সংগীত সত্ৰ অসমৰ সমাবৰ্তন অনুষ্ঠানত উজলি উঠিল দৰঙৰ শিল্পী

সংগীত সত্ৰ অসমৰ সমাবৰ্তন অনুষ্ঠানত উজলি উঠিল দৰঙৰ শিল্পী

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ২৪ জুন তাৰিখে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সংগীত সত্ৰ অসমৰ ৮ ম সমাবৰ্তন অনুষ্ঠান অনুষ্ঠিত হৈ যায় । উক্ত অনুষ্ঠানত অনাতাঁৰ শিল্পী, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষক , বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত মঙ্গলদৈৰ প্ৰাঞ্জল শৰ্মাই গায়ন (বৰগীত)শাখাৰ গুনীণ (বিশাৰদ) পৰীক্ষাত বিশেষ স্হান (DISTINCTION)লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনাত জিলা খনৰ সাংস্কৃতিক ক্ষেত্ৰখন উৎফুল্লিত হৈ পৰিছে । উল্লেখযোগ্য যে দৰং ৰ বহুকেইগৰাকী শিক্ষাৰ্থীয়ে সত্ৰীয়া নৃত্যৰ গুণীন উপাধি লাভ কৰাৰ বিপৰীতে গায়ন(বৰগীত) শাখাত প্ৰাঞ্জল শৰ্মাৰ লগতে অনাতাঁৰ শিল্পী দৰঙৰ ৰিন্তমনি ডেকা আৰু ওদালগুৰি জিলাৰ পৰা ভাস্কৰ জ্যোতি শিৱমে বিশেষ স্হান লাভ কৰে। জানিব পৰা মতে গায়ন অৰ্থাৎ বৰগীত শাখাত গুনীন ছাত্ৰ ছাত্ৰীৰ সংখ্যা সমগ্ৰ অসমতে তাকৰীয়া। অসমৰ প্ৰায় সকলো সত্ৰীয়া সংস্কৃতিৰ পুৰুধা ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত উক্ত সমাৱৰ্তন অনুষ্ঠানত শদিয়াৰ পৰা ধুবুৰীলৈ বহু সংখ্যক সত্ৰীয়া সংস্কৃতিৰ ছাত্ৰ ছাত্ৰীক গুণীন উপাধি প্ৰদান কৰা হয়। বিশেষ স্থান লাভ কৰা শিক্ষাৰ্থী সকলক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। সংগীত সত্ৰ অসমৰ পৰীক্ষা নিয়ন্ত্ৰক পদ্মশ্ৰী তথা বায়নাচাৰ্য্য ঘণকান্ত বৰা বৰবায়নে আদৰণি ভাষণ প্ৰদান কৰে। সংগীত সত্ৰ অসমৰ সভাপতি অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া স্বপ্ননীল বৰুৱা, পদ্মশ্ৰী নৃত্যাচাৰ্য তথা দেশৰ সংগীত নাটক অকাডেমীৰ একাডেমী ৰত্ন বটাৰে বিভূষিত যতীন গোস্বামী,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জীতেন হাজৰিকা,সংগীত সত্ৰ অসমৰ মুখ্য সম্পাদক সংগীত নাটক অকাডেমীৰ বটা বিজয়ী ৰঞ্জুমণি শইকীয়া, সোণাৰাম শৰ্মা বুঢ়াভকত আদিয়ে অনুষ্ঠানত বক্তব্য আগবঢ়ায়।সমাৱৰ্তন উপলক্ষে প্ৰস্তুত কৰা পুষ্টকাখনি উন্মোচন কৰে সংগীত নাটক অকাডেমীৰ সদস্যা তথা বিশিষ্ট নৃত্য গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব শাৰদী শইকীয়াই । দিক্ষান্ত সমোৰোহত অংশগ্ৰহণ কৰা সমূহ শিক্ষাৰ্থীক সংগীত সত্ৰ অসমৰ আচাৰ্য তথা তিতাবৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱকান্ত গোস্বামী প্ৰভুৱে নিৰ্মালি প্ৰদান কৰে। দৰংৰ শিল্পী সকলৰ এই সাফল্যই জিলাখনৰ যুৱপ্ৰজন্মৰ সঙ্গীত, সত্ৰীয়া নৃত্যৰ লগতে অন্যান্য ক্ষেত্ৰৰ সাধনাত ব্ৰতী ন-শিকাৰু সকলক প্ৰণালীবদ্ধ ভাবে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰে।