শৰৎ, শাৰদীয় দূর্গাপূজা আৰু কিছু অনুভৱ
কবিতা শর্মা, দিল্লী
গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত এই ছয় ঋতুৰ সমাহাৰেৰে বছৰটো। এই ঋতুবোৰৰ সমান্তৰালভাৱেই প্ৰকৃতিয়ে বৰণ সলাই। প্রতিটো ঋতুয়ে নিজস্ব স্বকীয়তাৰে পৰিপূৰ্ণ। ঋতুয়ে প্রতি ধৰা দিয়া প্ৰকৃতিৰ ভিন্ -ভিন্ ৰূপে মানুহৰ মন প্ৰাণ জুৰাই যায় । এই ঋতুবোৰেই সন্ধান দিয়ে সৃষ্টিৰ ন-ন দুৱাৰৰ। প্ৰকৃতিৰ নিয়ম অনুযায়ীয়ে এইবাৰো নিৰ্দিষ্ট সময়ত ধৰালৈ শৰৎ নামিছে। শৰৎ …সকলোৰে প্ৰিয় ঋতু শৰৎ … ঋতু ৰাণী শৰৎ….কবি, গীতিকাৰৰ হিয়াৰ আমঠু শৰৎ … আৰু যে কত কি … মহাকবি কালিদাস, কবিগুৰু ৰবীন্দ্ৰনাথৰ পৰা অসমৰ বিখ্যাত কবি-গীতিকাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, যতীন্দ্ৰনাথ দুৱৰা, ৰঘুনাথ চৌধুৰী, ড° ভূপেন হাজৰিকা, হীৰেণ ভট্টাচাৰ্যকে ধৰি হয়তো এনে এজন কবি গীতিকাৰ বা প্ৰৱন্ধকাৰ নোলাব যাৰ কবিতা, গীত বা অন্যান্য লিখনিত শৰতৰ অপৰূপ সৌন্দৰ্য্যৰ বর্ণনা পোৱা নাযায়। মায়াবিনী শৰতৰ স্নিগ্ধ কোমল স্পর্শত সিক্ত হয় সকলোৰে মন। শংকৰ গুৰুজনাইও শৰতৰ বিতোপন ৰাতিৰ সৌন্দৰ্য উপভোগ কৰি সকলো ঋতুৰ ভিতৰত শৰৎ ঋতুকে শ্রেষ্ঠ ঋতু বুলি এনেদৰে বৰ্ণাইছিল-
পৃথিৱীৰ সকলো কদর্য্য গুচিল
ৰৈ গ’ল পথ স্বচ্ছল
যত জল মানে সৱ স্বচ্ছ ভৈল
শৰতে মুহিল মন
নহবই বা কিয়? গ্ৰীষ্মৰ নিদাৰুণ দহন, বৰ্ষাৰ মুষলধাৰ বৰষুণ জাকৰ অন্তত শীতল বতাহজাকে যেন দেহ-মন শীতল কৰিবলৈকে লৈ আহে শৰতক । শৰৎ এটি কুন্দত কটা ঋতু! শাৰদী পুৱাতে ওলাওঁ – নোলাওঁ কৈ ডাৱৰৰ আৱৰণ ফালি পূৱ আকাশত ধৰা দিয়ে কোমল ৰঙা বেলিটোৱে । সেউজীয়া পথাৰৰ টোপ – টোপ নিয়ৰ চুমি শুকুলা মেঘৰ ছাঁত এনেকৈয়ে আৰম্ভ হয় আহিনৰ দিনবোৰ। পাতলীয়া কুৱলীৰ আঁৰত পদূলিয়ে পদুলিয়ে স্নিগ্ধ সুগন্ধি বিলোৱাত ব্যস্ত হৈ পৰে শেৱালি কেইজোপা। হয়তো কাৰোবাৰ নঙলা মুখৰ দুবৰি ডৰাও বকুল ফুলৰ শুভ্র দলিচাৰে শুৱনি হৈ পৰে। নৈৰ পাৰত বতাহত হালি জালি থকা কহুঁৱা কেইজোপাৰ সৈতে যেন প্রতিযোগিতাতহে নামিব খোজে শুভ্রনীল আকাশৰ শুকুলা ডাঁৱৰবোৰ। গছৰ ডালত পৰি কোমল ৰ’দৰ জিলিকনিত খিলখিলাই হাঁহে কোনোজনী বনৰীয়া চৰাই। সদ্যযৌৱন প্রাপ্ত ডেকা- গাভৰুৰ দৰে বাঢ়ি অহা পথাৰৰ ধাননি ডৰাই খেতিয়কৰ বুকুত ৰচে আশা-আকাংক্ষাৰ মুক্ত সপোন। দিনটোৰ শেষত লাহে লাহে পশ্চিমৰ দিশত গতি কৰা বেলিটোৰ সৈতে জাকে জাকে পখী নীৰমুখে উভতে। এচুকত কোনো এঘৰৰ ৰেডিওৰ পৰা হয়তো ভাহি আহে … “শাৰদী ৰাণী তোমাৰ হেনো নাম / তুমি মোৰ নিচেই আপোন …এয়াইতো শৰৎ … এয়াইতো আহিন
শৰতক লৈ যেন অনুভৱৰ শেষ নাই। এই ঋতু হ’ল উৎসৱৰ ঋতু। শৰতেই আগমন জনাই দুর্গতি নাশিনী দেৱী দুৰ্গাৰ … আকাশ বতাহ কপাই ধ্বনিত হোৱা-
যা দেৱী সর্ব ভূতেষু শক্তি ৰূপেন সংস্থিতা
নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নমঃ।
মন্ত্ৰ উচ্চাৰণৰ মাজেৰে দেৱী দুর্গা ধৰাৰ বুকুলৈ নামি আহে – সমাজৰ অসূয়া- অশান্তি, অপায় -অমঙ্গল, অসুৰ ৰূপী শক্তিক নাশ কৰিবলৈ। হিংসা দ্বেষ কপটতা বিসৰ্জন দি ভক্ত সকলেও দেৱীৰ চৰণত মূৰ দোৱাই শক্তি, বিদ্যা-বুদ্ধি, ঐশ্বর্য-বিভূতিৰ কামনা কৰি দেৱী মাৰ আশীষ মাগে।
কিন্তু অতি দুর্ভাগ্যজনক ভাবে শৰতৰ এই ছবি বৰ্তমানৰ ছবি নহয়। এই ছবি আমাৰ অতীতৰ। এয়া আমাৰ শৈশৱ, কৈশোৰ, যৌৱনৰ ছবি … সময় সলনি হ’ল, মানুহ সলনি হ’ল, দিনবোৰো সলনি হ’ল। সময়ৰ সোঁতত উটি-ভাঁহি আজি আমি ক’ত? আজি সেই শেৱালিও নাই, কহুৱাও নাই, শৰতৰ সেই মাদকতাও নাই। নাই শৰতৰ সেই শীত – শীত যেন লগা আমেজ। পূজা আহিব – আহিব বুলি মনত চোন সেই আনন্দও নাই। আছে মাথো অতীতৰ কিছু মধুৰ স্মৃতি। অতীতৰ দিনবোৰ সুৱঁৰি মনটোৱে যেন আজি হাহাকাৰ কৰি উঠে। আহিন মহীয়া এই উৎকট গৰমৰ মাজত মনতে ভাবো বৰ্তমানৰ এই কংক্রিটৰ পৃথিৱীখনত ডিজিটেল মাধ্যমৰ যোগেৰে ঘৰতে বহি শৰৎ ঋতুৰ ৰূপ লাৱণ্য উপভোগ কৰাৰ বাহিৰে আমাৰ আৰু আন কিবা উপায় আছে জানো?
মনত পৰে আগতে দুর্গা পূজা বুলি কলেই আনন্দত মন নাচি বাগি উঠিছিল। পূজা কেতিয়া আহিব – আহিব বুলি কেলেণ্ডাৰ খনকে চাই থাকিছিলোঁ। পূজাত কি কিনিম মনতে গুণা-গথা কৰি থাকোঁ । যেতিয়াই পূজাৰ উপহাৰ হিচাপে নতুন ফ্রক আহি হাতত পৰে আনন্দত যেন আত্মহাৰা হৈ পৰোঁ। কিমানক যে নেদেখুৱাও! মনত পৰে পুতলা পিষ্টল, পেঁপাৰ শব্দবোৰলৈ। মনত পৰে মা-দেউতা, আত্মীয়-স্বজন, ওচৰ চুবুৰীয়া, বন্ধু- বান্ধবীৰ লগত জাক পাতি পূজা চাবলৈ যাওঁতে মনত লৈ যোৱা হেপাঁহ আৰু উৎকণ্ঠা বোৰৰ কথা। ঘূৰি আহোতে মা দেউতাক কুটুৰি কিনি অনা ডাঙৰ ৰংচঙীয়া বেলুন, গেচ বেলুন, সাপ বেলুনৰ মাজত কেন্দ্রীভূত হয় সকলো হেঁপাহ… ফুলাই দিয়া বেলুনটোৰ পৰা ওলোৱা গোন্ধ আমাৰ কাৰণে শেৱালিৰ সুগন্ধিতকৈ কোনো গুণে কম নাছিল। সাধাৰণ বেলুন এটা ফুটিলেও চকুলো সৰা দিনবোৰলৈ মনত পৰে। সেই অনুভৱবোৰ আজিৰ প্ৰজন্মই হয়তো কেতিয়াও অনুভৱ কৰিব নোৱাৰিব। আজিৰ ভোগবিলাসী জীৱনৰ দামী আৰু সহজ লভ্য বস্তুৰ মাজত সাধাৰণ বেলুন একোটাৰ প্ৰতি আমাৰ আকৰ্ষণৰ কথা সিহঁতেনো কেনেকৈ অনুভৱ কৰিব? পূজা বুলিলেই জেলেপী , পূজা বুলিলেই বেলুন, পূজা বুলিলেই নতুন কাপোৰ এই ধাৰণা এতিয়া আৰু নাই। বহুতৰ বাবেই এতিয়া পূজা মানেই বিলাস। পূজা বুলিলেই বিভিন্ন ঠাইলৈ ফুৰিব যোৱাৰ পৰিকল্পনা। পূজা মানেই সপৰিয়ালে বাহিৰত কোনোবা ৰেষ্টুৰেণ্ট বা ৰিজোৰ্তত খানা খোৱা। পূজা উপভোগ কৰাৰ প্ৰৱনতা আজি আমাৰ সলনি হৈছে। পূজা এতিয়া কেৱল আধ্যাত্মিক চিন্তা-ধাৰণাৰ উৎসৱ মাত্রই হৈ থকা নাই, বৰঞ্চ ই আনন্দ ফুৰ্তিৰ এক মাধ্যম হৈ পৰিছে। বৰ্তমান দুর্গাপূজা অতি ব্যয় বহুল ভাবে পতা হয়। উন্নত কাৰিকৰী বিদ্যাৰ সহায়ত মা দুৰ্গাৰ প্ৰতিমা আটক ধুনীয়া কৈ সজাই পৰাই লোৱাৰ লগতে মঞ্চ আৰু বাট-পথ আলোকসজ্জিত কৰি, গাৱে-ভূঞে, চহৰে -নগৰে অধিক জাক জমকীয়া আৰু উলহ- মালহেৰে পূজা উদ্যাপন কৰা দেখা যায়। নিত্য নতুন থিমেৰে পূজাক অধিক আকর্ষণীয় কৰি তোলাৰ ন-ন প্ৰয়াস কৰা হয়। বিজুলী চাকিৰ চিকমিকনিত হেৰাই যায় মাটিৰ চাকিৰ স্নিগ্ধ কোমল পোহৰ। এতিয়া ভক্তিৰ ঠাই লৈছে জাকজমকতা আৰু উচ্ছৃঙ্খলতাই। মানুহৰ এই পৰিৱৰ্তনশীল চিন্তা-চেতনাৰ হয়তো কোনো স্থায়িত্ব নাই, আছে মাথো সাময়িক ভাবে মানুহক আকৰ্ষণ কৰিব পৰা কিছু তৰল চিন্তাৰ প্ৰতিফলন । দুর্গাপূজা এক অপশক্তি বিনাশ কৰা প্ৰতীক, কিন্তু কেতিয়াবা সেই অপশক্তিৰ প্ৰতীক মহিষাসুৰক দুর্গা দেবীৰ প্ৰতিমাতকৈও ডাঙৰ কৈ সজা দেখা যায়। এয়া হয়তো মানুহৰ আধুনিক মানসিকতাৰেই প্রতিফলন। সেয়েহে অপশক্তিক বিনাশ কৰা দেৱী দুর্গাকৈ গুৰুত্ব দিয়া হয় অপশক্তিৰ প্ৰতীক অসুৰক। পূজাৰ অত্যাধিক বাণিজ্যকৰণে প্রাকৃতিক পৰিৱেশৰ মাজেৰে অহা দুর্গাপূজাৰ সেই পোন বাট যেন ৰুদ্ধ কৰিছে। আজি পূজাৰ সংখ্যা বাঢ়িছে। কেবল মাত্র গুৱাহাটী মহানগৰীতে প্ৰতিবছৰে ৪০০ৰো অধিক পূজা অনুষ্ঠিত হৈ আহিছে। পূজাৰ মাজতে যেন হেৰাই গৈছে পূজা।
কিন্তু যিয়েই নহওক আমি আশাবাদী। এতিয়াও ভাবো আগৰ দিনবোৰ হয়তো এদিন আকৌ উভতি আহিব। আজিও হঠাতে কেতিয়াবা শেৱালীৰ সুগন্ধ আহি নাকত লাগিলে ল’ৰালিৰ সেই শেৱালি কেইজোপালৈ মনত পৰে। মনত পৰে পুতলা পিষ্টল পেঁপাৰ শব্দবোৰলৈ। সাধাৰণ বেলুনবোৰ উপহাৰ হিচাপে পাই আনন্দত গদ্-গদ্ হোৱা, মৰমৰ বেলুনটো ফুটিলে চকুলো সৰা দিনবোৰলৈ। সেই দিনবোৰ আকৌ যেন উভতাই আনিম। আকৌ এবাৰ মা-দেউতা, ভাইটি ভন্টিহঁতৰ লগত পূজাৰ আনন্দত আত্মহাৰা হবলৈ মন যায়। মন যায় প্রতিযোগীতাৰে ভৰা কংক্রিটৰ এই পৃথিৱীখনৰ পৰা আঁতৰি আহি সুগন্ধি শেৱালি জোপাৰ তলত বহি কোঁচ ভৰাই শেৱালি বুটলিবলৈ…
যেনেকৈয়ে নহওক প্ৰতিবছৰৰ দৰে এইবছৰো পূজা আহিছে। প্রতি বছৰে হোৱাৰ দৰে এইবাৰো নিশ্চয় আৰু অধিক সংখ্যাত পূজা অনুষ্ঠিত হব। যদিও দুর্গা পূজা হিন্দুসকলৰ এক ধর্মীয় সংস্কৃতি কিন্তু বর্তমান এই পূজা উপলক্ষে সকলো জাতি ধৰ্মৰ লোকেই অংশ গ্ৰহণ কৰি, দান – বৰঙনি দি সকলো দিশতেই সহায় সহযোগিতা আগ বঢ়াই আহিছে। সমাজ খনৰ বাবে ই এক শুভ সংকেত। দুর্গা পূজা আজি কেবল দেবী বন্দনাৰে অনুষ্ঠান হৈ থকা নাই। নানা জাতি ধৰ্মৰ মাজত গঢ়ি উঠা সম্প্রীতি সদ্ভাৱৰ ই এক বিশাল ঢৌত পৰিণত হৈছে । জাতি ধর্ম নির্বিশেষে উখল মাখল মানুহৰ ঢৌৰ মাজেৰে শাৰদীয় দুর্গা পূজা আজি যেন এক উৎসৱলৈ পৰিৱৰ্তিত হৈছে। মনে-প্রাণে আশা কৰিছো দেৱী মাৰ আগমনে সকলোকে শক্তিশালী আৰু প্ৰাণৱন্ত কৰি তোলক। সমাজৰ উৱলি যোৱা পৃষ্ঠাবোৰ নতুন ধাৰণাৰ প্ৰয়াসেৰে সমৃদ্ধিশালী হৈ উঠক। মানুহ হৈ উঠক বিবেকশীল আৰু তেজস্বী। সকলো মানুহৰে মনবোৰ হৈ পৰক বিশ্বাস আৰু সততাৰে পৰিপূৰ্ণ। অসুখ- অশান্তি, মাৰি – মৰক, প্ৰদুষণ আঁতৰি পৃথিৱীখন হৈ পৰক পুনৰবাৰ নিকা, সুন্দৰ, সৰগ সদৃশ। দেৱী মাৰ আশীর্বাদে পৃথিৱীৰ অশান্ত জৰ্জৰ পৰিৱেশৰ অৱসান ঘটাই সকলোকে দি যাওক প্ৰশান্তিৰ শীতল পৰশ …
সকলোকে জনালোঁ শাৰদীয় দুর্গাপূজাৰ ওলগ।