অসমৰ কলা-সংস্কৃতিৰ জগতখনক আগবঢ়াই নিয়াত সদাই ইচ্ছুক। তেওঁলোকৰ এই প্ৰচেষ্টা সফল হ’ক বুলি আমি আশাবাদী। ব্যতিক্রমে আমাক আৰু নতুন নতুন অনুষ্ঠান আগবঢ়াই দিয়ক মোৰ ফালৰপৰা তাৰে কামনা আৰু সদায় শুভেচ্ছা আছে।” এই সন্দৰ্ভত লেখিকা তথা প্ৰেৰণাদায়ক বক্তা ড° লিপিকা মোদীযে কয়,“মোক এনে এটা অনুষ্ঠানত আমন্ত্ৰণ কৰি অনাৰ বাবে উদ্যোক্তা সকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহু অসমবাসীৰ আবেগ আৰু প্ৰেমৰ সৈতে জড়িত। বিহুৰ ছন্দন ফুলি উঠে অসমীয়া সংস্কৃতিৰ আনন্দ। ব্যতিক্ৰমৰ এই প্ৰাক বিহু অনুষ্ঠানৰ অংশ হ’বলৈ পাই মই খুবেই আনন্দ পাইছোঁ। প্রাক্তন কাৰাগাৰ অধীক্ষক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ গোবিন্দ মালাকাৰ, “ব্যতিক্ৰমৰ এই অনুষ্ঠানে ৯টা বছৰ পাৰ কৰিলে, এইবাৰ তেওঁলোকৰ লগত মই জড়িত হ’বলৈ পাই সুখী হৈছো, বিশেষকৈ এনে এটা অনুষ্ঠান ধাৰাবাহিক ভাৱে অনুষ্ঠিত কৰি অহাটো সছাকৈ শলাগ ল’বলগীয়া”। ইয়াৰ পিছত অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰে স্বৰধ্বনি ঐক্য তাল, সৃষ্টি সামাজিক সাংস্কৃতিক দল, সাই বিকাশ শিক্ষানুষ্ঠান তৰফৰ পৰা এটি বিহু নৃত্য । ব্যতিক্ৰমৰ উদ্যোগত আয়োজিত চাচ্ছু বৰ্ষৰ প্ৰাক বিহু সাংস্কৃতিক কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে তৰুণ আই এ এছ, নেডফি, নেমি, জীৱন ৰাম মুংগী দেৱী গোৱেংকা পাব্লিক চেৰিটেবল ট্ৰাষ্ট সংস্থা, ব্যতিক্রম ডিজিটেল প্রমুখ।