সত্ৰ আযোগৰ অধ্যক্ষকে প্ৰমুখ্য কৰি অন্যান্য সদস্যই পৰিদৰ্শন কৰিলে পশ্চিমবংগৰ কেইবাখনো সত্ৰ

সত্ৰ আযোগৰ অধ্যক্ষকে প্ৰমুখ্য কৰি অন্যান্য সদস্যই পৰিদৰ্শন কৰিলে পশ্চিমবংগৰ কেইবাখনো সত্ৰ

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  সত্ৰ আযোগৰ অধ্যক্ষ প্রদীপ হাজৰিকাৰ লগতে আযোগ সমন্বয়ক মাধৱ প্ৰসাদ শৰ্মা, অতুল দাস আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত বাবলি দাসে কালি পশ্চিম বংগৰ আলিপুৰ দুৱাৰ আৰু জলপাইগুৰি অঞ্চলৰ শ্ৰীশ্ৰী মৰিচবাড়ী সত্ৰ, শ্ৰী শ্ৰীৰামপুৰ সত্ৰ, গুৰু শংকৰ মাধৱদেৱ সত্ৰ, শ্ৰী শ্ৰী চৌধুটি সত্ৰ আৰু শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰ মাধৱদেৱ সত্ৰ ও কৃষ্টি কেন্দ্ৰ সত্ৰ পৰিদৰ্শন কৰি সত্ৰ কেইখনৰ ভূমিকে ধৰি অন্যান্য সমস্যাৰাজিৰ বুজ নয়। পৰিদৰ্শন কালত আয়োগৰ অধ্যক্ষ তথা অন্যান্য সদস্যসকলে সত্ৰ কেইখনৰ সত্ৰাধিকাৰসকলৰ লগতে পৰিচালনাৰ সমিতিৰ বিষয়াৱৰীয়া সকলৰ সৈতে আলোচনাত মিলিত হৈ সমস্যাসমূহৰ বিতং আলোচনা কৰে। আলোচনা কালত আযোগে সত্ৰকেইখনৰ সমস্যাৰ বিষয়ে চৰকাৰক অৱগত কৰাই সমস্যা সমূহৰ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। আনহাতে, যোৱা ১৩ নৱেম্বৰত সত্ৰ আযোগে ধুবুৰী জিলাৰ শ্ৰী শ্ৰী জিলকাটা সত্ৰ, কোচবিহাৰৰ শ্ৰীশ্ৰী হৰিপুৰ মধুৰ সত্ৰ, মাজুপুৰ সত্ৰ, শ্রীশ্রী কাকতটা সন্ত শ্রীশ্রী ভেলা সত্ৰ, শ্ৰীশ্ৰী মধুপুর ধাম দুঃখৰকুটীৰ হৰি মন্দিৰ, বৈকুণ্ঠপুৰ সত্ৰ পৰিদৰ্শন কৰি সত্ৰকেইখনৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়।