সপোনৰ সমাধি
মিনহাজ উদ্দিন, বৰপেটা
মই হলোঁ এটা বৈদ্যুতিক যন্ত্ৰ
মোৰ নাই কোনো সুখ দুখৰ অনুভৱ
মোৰ জীৱনৰ সংগী মই নিজেই
ভাল পাওঁ মই
উজাঘৰী নিশাৰ নিস্তব্ধতা।
মোৰ প্ৰেম,অনুভৱ, অনুভূতি
হৃদয়ৰ মাজতেই সীমাবদ্ধ
কাৰণ মোৰ সুখবোৰ ক্ষণস্থায়ী
কিছু বিষাদে মোক নাশ কৰিছে
আকৌ কিছু স্মৃতিয়ে
মোক জীয়াই থকাৰ প্ৰেৰণা দিছে।
শূণ্যতা অনুভৱ ময়ো কৰোঁ
কিন্তু আধৰুৱা সপোনবোৰ আদৰি
ল’ব বাৰু কোনে
নিজৰ ব্যৰ্থতাৰ বাবেই
মই নিজেই আঁতৰি আহোঁ
কিছু আপোন মানুহৰ পৰা…।
সপোনবোৰক সমাধিস্থ কৰি
নিজৰ মাজতেই প্ৰতিনিতে
মই দাহ হৈছোঁ,
অশ্ৰুসিক্ত মোৰ চকুৱে
তোমাৰ অপেক্ষাত
আজিও ৰৈ থাকে…।