সপ্তম উইম্বলডন খিতাপ জয় নোভাক জক’ভিচৰ

Pc The Print

 সপ্তম উইম্বলডন খিতাপ জয় নোভাক জক’ভিচৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নোভাক জকোভিচে অষ্ট্ৰেলিয়াৰ নিক কিৰ্গিঅছক ৪-৬ ৬-৩ ৬-৪ ৭-৬(৩)ত পৰাস্ত কৰি তেওঁৰ সপ্তম উইম্বলডন খিতাপ জয় কৰে। ছাৰ্বিয়ান শীৰ্ষ স্থানপ্ৰাপ্ত খেলুৱৈজনে অল ইংলেণ্ড ক্লাবত একেৰাহে চতুৰ্থটো খিতাপ জিকি তেওঁ ২১ সংখ্যক গ্ৰেণ্ডশ্লাম খিতাপ দখলৰ গৌৰৱ অৰ্জন কৰে।২০১৭ চনত কোৱাৰ্টাৰ ফাইনেলত টমাছ বাৰ্ডিছৰ হাতত পৰাজিত হোৱাৰ পাছত উইম্বলডনৰ চেণ্টাৰ ক’ৰ্টত একেৰাহে ৪বাৰ অপৰাজিত হৈ আছে জক’ভিচ। ইয়াত একেৰাহে ২৮খন মেচত জয়লাভ কৰাৰ কৃতিত্বও গঢ়িলে খেলুৱৈগৰাকীয়ে। ২১ সংখ্যক খিতাপ জয় কৰি তেওঁ ৰজাৰ ফেডেৰাৰক অতিক্রম কৰিলে।