সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু) বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু) বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী উজানবজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত আজি এখন সদৌ অসম ছাত্ৰ ইউনিয়ন (আমছু)ৰ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় । আজিৰ এই বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় সংখ্যালঘুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ , সম্পাদক মিন্নাতুল ইছলাম , কেন্দ্ৰীয় সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইন আৰু উপদেষ্টা আইনুদ্দিন আহমেদকে আদি কৰি বিভিন্ন জিলাৰ পৰা অহা সভাপতি আৰু সম্পাদক প্ৰায় ১২৫ জন মান ব্যক্তি উপস্থিত আছিল। উক্ত সভাত সিদ্ধান্ত মৰ্মে চাৰিটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷আমছু কেন্দ্ৰীয় সমিতিৰ হ’বলগীয়া কেন্দ্ৰীয় অধিৱেশনখন শোণিতপুৰ জিলাত ২০২৪ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব৷প্ৰতিষ্ঠা দিৱস ২০২৪ বৰ্ষৰ ৩০ মাৰ্চত মহানগৰত অনুষ্ঠিত হ’ব৷২০২৪ বৰ্ষৰ ২৬ মে’ত শ্বহীদ দিৱস পালন কৰা হ’ব৷২০২৪ বৰ্ষত জিলা জিলাই পূৰ্ণাংগ সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হ’ব৷