শৰৎ – অনিল চন্দ্ৰ বণিয়া

PC - The Janambhumi

শৰৎ

অনিল চন্দ্ৰ বণিয়া
লক্ষীমপুৰ,নাৰায়ণপুৰ

পক্ষীৰ কাকলিত পুৱা আৰু গধুলি
আহিনৰ বুকুত সাৰ পাই শৰৎ,
নৈ বিল খাল বিল নিৰ্মল জলৰাশি
স্ফটিক হৈ সাৱতে মৰত ।

খাগৰি ইকৰা বিৰিনা কঁহুৱা
ফুলিল শুভ্ৰতাৰ বুটা বাচি,
নিশাৰ পৰস লাগি নিয়ৰ মুকুতা সৰি
পাতিলে শেৱালিৰে সখী ।

গোন্ধে আমোল মোল
মোক তোল মোক তোল
লাগে সুশোভন গকুল বৃন্দাবন
যত ব্ৰজ গোপীগণ স্থিৰ নোহে মন
শুনি সুৰ ধ্বনি বাংশীৰ বিৰল ।

ৰূপালী জোনাকে আঁকে
নিঁয়ৰ সেমেকা ঢালি
নীলিম আকাশতো
চমকা শুভ্ৰ মেঘালী,
সুখৰ পৰস চুমি
নাচে পাহী মেলি
ফুলে শেৱালি জুপি
হৃদয়ৰ বিষাদ ঢাকি ।।