শৰতৰ হাঁহি – মানসী মিশ্ৰ

pc Prag News

শৰতৰ হাঁহি

মানসী মিশ্ৰ

 

শৰতৰ ৰাতি আকাশৰ হাঁহি

দেখিছানে কেতিয়াবা

এৰা, শৰতৰ আকাশতো থাকে

এটি মিঠা হাঁহি, হয়তো তোমাৰ

ওঠৰ ফাঁকেদি বিৰিঙি অহা

সলাজ হাঁহিটোৰ দৰেই এই হাঁহি

ৰাতিৰ আকাশৰো এক পৰিধি আছে

আছে আকাশৰ নিজৰ সীমনা

হয়তো সেই পৰিধিৰ মাজতে আছে

সুখ দুখ আৰু কাৰোবাৰ সতে

মিঠা ভালপোৱা, আকাশেও লব জানে

ভালপোৱাৰ আমেজ, ছবি আঁকিব জানে

এখন সঁচা হৃদয়ৰ, হয়তো তোমাৰ মোৰ দৰেই

আৰু আকাশে, আকাশেও সপোন দেখে

সূদূৰ সোণালী দিনৰ, যত দেখা পায়

শৰতৰআকাশৰ  বুকুত সেউজীয়া হাঁহি।