শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত নৱাগত আদৰণী সভা সম্পন্ন

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত নৱাগত আদৰণী সভা সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা শুকুৰবাৰে দিনজোৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে আড়ৰম্বৰপূৰ্ণভাৱে সম্পন্ন হৈ যায়৷ পুৱাই মূল প্ৰৱেশদ্বাৰত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে নৱাগতসকলক একোটিকৈ বেজ পৰিধান কৰাই আনুষ্ঠানিকভাৱে আদৰণী জনায়৷ আদৰণী সভাৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা প্ৰাচীৰ পত্ৰিকা ‘পূবেৰুণ’ উন্মোচন কৰে মানকটা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট শিক্ষা-সংগঠক, সমাজকৰ্মী, অসম বিজ্ঞান সমিতিৰ নেতৃস্থানীয় ব্যক্তি, অসম উচ্ছতৰ মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম মাধ্যমিক শিক্ষা সংসদৰ একাডেমিক কাউঞ্চিলৰ উপদেষ্টা নাচিৰ চুলতানে৷ উন্মোচনী ভাষণত তেখেতে প্ৰাচীৰ পত্ৰিকাখনৰ বিষয়ে মন্তব্য প্ৰকাশৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশি তেওঁলোকৰ জীৱনৰ উপকাৰী ভালেমান প্ৰসংগৰ অৱতাৰণা কৰে৷ মহান বিজ্ঞানী তথা দেশৰ প্ৰাক্তন ৰাষ্ট˜পতি এ পি জে আব্দুল কালামৰ জীৱনৰ উদাহৰণেৰে তেখেতে ছাত্ৰ-ছাত্ৰীসকলে জীৱনত অনুসৰণ কৰিবলগীয়া বহু সাৰুৱা কথা কৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে উপস্থিত শিক্ষক-শিক্ষয়িত্ৰীসকলকো আপ্লুত কৰে৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈয়ে আদৰণী ভাষণ আগবঢ়োৱাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা সাহিত্য, চিত্ৰ আৰু আলোকচিত্ৰৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠসকলক বঁটা প্ৰদান কৰাৰ উপৰি সদ্যঘোষিত উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷ সভাত পৰিচালনা সমিতিৰ সভাপতি হলিৰাম ফুকন, উপ-সভাপতি হিৰণ্য সেনাপতিয়েও নৱাগতসকলক আদৰণী জনাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশি বক্তব্য প্ৰদান কৰে৷ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰসকলৰ উপৰি পৰিচালনা সমিতিৰ সদস্য ক্ৰমে উদয়ন গগৈ, উদয় শংকৰ মহন, যোগেন গোহাঁই, আনন্দৰাম পাত্ৰ আদি শুভাকাংক্ষীসকল উপস্থিত থাকি নৱাগত আদৰণী সভাখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ সভাত ছাত্ৰ-ছাত্ৰীসকলে হুচৰি-বিহুনাচৰ লগতে আধুনিক গীত-নৃত্যৰ পৰিৱেশনৰ মাজেৰে দিনজেৰা কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰে৷