শ্ৰমিক – হীৰক কলিতা

PC - Indiaspend
শ্ৰমিক
হীৰক কলিতা, নলবাৰী 
প্ৰখৰ ৰ’দত মানুহজন ভাগৰি
পৰা নাছিল, জিৰণি ল’বলৈ
সময় পোৱা নাছিল ।
শৰীৰৰ তেজবোৰ ঘামলৈ
পৰিবৰ্তন হৈছিল প্ৰতিটো
টোপালতে লুকাই আছিল জীৱন
সংগ্ৰামৰ জটিল কাহিনী ।
এই মানুহজন ভাগৰি নপৰে
মাথোঁ কেতিয়াবা উশাহটো ঘন,
কেতিয়াবা চুটি হৈ পৰে, এই
মানুহজন সকলো সময়তে হাঁহি
থাকে আৰু লুকাই ৰাখে
দুচকুৰ আঁৰত থকা এমুঠি গভীৰ
যন্ত্ৰণা।