সংগ্রাম- কৌশল্যা বৰা

pc Castle Connolly

সংগ্রাম

টোপাল -সৰা ৰাতিলৈকে নৰীয়া মানুহটোক প্ৰতিপাল কৰি থাকি ভাগৰ, টোপনিয়ে হেঁচি ধৰিছিল তাইক। কাষতে এবাগৰ মাৰি ল’ব খোজোঁতেই জপনা মুখত গাড়ীৰ হৰ্ণ। ইঞ্জিনীয়াৰৰ পুতেকে চিঞৰি ক’লে-‘ঐ মালতী, জোৰোণ সোনকালে পাবহি। পুৰা ছয় বজাত পোৱাকৈ আহিবি, নোৱাৰিলে বেলেগ মানুহ বিচাৰিম -।’—-উদং ঘৰখনৰ অবাধ্য আদেশ। বাহিৰৰ পৰা দুৱাৰ খন জপাই তাই ওলাই গ’ল। অন্তত: বেমাৰী মানুহটোৰ বাবে দুটামান ঔষধ আৰু ভালকৈ এমুঠি ভাত–। চহকী লোকৰ বিয়াঘৰৰ জাক্-জমকীয়া পৰিৱেশও মালতীৰ বাবে যম নগৰ যেন লাগিছে।আনহাতে যাতনাৰ বলিশাল হ’লেও বিয়াঘৰৰপৰা তাইক পৰে পৰে মাতি আছে নিজৰ পঁজাটোৱে। পুৰাতন বেলিটোক যেন হেঁচি ধৰিব তাই-। ছুটিৰ সময়ত মালিকক দুটামান টকা বেছিকৈ বিচাৰিলে। কিন্তু, বিলাসী কাৰেঙৰ খিড়িকীৰে দুখীয়াৰ জুহাল নেদেখিলে মালিকে–। অভাৱগ্রস্ত জীৱনে দিব পৰা যান্ত্ৰণাৰ ওপৰেদি খোঁজ দিয়াৰ সামৰ্থৰে তাই উলটিল নিজৰ সৰু জুপুৰিটোলৈ….।

কৌশল্যা বৰা