সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক-মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ আমৰণ অনশন

সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক-মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ আমৰণ অনশন

ৰঙিলী বাৰ্ত্তাসেৱা- পল্টনবজাৰস্থিত বিজুলী ভৱনৰ মুখ্যদুৱাৰ সন্মুখত আজি সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক-মিটাৰ ৰিডাৰ কৰ্মী সন্থা, কেন্দ্ৰীয় সমিতিয়ে “আমৰণ অনশন”* কাৰ্যসূচী ৰূপায়ন কৰে।উক্ত কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে সমিতিৰ সভাপতি নিপেন বৰা, কাৰ্যকৰী সভাপতি তৰুণ তালুকদাৰ, সম্পাদক প্ৰাঞ্জল বৰুৱা, সহ সম্পাদক অজয় চেতিয়া কে আদি কৰি প্ৰায় ৮০ জন সদস্যই অংশ গ্ৰহণ কৰে।উক্ত আমৰণ অনশন কায্যসূচীত মহাত্মা গান্ধী প্ৰতিছবিত ধূপ জ্বলাই মাল্যৰ্পন কৰি আৰম্ভ কৰে।তেওঁলোকৰ দাবী এই যে অস্থায়ী বিলক্লার্ক, মিটাৰ ৰিডাৰ, ই – সুবিধা বিল প্রস্তুত কৰা কৰ্মী, কম্পিউটাৰ অপাৰেটৰ, সহায়ক, পিয়ন, চকীদাৰ, সকলো কর্মীকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ আধাৰত Memo No. MD/ APDCL/HR/REC / 2017-18/2017/85/ Pt-I / 94 dtd. 07/12/2018 ৰ চূড়ান্ত তালিকাৰ মতে বর্তমান সময়লৈকে কৰ্মৰত কৰ্মীসকলক স্থায়ী পদত নিয়মীয়াকৰণ কৰাকে আদি কৰি তেওঁলোকৰ দাবী পত্ৰত উল্লেখিত ১০ দফীয়া দাবীৰ ওপৰত অনশন কাৰ্য্যসূচী পালন কৰে।আনহাতে,সমিতিৰ সভাপতি নিপেন বৰাৰ নেতৃত্বত তেওঁ লোকৰ ৫ জন নেতাই”আমৰণ অনশন”* স্থলীৰ পৰা গৈ বিজুলী ভৱনৰ (CGM) বিষয়াক সাক্ষাৎ কৰি উক্ত বিষয়ৰ ওপৰত আলোচনা কৰে, আৰু ইয়াৰ সু-ব্যৱস্থাৰ বাবে (CGM) বিষয়াই তেওঁলোকক আস্থা প্ৰকাশ কৰি কয় যে অহা ২৮ জুনত উক্ত বিষয়ৰ ওপৰত এখন (Board Meeting) পাতি বিষয়টোৰ সমাধান কৰিব বুলি কয়।আলোচনা সমাপ্তি হোৱাৰ পাছত অধ্যক্ষ, অসম শক্তি বিতৰন কোম্পানী লিমিটেড/অসম শক্তি গ্রীড নিগম / অসম শক্তি উৎপাদন নিগম লিমিটেড, বিজুলী ভৱন, পল্টন বজাৰ, (গুৱাহাটী- ০১) লৈ উদ্দেশ্যি এখন দাবী সন্মিলিত শ্মাৰক পত্ৰ উক্ত বিষয়াৰ হাতত প্ৰদান কৰি ৫ জনীয়া দলটো কাৰ্য্যলয়ৰ পৰা দিনৰ প্ৰায় ১-০০ মান বজাত ঘূৰি আহি তেওঁ লোকৰ আজিৰ”আমৰণ অনশন”* শান্তি পূৰ্ণভাৱে সমাপ্ত কৰে।