শ্ৰীমন্ত শংকৰদেৱ সংঘ পদাধিকাৰ, চকলংবিবাহ, এঘৰীয়া ইত্যাদি-অঞ্জু শাণ্ডিল্য

PcWikipedia

শ্ৰীমন্ত শংকৰদেৱ সংঘ পদাধিকাৰ, চকলংবিবাহ, এঘৰীয়া ইত্যাদি

অঞ্জু শাণ্ডিল্য

শেহতীয়াকৈ চকলং বিবাহ বিতৰ্কত সাঙোৰ খাই পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। আহোম সম্প্ৰদায়ৰ চকলং বিবাহ অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ বাবেই চাৰিটা পৰিয়ালক শ্ৰীমন্ত শংকৰদেৱ সংঘই এঘৰীয়া কৰিছিল । এই কথাত আমাৰ বিভিন্ন সংগঠন, সাধাৰণ ৰাইজে ধিক্কাৰ দিয়াত, সমালোচনা কৰাত যোৱা ৩১ অক্টোবৰত সংবাদ মেলযোগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আহোম সম্প্ৰদায়ৰ ওচৰত ক্ষমা প্ৰৰ্থনা বিচাৰে। কিন্তু ক্ষমা বিচৰা বাবেই পদাধিকাৰ কমলাকান্ত গগৈ আৰু সংবাদমেলখনত উপস্থিত থকা আন আন বিষয়ববীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই সংঘৰপৰা অপসাৰণ কৰাৰ কথা ভাবিছে । এইবোৰ কথাই আমাৰ মনতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
যোৱা কিছুদিন ধৰি সংবাদ মাধ্যমত প্ৰকাশ প্ৰচাৰ হোৱা ঘটনা এটাই অসমতে নহয়, প্ৰবাসী অসমীয়া সকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তাই আহোম সম্প্ৰদায়ৰ মাজত থকা চকলং প্ৰথাৰে অনুষ্ঠিত বিবাহ এখনত অংশ গ্ৰহণ কৰাৰ বাবেই যোৰহাটৰ এঘৰ আৰু মৰিয়নিৰ তিনিঘৰ মানুহক ‘শ্ৰীমন্ত শংকৰদেৱ সংঘই এঘৰীয়া কৰিছিল । অৱশেষত ‘শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয় ববীয়াই ভুল স্বীকাৰ কৰি, ৰাজহৱাভাৱে ক্ষমা ভিক্ষা কৰিলে । কথাবোৰ সংবাদ মাধ্যমত দেখি শুনি আমাৰ মনত প্ৰশ্ন জাগিছিল – গুৰুজনাইতো মানুহৰ মাজত এনেবোৰ ভেদা – ভেদ ৰখা নাছিল । বৰং সমাজৰ সকলো সম্প্ৰদায়ৰ লোককে সামৰি ‘বৰ অসম’ৰ ভেটি সুদৃঢ় কৰিছিল । যি গুৰুজনাৰ নামেৰে (আদৰ্শৰে!)‘শ্ৰীমন্ত শংকৰদেৱ সংঘই সৃষ্টি হৈছে, সেই সংঘত গুৰুজনাৰ আদৰ্শ কিয় গ্ৰহণ কৰা হোৱা নাই ?
এই সময়তে মনত পৰিছে – বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱালৈ। যিজন লোক ‘শ্ৰীমন্ত শংকৰদেৱ সংঘৰ’ৰ তিনিবাৰকৈ পদধিকাৰ পদত আছিল আৰু নিজে কেবাখনো চকলং প্ৰথাৰ বিবাহ অনুষ্ঠান অংশ গ্ৰহণ কৰাই নহয়, চকলং প্ৰথাৰে বিবাহো পাতিছিল, কিন্তু তেতিয়া বৰবৰুৱা দেৱক ‘শ্ৰীমন্ত শংকৰদেৱ সংঘই এঘৰীয়া কৰা নাছিল । আনহাতে বৈষ্ণৱ পণ্ডিতজনা এগৰাকী জ্যোতিষ বিদ্যাত পাৰ্গত লোক আছিল । ব্ৰাহ্মণ -দৈৱজ্ঞসকলে কৰাৰদৰে ভৱিষ্যৎবাণী কৰিছিল আৰু সোঁৱৰণী চাইছিল । যোৰহাটৰ সুবেন্দ্ৰনাথ বুঢ়াগোহাঞি পথত থাকোঁতে, বৰবৰুৱাদেৱক যোৰহাটৰ মানুহে সোঁৱৰণী চাবলৈ দিছিল । তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হোৱা তৰুণ গগৈ দেৱৰ সোঁৱৰণী চায়ো কৈছিল –“- ভাগ্যচক্ৰ বৰ ভাল এদিন তৰুণে দিল্লীৰ ৰাজ দৰবাৰত বহিবই ।”শশীচন্দ্ৰ বৰবৰুৱাৰ নামত শ্ৰীমন্ত শংকৰদেৱ সংঘই বঁটা প্ৰদান কৰি আহিছে ।
বাহ্মণবাদকো নমনা ‘শ্ৰীমন্ত শংকৰদেৱ সংঘ’ই সোঁৱৰণী চোৱা – মঙল চোৱা শশীচন্দ্ৰ বৰবৰুৱাক ‘সংঘ’ ৰ পৰা বিস্তাড়িত কৰা নাছিল । অথবা এঘৰীয়া কৰা নাছিল । আৰু ব্ৰাক্ষণ – দৈৱজ্ঞসকলে কৰাৰদৰে জ্যোতিষ শাস্ত্ৰমতে নাইবা তাই – আহোম প্ৰথামতে, কুকুৰা কাটি মঙল চাইছিল নে তাৰো বিচাৰ কৰা নাছিল। নে শশীচন্দ্ৰ বৰুৱা পদাধিকাৰ হৈ থকা সময়ত ‘শ্ৰীমন্ত শংকৰদেৱ সংঘ’ যি নীতি – নিয়ম আছিল সেইবোৰ এতিয়া বেলেগ হ’ল ? আমি জনামতে,‘শ্ৰীমন্ত শংকৰদেৱ সংঘ’ৰ মূল উদ্দেশ্যবিলাকৰ দুটামান আছিল এনেধৰণৰ –
“শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মদৰ্শ দেশে – বিদেশে, জাতি-বৰ্ণ নিৰ্ধেশেষে সকলোৰে মাজত প্ৰচাৰ কৰি মানৱ সমাজক একতাবদ্ধ কৰা । ”
“শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ মহাপুৰুষ দুজনাৰ নামত সাম্প্ৰদায়িক বা জাতি বিদ্বেষমূলক কথা, জালৱ-পুথি আৰু অপপ্ৰচাৰ আদিৰ অশাৰতা প্ৰতিপ্ৰন্ন কৰা।”
“শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে সমাজৰ পৰা অস্পৃশ্যতা দূৰ কৰা। (‘মহাপুৰুষ শংকৰদেৱ – মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ,’ ডক্টৰ ৰাতুল চন্দ্ৰ বৰা,’ ‘সেতুবন্ধ’, পৃ.১৭৬)
আমি ‘শ্ৰীমন্ত শংকৰদেৱ সংঘ’ৰ বিৰোধী নহয়, বৰং ১৯৩০ চনৰ পৰা যিবিলাক ভাল কাম কৰিছে , তাৰ বাবে সংঘৰ ওচৰত কৃতজ্ঞ, কিন্তু বৰ্তমান অসমখনক নানা সমস্যাই আবৰি ধৰিছে, সেইবোৰ সমস্যাৰ সমাধান কৰাতহে সংঘই গুৰুত্ব দিয়া । কোনে চকলং বিয়াত অংশ গ্ৰহণ কৰিলে, কোনে কুকুৰা ফাৰ্ম, গাহৰি ফাৰ্ম খুলিলে, তাৰবাবে সেইসকলক এঘৰীয়া কৰা আদি কথাত লাগি থকাতকৈ অসমৰ সৰ্বাংগীন উন্নতিৰ কথা ভাবক। এক বিশ্বস্ত সূত্ৰে জনা হৈছে, বৰবৰুৱাদেৱৰ ওচৰলৈ সোঁৱৰণী চোৱাবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰো বহু লোক আহিছিল আৰু বিধান অনুসৰি ব্ৰাহ্মণ, গণক আদিক দান দক্ষিনা কৰিছিল। গ্ৰহশান্তি কৰাইছিল। সকলবোৰ কিন্তু সংঘৰ পৰিয়ালতে আছিল। কোনোলোকেই এঘৰীয়া হোৱা নাছিল।এতিয়া এই অবিচাৰ কিয়?