সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যলয়ৰ শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ  সংবাদমেল

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যলয়ৰ শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ  সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যলয়ৰ শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ এক সংবাদমেল অনুষ্ঠিত হয়।উক্ত সংবাদমেলত সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্য, উপদেষ্টা প্ৰকাশ দাস, ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে আদি কৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷সংবাদমেল যোগে সদৌ অসম ছাত্ৰ সন্থই সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ ইতিবাচক আৰম্ভণি বুলি মন্তব্য কৰি কয়-অনুসূচীত জাতিৰ বাবে অসমত ৮ ৰ পৰা ৯ টা সমষ্টি হৈছে।খিলঞ্জীয়া মানুহৰ বাবে আসনৰ সংখ্যা বৃদ্ধি পাইছে।এই সলোবোৰ ক্ষেত্ৰত অত্যন্ত ভাল কথা হৈছে৷সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টি আৰু ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি আগৰ দৰে ৰাখিব লাগে৷সমষ্টিৰ চাৰিসীমাক লৈও বহুতৰে প্ৰশ্ন আছে, আপত্তি আছে এই আপত্তি সমূহ গুৰুত্ব দিবলৈ নিৰ্বাচনী আয়োগক আহ্বান জনায়।খিলঞ্জীয়া অসমীয়া মুছলমান লোকসকলৰো আপত্তি আছে এই আপত্তিবোৰ নিৰ্বাচনী আয়োগে গুৰুত্ব দিব লাগে বুলি কয়।ঐতিহাসিক ঠাইবোৰৰ ঐতিহ্য থকাৰ ওপৰতো গুৰুত্ব দিব লাগে।জনীয়া সত্ৰক লৈয়ে জনীয়া সমষ্টি হৈছিল সেয়ে এই সমষ্টিটো ৰাখিব লাগে। দিহিনা দামোদৰ দেৱ সত্ৰ হাজো সমষ্টিতে থকাটো বিচাৰে।১৯৮৬ চনতে সদৌ অসম ছাত্ৰ সন্থাই সমষ্টি পুনৰ নিৰ্ধাৰণ বিচাৰিছিল কিন্তু তেতিয়া নহ’ল।২০২৬ চনৰ পিছত সমগ্ৰ ভাৰতবৰ্ষত হ’ব লগা সমষ্টি পুনৰ নিৰ্ধাৰণ অসমত ১৯৯১ চনৰ লোকপিয়লৰ মতেহে হ’ব লাগে বুলি দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই । উজনি অসমৰ যিসমূহ ঠাইত খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিকভাৱে সকলো অধিকাৰ আছে সেই সমূহ সমষ্টি সলনি হ’ব নালাগে বুলি কয়।অনুসূচীত জাতিৰ সমষ্টি বৃদ্ধি , অনুসূচীত জনজাতিৰ ১৬ ৰ পৰা ১৯ টালৈ সমষ্টি বৃদ্ধি পোৱাটো ইতিবাচক বুলি কয়।চাবুৱা সমষ্টিৰ ৮ টাকৈ পঞ্চায়তৰ ৮৬৩৫৭ গৰাকী মটক জনগোষ্ঠীৰ ভোটাৰক মাকুম সমষ্টিলৈ অন্তৰ্ভুক্ত কৰা হ’ল যিটো হোৱাটো প্ৰয়োজন নাছিল৷তিংখং সমষ্টিৰ বহু লোকক অনান্য সমষ্টিলৈ হস্তান্তৰ কৰা হ’ল বুলি কয়। শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিটো ১৯৫১ চনতে গঠন ’হৈছিল য’ত খিলঞ্জীয়া লোকৰ বসতি স্হল সেয়ে এই সমষ্টিটো ৰাখিব লাগে বুলি কয়।শিৱসাগৰ সমষ্টিৰ হাঁহচৰা আৰু বেতবাৰী পঞ্চায়তক যি সাল সলনি কৰা হৈছে ইয়াৰ ওপৰতো নিৰ্বাচনী আয়োগে গুৰুত্ব প্ৰদান‌ কৰিব লাগে বুলি কয়। সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোৰ সন্দৰ্ভত কালি নিৰ্বাচনী আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বুলি জনায় সদৌ অসম ছাত্ৰ সন্থাই।২১ তাৰিখে নিৰ্বাচনী আয়োগ অসমলৈ অহাৰ সময়ত পুনৰ বিষয়টোৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ সৈতে আলোচনাত মিলিত হ’ব সদৌ অসম ছাত্ৰ সন্থাই।সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-সদৌ অসম ছাত্ৰ সন্হাই সমষ্টি পুনৰ নিৰ্ধাৰণ এতিয়া বিচৰা নহয় ১৯৮৬ চনতে বিচাৰিছিল,১৯৮৬ চনতেই প্ৰধানমন্ত্ৰীৰ ওচৰত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত দাবী কৰিছিল।বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ মতে সকলোবোৰ চুক্তি ৰূপায়ন হোৱাটো ছাত্ৰ সন্থাই বিচাৰিছিল।অসমৰ পৰিস্থিতি অন্যান্য ৰাজ্যৰ তুলনাত সম্পূৰ্ণ বেলেগ। ভাৰতৰ নিৰ্বাচনী আয়োগ আহিলে আমি সাক্ষৎ কৰিম আৰু সকলোবোৰ কথা কম বুলি কয়।অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকাকে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব লাগে বুলি তেওঁ দাবী কৰে।যিবোৰ জিলাত জনবিন্যাসৰ প্ৰভাৱ পৰা নাই তাত জিলাৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ব্যৱস্থা কৰিব লাগিব।এইখন খচৰা নিৰ্বাচনী আয়োগৰ ইতিবাচক আৰম্ভণি কিন্তু ইয়াত সংশোধনৰ প্ৰয়োজন আছে ৷গৰিয়া মৰিয়া দেশী জলহা এই সকলক অসম চৰকাৰে খিলঞ্জীয়া বুলি স্বীকৃতি দিছে কিন্তু এই লোকসকলৰ কিছু আপত্তি আছে, আপত্তি সমূহ নিৰ্বাচনী আয়োগে গুৰুত্ব দিব লাগে।ঐতিহাসিক কাৰণ দিয়া সমষ্টিৰ নামসমূহ সলনি কৰিব নালাগে।২০২৬ চনৰ পিছতো আকৌ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব বুলি কৈছে কিন্তু কোনে কৈছে, যদিও সমষ্টি পুনৰ নিৰ্ধাৰণ হয় তেতিয়া ১৯৯১ চনৰ ভিত্তিত হ’ব লাগিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে।মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া-প্ৰকাশ কৰি কয়-পাচলি বজাৰ কৰিবলৈ‌ যাবলৈ চিন্তা কৰিব লগা হৈছে।অসম চৰকাৰৰ লগতে যোগান বিভাগ ব্যৰ্থ হৈছে।সেই বাবে অহা ইংৰাজী মাহৰ ১৪ জুলাই তাৰিখে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমৰ জিলা সদৰ বোৰত মূল্যবৃদ্ধিৰ বিৰোধীতা কৰি বিক্ষোভ কাৰ্যসূচী পালন কৰিব বুলি এই সংবাদমেল যোগে প্ৰকাশ কৰে।