সংস্কৃতিৰ প্ৰতীকঃ বিহু – বন্দিতা শৰ্মা কন্দলি

pc Northeast Now

সংস্কৃতিৰ প্ৰতীকঃ বিহু

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

অসমীয়া জাতিৰ সভ্যতা-সংস্কৃতিৰ জাতীয় পৰিচয় হৈছে চেনেহৰ ৰঙালী বিহুটি। বিহু অহাৰ বাতৰি বিলায় প্ৰকৃতিয়ে। কুলি-কেতেকীৰ মিঠা মাত,লঠঙা গছক সুশোভিত কৰি তোলা কোমল কুঁহিপাত, কেতেকী,কপৌ,তগৰ ফুলৰ আমোলমোল সুগন্ধি,নপানীয়ে ধূলিয়ৰি ধুই নিকা কৰা ধৰাৰ নান্দনিক ৰূপে গ্ৰাম্য লোকৰ মনত প্ৰদান কৰা আনন্দ,কৰ্মপ্ৰেৰণা আৰু উদ্যমৰ প্ৰতিফলিত ৰূপেই হৈছে বিহু।

কৃষি প্ৰধান দেশ অসমত কৃষিজীৱি অসমীয়াৰ আবেগ-অনুভূতি জড়িত হৈ আছে কৃষিৰ লগত। অসমীয়া সংস্কৃতি পথাৰ সংস্কৃতি।কৃষিক কেন্দ্ৰ কৰিয়েই অসমীয়া জাতীয় কৃষ্টিয়ে যি স্বকীয় ৰূপ ল’লে সেয়াই অসমীয়া জাতিৰ ঘাই শিপা। কৃষি উদ্যমৰ কলাত্মক আৰু প্ৰতীকাত্মক ৰূপটোৱেই হৈছে বিহু সংস্কৃতি। এই বাপতিসাহোন বিহুটিৰ আছে এটা নিজস্ব নিভাঁজ ৰূপ। বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিয়ে পথাৰ কাৰখানালৈ, কৃষক বনুৱালৈ পৰিবৰ্তন কৰাৰ সমান্তৰালকৈ সমাজ আৰু চহা সহজ-সৰল মানসিকতাৰ ক্ষিপ্ৰ সলনিয়ে আগৰ ধ্যান-ধাৰণা, জীৱন যাপনত বিৰূপ প্ৰভাৱ পেলাইছে। ক্ৰমান্বয়ে বাঢ়ি অহা প্ৰতিযোগিতামূলক অঘৈয়া হুলে জীৱন ক্ষত-বিক্ষত কৰি তুলিছে। এই খিনিতেই প্ৰশ্ন হয়-এনে সন্ধিক্ষণত প্ৰকৃত শান্ত,সামাহিত আৰু অসমীয়া সাংস্কৃতিক জীৱনটো মহিয়ান কৰি তোলা জাতীয় উৎসৱ বিহুটিৰ নিজস্ব ৰূপ লাৱণ্য অটুট আছেনে বা থাকিবগৈ নে? উত্তৰ প্ৰজন্মৰ হাতত অসমীয়া সংস্কৃতিৰ প্ৰাণ বিহুৰ প্ৰকৃত ৰূপটো তুলি দিব পাৰিমনে?

বিহুত কৃষিজীৱি মানুহে মনৰ প্ৰাচুৰ্য প্ৰতিফলিত কৰে বহু আশা আৰু আনন্দেৰে। দেহ আৰু মনৰ জড়তা ভাঙি নতুন আশা আৰু উদ্যমেৰে ভৱিষ্যতৰ সোণোৱালী সপোন ৰচে।ঢোল-পেঁপা -গগনাৰ স্বতঃস্ফুৰ্ত মাতে ডেকা-গাভৰুৰ মন চঞ্চল কৰি তোলে। বুকুত নতুন উদ্দীপনাৰে জীয়াই থকাৰ সাহ গোটায়। লাহে লাহে সময়ে গতি সলালে। সাম্প্ৰতিক সমাজ ব্যৱস্থাক অত্যাধুনিকতাই গ্ৰাস কৰিলে। দুৰ্বল মানসিকতাৰ কবলত পৰি বিহুৱে নিজৰ মৌলিকতা ধৰি ৰাখিবলৈ অপাৰগ হৈছে।কৃষিক কেন্দ্ৰ কৰি গঢ়ি উঠা কৃষিজীৱি লোক সকল শিল্পযুগত যন্ত্ৰলৈ পৰিবৰ্তন হ’ল। সামাজিক বৈষম্যৰ যি ডাল অঘৈয়া হুলে আমাৰ মানৱীয় প্ৰমূল্য , চেনেহৰ বান্ধোন ছিঙি পেলাইছে সেইডাল অঘৈয়া হুল আঁতৰাই পুনৰ সম্প্ৰীতিৰ বান্ধোন ঘুৰাই আনিবলৈ একাংশ সচেতন ব্যক্তিয়ে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। বিহুৰ স্বকীয় বৈশিষ্ট্য অক্ষুণ্ণ ৰাখি অপ-সংস্কৃতিৰ কঢ়াল গ্ৰাসৰ পৰা ৰক্ষা কৰাটো প্ৰতিগৰাকী নাৰীৰ কৰ্তব্য আৰু দায়িত্ব নহয় জানো!

লোকসাহিত্যত নাৰী অনন্তৰূপা। অফুৰন্ত শক্তিৰ অধিকাৰী , প্ৰকৃতিৰ সমধৰ্মী নাৰী।প্ৰকৃতিয়েই ধৰাখনক সজাই তোলে অপৰূপা কৰি। প্ৰতি বছৰে পুৰণিক বিদায় দি নতুনক আদৰণী জনায়। ধৰাৰ চালিকা শক্তি হৈছে প্ৰকৃতি। একেদৰে এখন ঘৰৰ চালিকা শক্তি হৈছে সেই ঘৰখনৰ মাতৃগৰাকী।মাতৃ হিচাপে এগৰাকী নাৰীৰ প্ৰধান কৰ্তব্য হ’ল নিজৰ সন্তানসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি নিজৰ পৰিয়াল, সমাজ, দেশৰ,দহৰ উন্নতিৰ হকে সুযোগ্য কৰি গঢ়ি তোলা। বৰ্তমান আমাৰ বাপতিসাহোন বিহুটিত যি বিজতৰীয়া চাপ পৰিছে, সেই চাপ আঁতৰ কৰি উভালি যাব খোজা শিপাত সাৰ-পানী যোগাই সজীৱ কৰি তুলিব নোৱাৰিলে জাতিৰ অস্তিত্ব ৰক্ষাত ব্যাঘাত জন্মিব। সেয়ে আমাৰ কৃষ্টি -সংস্কৃতি ৰক্ষা কৰা আৰু উত্তৰ পুৰুষক নিজৰ সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলাত নাৰীসকলে কেইটামান বিশেষ দিশত গুৰুত্ব প্ৰদান কৰিব লাগিব।

প্ৰথমে আহে অসমীয়াৰ অতি আদৰৰ, হেঁপাহৰ বুকুৰ এফাল বিহুৱানখনিৰ কথা। গাঁৱৰ জীয়াৰী -বোৱাৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বিহুৱানখন এতিয়া অস্তিত্বৰ সংকটত। সেয়ে জীয়াৰী -বোৱাৰী যিসকলে পাৰে জানে তেখেত সকলে বিহুৱানখনক আন্তৰিক সন্মান জনাই নিজ হাতে তাঁতশালত বই-কাটি পৰিয়াল, আত্মীয়,মিতিৰ-কুটুমক দিবলৈ শিকক আৰু উত্তৰপুৰুষকো শিকাওক। সকলো ব্যক্তি সকলো দিশতে পাৰ্গত নহ’ব পাৰে। গতিকে যিসকলে বিভিন্ন কাৰণত নিজে প্ৰস্তুত কৰিব নোৱাৰোঁ সেই সকলে উচিত মূল্যৰ বিনিময়ত বিহুৱান খন সংগ্ৰহ কৰি সন্তানক পৰিচয় কৰাই দিয়াৰ গধূৰ দায়িত্বও নাৰী গৰাকীৰে। সেয়ে বিহুগীতত কৈছে ‘ ভালকৈ সাঁচিবি জপাৰ বৰে কাপোৰ/ভালকৈ বাছিবি ফুল দেশকো তাৰিবি নিজকো তাৰিবি/তাৰিবি আপোনৰ কুল।’

বিহু বুলিলেই ঢেঁকী আৰু পিঠা-পনা, জা-জলপান। পিঠাগুৰি খুন্দি বিধে বিধে সুস্বাদু পিঠা-পনা জলপান প্ৰস্তুত কৰাতো অসমীয়া নাৰী কোনো গুনে কম নহয়।প্ৰতি গৰাকী অসমীয়া নাৰীয়েই নিজহাতে পিঠা-লাড়ুকেইটা ঘৰতে তৈয়াৰ কৰি নিজৰ সন্তান বা আত্মীয়ক আপ্যায়ন কৰিবলৈ যত্ন কৰক। তাৰ আমেজেই সুকীয়া। বড়াচাউল -তিল-গুৰ,চিৰা,মুড়ি,আখৈ,হুৰুম,দৈ আদি প্ৰত্যেকেই স্বাস্থ্যসন্মত। কথাতে কয় বোলে ‘দেহা থাকিলেহে বেহা’। সেয়ে ডাকৰ বচন ” সাত বিহুত খাবা শাক পাঁচ কুৰি এক,আঁতৰিব বছৰলৈ বিয়াধিৰ লেখ”। অসমীয়া নতুন বছৰৰ আৰম্ভণি ব’হাগ বিহুৰ প্ৰথম দিনা কৃষিৰ প্ৰধান সাৰথি গৰুক সেৱা সৎকাৰ কৰি গৰু বিহু পতা হয়।।গধূলিলৈ এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে আৰু ই স্বাস্থ্যসন্মত। এই থলুৱা শাক সমূহ যেনে পদিনা,মাটিকান্দুৰি, মানিমুনি,মানধনীয়া আদি বাৰী মাটি নথকা সকলে টাবতে কৰি ল’ব পাৰি।গৰু বিহুৰ দিনা নিশা জীয়াৰী বোৱাৰীয়ে দুহাত জেতুকাৰে বুলায়। জেতুকা ঔষধি গুণেৰে সমৃদ্ধ।এনে এজোপা ঔষধি উদ্ভিদৰ ঘৰতে ৰুই উদ্ভিদ সংৰক্ষণৰ অংশীদাৰ হ’ব পাৰে।

মানুহৰ বিহুৰ দিনা মাহ-হালধীৰে গা ধুই নতুন কাপোৰ নিজেও পিন্ধো আৰু আনকো উপহাৰ দিয়া হয়।বিহু বুলিলে জাতীয় সাজেপাৰ অপৰিহাৰ্য। এই ক্ষেত্ৰতো মাতৃ সকলেই সন্তানৰ সাজ-পোছাকৰ ওপৰত চকু ৰাখিব লাগিব।

বিহুত চুবুৰীয়া বা আত্মীয়ৰ ঘৰলৈ গৈ মাত এষাৰ দি জ্যেষ্ঠজনৰ আৰ্শীবাদ লোৱাৰ কথা সন্তানসকলক আৰ্হি দেখুওৱাব লাগে।মুঠৰ ওপৰত বিহু অসমীয়াৰ ঐতিহ্য।বিহু সংস্কৃতি মানে ৰঙালী বিহুৰ অপূৰ্ব বিহু নাচ আৰু বিহু গীতসমূহ। বিহুগীতত সেয়ে নাৰীৰ ৰূপ-যৌৱন আৰু পালনীয় কাম-কাজ আৰু আচাৰ-বিচাৰ সমূহৰো গুৰু দায়িত্ব নাৰীৰ ওপৰতে ন্যস্ত হৈ আহিছে। সেয়ে বিহু সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধন আদিৰ বাবে সকলোৱে প্ৰচেষ্টা গ্ৰহণ কৰিলেহে অসমীয়া জাতীয় গৌৰব জীয়াই থাকিব।