সপোনৰ সমীকৰণ মই নাজানো – নমিতা কলিতা

সপোনৰ সমীকৰণ মই নাজানো

নমিতা কলিতা,
    অৰ্থনীতি বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় 
উশাহৰ আচলত উন্মাদৰ ঢৌ,
নিতে কাৰ বাবে সৰে ?
জোনাকী পৰুৱাৰ পোহৰে যদি আকাশ চুব খোজো,
ভৰিৰ তলৰ মাটিৰ জানো অস্তিত্ব থাকে।
শব্দবোৰ মোৰ নামতে সজালো,
নলিনীবালাৰ কবিতাৰ দৰে
 পি খাব নাজানো ৰহস্য বাদ।
হিৰুদাৰ দৰে প্ৰেমক লালিত কৰি কবও নোৱাৰো
“দুখ মোৰ কোলাৰ কেঁচুৱা” ।
মইতো আজিৰ যুগৰ মানুহ
কুহুমবুলীয়া সপোনটোক অনুভৱ কৰি,
মৰি মৰিও জীৱ জানো।
উকা কাগজত পৃষ্ঠা ভৰাই লিখিব জানো
সপোনৰ স্বাক্ষৰ।
শ্বেইক্সপীয়েৰৰ নাটকৰ পৃষ্ঠা এৰি
আদাম স্মিথৰ সংজ্ঞাৰে নিজক কাহানিবাই সজালো।
কৰি পেলালো বাস্তৱতাৰ অংক,
ইয়াৰ পাছতো পিতাইৰ দুচকুত প্ৰশ্ন,
সপোনৰ সমীকৰণ মই বোলে নাজানো।