সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভা

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম গোর্খা ছাত্ৰ সন্থা (আগছু)ৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ লগতে ডিব্ৰুগড় জিলা গোর্খা নাৰী পৰিষদ আৰু ডিব্ৰুগড় জিলাবাসীৰ সহযোগত ডিব্ৰুগড়ত আয়োজিত কেন্দ্রীয় তিহাৰ সন্মিলন – ২০২৪ত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।তেওঁ ভাষণ প্ৰসংগত কয়, “গোৰ্খাসকল বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংশ। জাতীয় জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত গোৰ্খাসকলে উল্লেখযোগ্য অৰিহণা যোগাই আহিছে। লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাতো সক্ৰিয় ভূমিকা পালন কৰিছে। গোৰ্খাসকলৰ ত্যাগ, অদম্য শক্তি, সাহস আৰু দেশপ্ৰেমৰ গাথা সৰ্বজনবিদিত। ২০৪৭ চনৰ ভিতৰত এখন বিকশিত, আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত গোৰ্খাসকলে আগভাগ ল’ব বুলি আমি দৃঢ় বিশ্বাসী।”