সপোন- বন্দিতা দেৱী

pc- hooked to books

সপোন

পুৱতি নিশাৰ সপোনটিত
তোমাক লগ পাই
বুকুৰ কোনোবা কোণত
জাগিছিল এক মৰম ভালপোৱা
যাৰ বাবে মই সপোন
দেখিছিলো মাথো তোমাৰ হোৱা
কিন্তু পুৱাৰ সপোনটি যেন
সপোন হৈয়ে ৰ’ল
কাৰণ তুমি যে মোৰ সপোন হে কেৱল
…বাস্তৱ নহয়।

বন্দিতা দেৱী