সংখ্যালঘু অঞ্চলত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ
জেফলিন চুলতানা ,ধিং বৰী পথাৰ (নগাঁও )
সংখ্যালঘুৰ ধাৰণাটো সমাজতত্ত্বৰ এক গুৰুত্বপূৰ্ণ ধাৰণা । সংখ্যালঘু বুলিলে সাধাৰণতে কম জনসংখ্যাৰে গঠিত লোকসকলকহে বুজায় ।
শিক্ষাৰ বিষয়ে কিছু আলোকপাত : ব্যক্তিৰ মন , চৰিত্ৰ বা শাৰিৰীক ক্ষমতালৈ গঠনমূলক অৱদান আগবঢ়োৱা যিকোনো ধৰণৰ কাৰ্য্য বা অভিজ্ঞতাকে বিস্তৃত অৰ্থত শিক্ষা বোলে । শিক্ষাৰ এই সংজ্ঞাৰ আধাৰত ইয়াৰ মূল বৈশিষ্ট্য হৈছে —-
১/ জ্ঞান, পাৰদৰ্শিতা আৰু তথ্য আহৰণৰ প্ৰয়োজনীয়তা ।
২/ শিক্ষা প্ৰদানৰ বাবে উৎসুক ব্যক্তিৰ সহায় ।
৩/ভ্ৰান্ত চিন্তাধাৰা পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা আৰু সক্ষমতা ,
৪/ মানসিক উৎকৰ্ষ সাধন ,
ক’ব গ’লে শিক্ষা হ’ল ব্যক্তিৰ গোটেই জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ সমষ্টি ।
শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ :
সাম্প্ৰতিক সময়ত শিক্ষা , চিকিৎসা , ক্ৰীড়া , নিবনুৱা সমস্যা , শিশুৰ শাৰীৰিক, মানসিক উৎকৰ্ষ সাধন , ইত্যাদি বিষয়সমূহ বহুত উন্নত হৈছে । অন্যান্য অঞ্চল সমূহতকৈ আমাৰ সংখ্যালঘু অঞ্চলসমূহ এনেবোৰ ক্ষেত্ৰত বহুত পিছপৰি থকা দেখা যায় । তাৰে এটি প্ৰধান কাৰণ হৈছে আমাৰ দেশৰ চৰকাৰখনৰ জাতিয়তাবাদী ভাবধাৰা । দ্বিতীয়তে , আমাৰ সংখ্যালঘু সকলৰ ভিতৰতে থকা কিছু ৰাজনৈতিক সুবিধাবাদী সংখ্যালঘু লোক । কেতিয়াবা আমাৰ সংখ্যালঘু অঞ্চলৰ ৰাজনৈতিক ব্যক্তি সকলে ৰাজনৈতিক কাৰণত কিছুমান ৰাজনীতিকাৰী বা ৰাজনৈতিক নেতাই জাতীয় সচেনতাক ৰাজনৈতিক মুনাফা আদায়ৰ উদ্দেশ্যে নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰে । জাতীয় সচেতনাক যেতিয়া ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হয় নিশ্চয় সেই ব্যক্তি সকলো একো একোজন সুবিধাবাদী লোক । ভোট যুদ্ধত জাতীয়তাবাদক এক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায় ।
আমাৰ সংখ্যালঘু অঞ্চল সমূহত উন্নয়ন তথা শিক্ষাৰ ক্ষেত্ৰত আলোচনা হ’লে দেখা যায় কেৱল মাত্ৰ ৰাজনৈতিক মুনাফা । সদায় সংখ্যালঘু লোকসকল ( বিশেষকৈ মুছলমানসকল ) ধৰ্মীয় পৰিচয় ভিত্তিত একাকাৰ হয় । যেন মুছলমান সমাজ সম্পূৰ্ণৰূপে একো একোটা পৃথক গোট । অসমৰ হিন্দু সমাজত যিদৰে আহোম , কোচ , নাথ , বিহাৰী , ৰাভা , কলিতা , বড়ো , বামুণ , বাঙালী আদি এশ এটা জাতিগত তথা ভাষাগত গোট বিদ্যমান , ঠিক তেনেদৰে অসমৰ মুছলমান সমাজো বিভিন্ন জাতিগত আৰু ভাষাগত গোটত বিভক্ত হৈ আছে ।
ভাৰতৰ কেইটামান সংখ্যালঘু গোটৰ নাম হ’ল –
১) ভাৰতৰ মুছলমানসকল ( মুঠ জনসংখ্যাৰ ১৪.২ শতাংশ )
২) ভাৰতৰ খ্ৰীষ্টানসকল ( মুঠ জনসংখ্যাৰ ২.৩ শতাংশ)
৩) ভাৰতৰ শিখসকল (১.৯ শতাংশ )
৪) জৈন সকল ( মুঠ জনসংখ্যাৰ ০.৪ শতাংশ )
এখন দেশৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰূপণ কৰে দৰ্শনেহে । সেয়েহে প্ৰত্যেক দেশৰে শিক্ষাৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলে বিভিন্নতা প্ৰত্যক্ষ কৰা হয় । দেশখনৰ শিক্ষা ব্যৱস্থাৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলে বিভিন্ন ব্যক্তি কোন দৰ্শনত বিশ্বাসী তাৰ উমান পোৱা যায় । ব্যক্তিৰ আচৰণ সংশোধন কৰাৰ ক্ষেত্ৰত দৰ্শনে নিতী নিৰ্দেশনা নিৰ্ধাৰণ কৰে । শিক্ষাৰ লক্ষ্যইও ব্যক্তিৰ আচৰণ নিৰ্ধাৰণ কৰি আদৰ্শ ব্যক্তি গঢ়ি উঠাৰ ওপৰত গুৰুত্ব দিয়ে । দৰ্শনে জীৱনৰ মূল্যবোধ সম্পৰ্কে অৱগত কৰোৱাই যে শিক্ষাই সেইবোৰত কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত শিক্ষন পদ্ধতি , অনুশাসন মানি চলাৰ ক্ষেত্ৰত দৰ্শনৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ ।
মই কোনো শিক্ষাবিদ নহও , জ্ঞানো নিচেই সীমিত । যি লিখিছোঁ সেয়া আলোচনাৰ আৰম্ভণি বুলি গণ্য কৰিলেহে বোধহয় আগবঢ়াৰ পথ ওলাব । মোৰ মনলৈ অহা কেইটামান চিন্তা আপোনালোকলৈ আগবঢ়ালোঁ । বিশেষকৈ চহৰ তথা নগৰবোৰত শিক্ষাৰ ক্ষেত্ৰত বহুত উন্নত । ঘৰে ঘৰে চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয় বুলি ক’লে বোধহয় বঢ়াই কোৱা নহ’ব । চহৰ অঞ্চলত ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ যথেষ্ট প্ৰয়োভৰ হৈছে আৰু এনে প্ৰতিষ্ঠানৰ প্ৰতি সৰ্বসাধাৰণ লোকৰ আস্থাও জন্মিছে । বৰ্তমান সময়ত গাঁৱে-ভূঞেও যথেষ্ট প্ৰয়োভৰ হ’ব ধৰিছে । কিন্তু আমাৰ সংখ্যালঘু চৰাঞ্চলৰ শিক্ষা ব্যৱস্থা ইমানেই অনুন্নত যে ১০ /১২ বছৰীয়া প্ৰায় ল’ৰা ছোৱালীয়ে স্বৰ বৰ্ণ , ব্যঞ্জন বৰ্ণ কি বুজি নাপায় । শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমাৰ চৰাঞ্চলৰ সংখ্যালঘু নিৰক্ষৰ লোকসকল অকনো সচেতন নহয় । দেখা যায় নিৰক্ষৰ লোকসকলৰ ল’ৰা ছোৱালীৰ শিক্ষিতৰ হাৰ তুলনামূলকভাৱে স্বাক্ষৰ আৰু শিক্ষিত লোকৰ ল’ৰা ছোৱালীৰ হাৰতকৈ যথেষ্ট কম । ইয়ে শিক্ষাৰ সাৰ্বজনীনতাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে । আমাৰ সংখ্যালঘু ( বিশেষকৈ চৰাঞ্চল ) ৰ মানুহক লৈ আমাৰ চৰকাৰ , ৰাজনৈতিক নেতা , সামাজিক , শৈক্ষিক দায়বদ্ধ থকা ব্যক্তিসকলে কেৱল মাত্ৰ ৰাজনীতিয়েই কৰি গ’ল । উন্নয়নৰ নামত ভেকুভাওনা ।
আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল সমূহৰ পৰা বহু চিকিৎসক , অভিযন্তা , ৰাজনৈতিক নেতা ,কবি , লেখক , বুদ্ধিজীৱী , আই এছ , আই পি এছ , এ ছি এচ , শিক্ষক , সমাজসেৱকে ইতিমধ্যে নিজৰ নাম অসম তথা ভাৰতত জিলিকাবলৈ যি সময়ত সক্ষম হৈছে । অসমৰ জনজীৱনত থলুৱা মুছলমান সকলৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি ইছমাইল হোছেইন ছাৰলৈকে এনে বহু অসমীয়া মুছলমান আছে যাৰ প্ৰথম পৰিচয় অসমীয়া , তাৰ পিছতহে মুছলমান । যি সময়ত আমি নিজক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ । যি সময়ত আমি আমাৰ অস্তিত্ব দেখুওৱাব পাৰিছোঁ । ঠিক একে সময়তে আমি আমাৰ সংখ্যালঘু (বিশেষকৈ চৰাঞ্চলৰ মুছলমান) লোকসকল শিক্ষাৰ ক্ষেত্ৰত কিয় ইমান পিছপৰি থকা দেখা যায় । আমি কেৱল শিক্ষিতই হৈছোঁ , নে প্ৰকৃত জ্ঞান আহৰণ কৰিব পৰা নাই ? আমাৰ এচাম ৰাজনীতিবিদে সেই লোকসকলক লৈ কেৱল মাত্ৰ ৰাজনীতিয়েই কৰি গ’ল , উন্নয়নৰ নামত ভেকুভাওনা । গতিকে আমি শিক্ষিত এচামে এই চৰাঞ্চলৰ সংখ্যালঘু লোকসকলক শিক্ষাৰ পোহৰ বিলাব নোৱাৰোঁ নে ? তেওঁলোককো সপোন দেখুওৱাব নোৱাৰোঁ নে যে তেওঁলোকৰ মাজৰ পৰাও আমাৰ চিকিৎসক , অভিযন্তা , ৰাজনৈতিক নেতা ,কবি , লেখক , বুদ্ধিজীৱী , আই এছ , আই পি এছ , এ ছি এচ , শিক্ষক , সমাজসেৱক আদি লাগে । তেওঁলোকৰ পেটৰ তাৰণাৰ লগতে শিক্ষাও এক প্ৰয়োজনীয় অংগ বুলি তেওঁলোকৰ মন মগজুত সোমাই দিব নোৱাৰোঁ নে ? হাতত কলম কিতাপ তুলি দিব নোৱাৰোঁ নে ? যিসকল লোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকৰ বাবে সুকীয়াকৈ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে । কিছুমান শিক্ষাৰ্থীয়ে শিক্ষা সমাপ্ত নকৰাকৈ শিক্ষানুষ্ঠান পৰিত্যাগ কৰিব লগা হৈছে । এনেবোৰ ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এই ক্ষেত্ৰত চৰকাৰ তথা আমাৰ ৰাজনৈতিক নেতা , তথা শিক্ষাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশেষ ব্যক্তিসকলৰ প্ৰতি মোৰ বিশেষ অনুৰোধ আমাৰ সংখ্যালঘু চৰাঞ্চলত অন্ততঃ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়ে যেন । উন্নয়নে ঢুকি নোপোৱা আমাৰ গাওঁসমূহৰ পৰাও যেন চিকিৎসক , অভিযন্তা , আই এছ , আই পি এছ বিষয়া আদি ওলায় , এওঁলোকৰ নামো যেন বিশ্ব দৰবাৰত জিলিকি উঠে ।
ধৰ্মীয় সংখ্যালঘু ৰাইজৰ লগতে ভাষিক সংখ্যালঘু তথা ৰাজ্যখনৰ চৰাঞ্চলত বসবাস কৰা অভিভাষীসকলৰ কল্যাণ শিক্ষা তথা উন্নয়নৰ বিভিন্ন দিশৰ তদাৰকীৰ ক্ষেত্ৰত বিশেষকৈ সংখ্যালঘু উন্নয়ন বিভাগ তথা চৰকাৰে গুৰুত্ব সহকাৰে দায়িত্ব পালন কৰক , নিশ্চয় আমাৰ মাজৰ পৰাও দেশৰ ভৱিষ্যত ওলাব । অধিসূচিত ধৰ্মীয় সংখ্যালঘু সকলৰ লগতে ভাষিক সংখ্যালঘু তথা চৰাঞ্চলৰ দৰে পিছপৰা এলেকা সমূহত বসবাস কৰা অভিভাষী ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ গতি ত্বৰান্বিত কৰি সামগ্ৰিকভাবে সংশ্লিষ্ট সকলৰ কল্যাণ সাধন কৰিব পৰাকৈ বিভিন্ন কৰ্ম আঁচনি যুগুতাই তেনে আঁচনি ৰূপায়নত অধিক মনোনিবেশ কৰক । সংশ্লিষ্ট সকলৰ অৰ্থ সামাজিক অৱস্থাৰ উত্তৰণৰ বাবে আঁচনি প্ৰস্তুত কৰাৰ লগতে স্ব নিয়োজনৰ সম্ভাৱনা সৃষ্টিতো তৎপৰতা গ্ৰহণ কৰা বিভাগটোৱে এই ক্ষেত্ৰত পৰম্পৰাগতভাবে পেচাদাৰী গোট আৰু মহিলাসকলক বিশেষ অগ্ৰাধিকাৰ দিয়াত গুৰুত্ব দিব লাগে ।উচ্ছেদিত লোকসকলক সংস্থাপনৰ ব্যৱস্থা তথা তেওঁলোকৰ ল’ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱা , তেওঁলোকক মানুহ হোৱাৰ সপোন দেখুওৱা । তেতিয়াহে আমাৰ সংখ্যালঘু অঞ্চল সমূহৰ উন্নয়ন সম্ভৱ ।