সংযম , সহিষ্ণুতা আৰু সমতাৰ উৎসব ঈদ-উল্-ফিটৰ-ফখৰুদ্দিন আহমেদ

PC-Hindustan Times

সংযম , সহিষ্ণুতা আৰু সমতাৰ উৎসব ঈদ-উল্-ফিটৰ

ফখৰুদ্দিন আহমেদ

যিমান দূৰ মোৰ মনত আছে সেয়া ইং ১৯৯৯ চনৰ ডিচেম্বৰ মাহ আছিল। সেই সময়ত পবিত্ৰ ৰমজান মাহ চলি আছিল। সেইবাৰ মই মধ্য প্ৰদেশৰ ৰাইচেন জিলাৰ গৈৰৎগঞ্জ অঞ্চলত থকা বৰকাতুল্লাহ বিশ্ববিদ্যালয়ৰ ওচৰৰে এটি জামে মছজিদত ঈদ-উল্-ফিটৰৰ নামাজ আদায় কৰিবলৈ সুযোগ পাইছিলো। আমাৰ অসমৰ প্ৰায় ভাগ ঈদগাহত ঈদৰ নামাজ আদায় কৰাৰ পিছত যি দীঘলীয়া বক্তব্য ইমাম চাহাবে প্ৰদান কৰাৰ পৰম্পৰা আছে তাত নাই। সেইবোৰ ঠাইত নামাজৰ পূৰ্বেই ইমাম চাহাবে বক্তব্য প্ৰদানৰ কাম শেষ কৰি থয়।আমি লগৰ কেইগৰাকীৰ সৈতে ঈদৰ নামাজ আদায় কৰি আহি দেখা পালো পথৰ দুয়োকাষে ধুনীয়াকৈ শৃংখলাবদ্ধ ভাবে শাৰী পাতি বিভিন্ন ধৰ্মৰ মানুহবোৰে মুছলমান লোক সকলক ঈদ-উল্-ফিটৰ উপলক্ষে সম্ভাষণ জনাবলৈ আন্তৰিকতাৰে অপেক্ষো কৰি আছে।নামাজ আদায় কৰি অহা মুছলমান লোক সকলৰ লগত প্ৰথমে হাতেৰে মোচাফাহা আৰু তাৰ পিছত গলাগলি কৰি সাবতা সাবতি কৰাৰ আপুৰুগীয়া সেই মনোমোহা দৃশ্য আজিও মোৰ মানসপটত চিৰ সেউজ হৈ আছে। সম্পুৰ্ণ এটি মাহ সংযম , সহিষ্ণুতা আৰু সমতাৰ মাধ্যমত পালন কৰা ত্যাগ আৰু পৰিশ্ৰম বিজৰিত পবিত্ৰ ৰমজান মাহৰ অনাহাৰী ব্ৰতৰ সফল সমাপ্তিত ঈদ-উল্-ফিটৰৰ আগমন সঁচাকৈ কেৱল ইছলাম ধৰ্মাৱলম্বী সকলৰ কাৰণেই নহয় সমগ্ৰ মানব জাতিৰ বাবেই শান্তি , সমন্বয় আৰু একতাৰ প্ৰতীক স্বৰূপ।
পবিত্ৰ ৰমজান মাহৰ মহত্ব সম্পৰ্কত পবিত্ৰ কোৰান আৰু হাদিছ গ্ৰন্ত সমূহত বহুতো বৰ্ণনা আছে। পবিত্ৰ কোৰানত আল্লাহ পাকে বৰ্ণনা কৰিছে যে তোমালোকৰ ওপৰত ৰমজান মাহৰ ৰোজা পালন বাধ্যতামূলক কৰি দিয়া হ’ল যি দৰে তোমালোকৰ উপৰি পুৰুষ সকলৰ ওপৰতো কৰা হৈছিল। ইযাৰ দ্বাৰা বুজা গ’ল যে কেৱল হজৰত মোহাম্মদ ছঃৰ অনুসাৰী সকলৰ ওপৰতে এই ৰোজা পালন বাধ্যতামূলক কৰা হোৱা নাই , পূৰ্বৰ নবী আৰু ৰছুল সকলৰ অনুসাৰী সকলৰ ওপৰতো ৰোজা পালন কৰা বাধ্যতামূলক আছিল।
পবিত্ৰ হাদিছতো এই সম্পৰ্কত স্পষ্টভাবে উল্লেখ আছে। হজৰত মোহাম্মদ ছঃ য়ে কৈছে যে যি মুছলমানে পবিত্ৰ ৰমজান মাহ পালে আৰু এই ৰমজান মাহৰ জৰিয়তে তেওঁ নিজৰ পাপ ৰাশি মোচন কৰিব নোৱাৰিলে তেওঁৰ সমান দুৰ্ভগীয়া নাই। হাদিছটিত উল্লেখিত বৰ্ণনা মতে উক্ত কথাখিনি ফিৰিস্তা হজৰত জিব্ৰাইল আঃ য়ে হজৰত মোহাম্মদ ছঃক কোৱাত তেখেতে “আমিন” কোৱা বুলি উল্লেখ আছে।
সমগ্ৰ বিশ্বৰ মুছলমানে একে সময়তে এই পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ ব্ৰত বাধ্যতামুলক ভাবে পালনীয় হয়।
এই ৰমজান মাহ সংযমৰ মাহ। ৰমজান মাহৰ ৰোজা কেৱল অনাহাৰে থাকিলেই পালন কৰা নুবুজায়। ইয়াৰ ভিতৰত থাকিব লাগিব আত্ম সংযম । আন মাহবোৰৰ তুলনাত এই মাহত নিজকে বিশেষকৈ ঈশ্বৰীয় চিন্তাত ডুবাই ৰাখিলেহে প্ৰকৃত সংযমতা অৰ্জন হ’ব। যি সংযমে প্ৰতিজন মুছলমানক বিশ্বৰ নাগৰিক হিচাপে চিনাকী হোৱাত অৰিহনা যোগাব।
ৰমজান মাহৰ ৰোজা হৈছে সহিষ্ণুতাৰ অনন্য উৎস। দৰিদ্ৰৰ পৰা ধনী মুছলমান জনলৈকে সকলোৱে এই মাহত সৰ্ব সাধাৰণ মানুহৰ দৰে ক্ষুধা আৰু তৃষ্ণাৰ প্ৰকৃত অনুভব বুজাত সহায় কৰে। এই অনুভবৰ দ্বাৰা এখনি সহায় সুলভ বিশ্ব গঢ় দিয়াত সকলোৱে লগলাগি আগবাঢ়ি যাব পাৰে।
ইছলাম ধৰ্মত ৰোজাৰ ব্ৰত পালন কৰা এনে এক উপাসনা যি উপাসনাত ৰজা-প্ৰজা , ধনী-দুখীয়া সকলোৱে একে ধৰণৰ পদ্ধতি অৱলম্বন কৰিব লাগে। দুখীয়া সকলক ধনী সকলে নিৰ্দিষ্ট কৰি দিয়া ধন বা সামগ্ৰী ফিটৰা ঈদ-উল্-ফিটৰৰ নামাজেই পূৰ্বেই আদায় কৰি দিব লাগে কাৰণে এই উৎসবত ধনী , দুখীয়া সকলোৱে সমানে আনন্দ উল্লাসেৰে অংশগ্ৰহণ কৰিব পাৰে।এই উৎসবটিৰ নামাকৰণৰো উৎসও একেটাই বুলি ইছলামীক বিশেষজ্ঞ সকলে দৃঢ়তাৰে সৈতে মত প্ৰকাশ কৰিছে।
চলিত ইং ২০২২ বৰ্ষৰ ৰমজান মাহৰ ৰোজাই বিশেষ ভাবে আমাৰ অসমলৈ সাম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষেত্ৰত বাৰুকৈয়ে অশেষ আশাৰ বতৰা কঢ়িয়াই অনা দেখা পোৱা গৈছে। ইয়াৰ পূৰ্বেও ভাৰতৰ বিভিন্ন স্থানত অন্য ধৰ্মী লোকেও ৰোজাৰ ব্ৰত পালনৰ খবৰ সংবাদ মাধ্যমত পোৱা গৈছিল।
অসমত যোৱা তিনি-চাৰি বছৰ ধৰি কেইজন মান বিশেষ ব্যক্তিয়ে হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ঘৰ সূচনা কৰিবলৈ যত্নৰ ত্ৰুটি কৰা নাই। অহৰহ ইছলাম ধৰ্ম , কোৰাণ আৰু হজৰত মোহাম্মদ ছঃ সম্পৰ্কত বিৰূপ মন্তব্য কৰি অসমৰ মুছলমান সকলৰ ধৰ্মীয় আবেগত আঘাত কৰিবলৈ উঠি পৰি লাগি থকা সকলৰ ভিতৰত তথাকথিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা , হোজাইৰ প্ৰাক্তন বি জে পি বিধায়ক শিলাদিত্য দেব অন্যতম।
অৱশ্যে শেহতীয়া ভাবে মনোজ কুমাৰ ডেকা নামৰ ব্যক্তি এগৰাকীও এনে ঘৃণণীয় ক্ষেত্ৰখনিত প্ৰবেশ কৰিছে। তেওঁ কোনো এটি নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত বিনাদ্বিধাই মুছলমান সকলে নামাজত চিজদা কৰা কাৰ্যক বাৰুকৈয়ে উপলুঙা কৰি বিৰূপ মন্তব্য কৰিছে। নিজে কৰা প্ৰতিটো কাৰ্যকেই ভুল বুলি অনুভব আৰু বুজিব পাৰিহে হেনো মুছলমান সকলে নিজৰ মুৰটো নামাজ ৰত অৱস্থাত ঠক্ ঠক্ কৈ মাটিত মাৰি দিয়ে। কটু সাম্প্ৰদায়িক মন্তব্য কৰা লোক সকলক অসম আৰক্ষী্যে খেদি খদি হ’লেও কৰায়ত্ব কৰিব বুলি এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াই দৃঢ়তাৰে মন্তব্য কৰিছিল যদিও অদ্যপি বিশেষকৈ সত্যৰঞ্জন বৰা , শিলাদিত্য দেৱ আৰু নতুনকৈ প্ৰবেশ কৰা মনোজ কুমাৰ ডেকা মুকলি আকাশৰ তলত ঘুৰি আছে।
এই বছৰৰ ৰমজান মাহত অসমৰ চুকে কোণে হিন্দু , মুছলমান , শিখ , খ্ৰীষ্টান আদি ধৰ্মাৱলম্বীয়ে সমূহীয়া ভাবে ইফটাৰ অনুষ্ঠানৰ আয়োজন কৰা দৃষ্টিগোচৰ হৈছে।উক্ত ইফটাৰ অনুষ্ঠানত সমবেত হোৱা বিভিন্ন ধৰ্মৰ ধৰ্মাৱলম্বী সকলৰ বক্তব্যত শান্তি , সম্প্ৰীতি আৰু সমন্বয়ৰ অসম গঢ়াৰ যি অংগীকাৰ প্ৰকাশ পাইছে , সেই অংগীকাৰে যে অনতিপলমে সাম্প্ৰদায়িক শক্তিৰ পাৰিকাঠামোক তাচপাটৰ দৰে খহাই পেলাব সেয়া ধ্ৰুব সত্য।
অসমৰ লোক সংস্কৃতি বাৰেৰহনীয়া কাৰণেই অসমৰ সমাজ জীৱনত এই সংস্কৃতিৰ প্ৰভাব বাৰুকৈয়ে আছে। সকলো ধৰ্মীয় , জাতীয় , জনগোষ্ঠীয় উৎসব পাৰ্বণত ধৰ্ম , জাতি , জনগোষ্ঠী নিৰ্বিশেষে সকলোৱে সফল কৰি তুলিবলৈ আহোপুৰোষাৰ্থৰে যত্নত অবৰ্তীৰ্ণ হয় কাৰণেই বিশ্বত অসমবাসীৰ এক আৰু অনন্য হিচাপে ঐতিহাসিক গৌৰৱময় পৰিচয় আছে। এই পৰিচয় বুকুত সাবতি লৈ মহাপুৰুষ শংকৰ দেব , মহাপুৰুষ মাধব দেব আৰু পীৰ আজান ফকিৰ চাহাবে প্ৰদৰ্শন কৰি থৈ যোৱা পথেৰে সাম্প্ৰতিক সময়ত উত্তৰ পুৰুষে বাট বোলাটো অৱশ্যেই কৰণীয় হৈ পৰিছে।তেতিয়াহে বিশ্বৰ বুকুত , বিশ্ববাসীৰ চকুত প্ৰতিভাধৰ এক আৰু অনন্য অসমীয়া জাতি হিচাপে অনাদি অনন্তকাল থিয় দি থাকিবলৈ সমৰ্থ হ’ব।