শ্ৰদ্ধাঞ্জলি – নগেন আচাৰ্যলৈ – অঞ্জু শাণ্ডিল্য

FirstCry Parentining

শ্ৰদ্ধাঞ্জলি – নগেন আচাৰ্যলৈ

অঞ্জু শাণ্ডিল্য

১৮ ছেপ্তেম্বৰৰ দিনা ৰুমা নবৌৱে ফোনযোগে ক’লে –

ঃ অঞ্জু, নগেনদাৰ খবৰটো পাইচানে ?

ঃ নাইপোৱা, কি খবৰ ? কোৱাচোন।

ঃ কালি নগেনদাৰ এক্সিডেণ্ট এটা হ’ল। নাৰ্চিং হোমত আছে, মুৰত দুখ পাইছে।

ঃ হয় নেকি ! মই গমেই পোৱা নাই। বৰ বেয়া লাগিছে—–

ঃ আই চি ইউ তে আছে। ভাল হ’ব চিন্তা নকৰিবা।

মনটো বেয়া লাগি থাকিল। নগেনদাৰ পৰিবাৰ অলকা নবৌলৈ ফোন কৰি খবৰ ল’বলৈ মনে নকলে। তেওঁলোকৰ সৰু ছোৱালী জুলা গুৱাহাটীতে থাকে। তেওঁলৈকে ফোন কৰিলোঁ –

ঃ জুলা কি কৰিছা ?

ঃ অ’ অঞ্জুবা মই যোৰহাটলৈ গৈ আছোঁ। পাপাৰ খবৰটো গম পাইছা নহয় ?

ঃ অ’ পাইছোঁ। চিন্তা নকৰিবা আগতকৈ ভাল পাইছে।

ঃ ঘৰৰ পৰা মোকো তেনেকৈ কৈছে; কিন্তু আই চি ইউ তে থকা কাৰণে—–

ঃ মুৰত দুখ পোৱাৰ কাৰণেহে আই চি ইউত থৈছে। দুইদিনমানৰ পাছত কেবিনলৈ শ্বিফট কৰিব বুলি শুনিছোঁ। বাৰু, মই পাছত আকৌ খবৰ ল’ম।

ভাই বোৱাৰী কবিতাৰ পৰা গম পালো, আগতকৈ নগেনদা সুস্থ হৈছে যদিও এতিয়া আই চি ইউ তে আছে। কিন্তু ২২ নৱেম্বৰৰ দিনা গধূলি খবৰ পালোঁ, নগেনদা আৰু নাই। খবৰটো দিওঁতে কবিতাৰ মাত কান্দোনত ভাগি পৰিল। আমিও ভাগি পৰিলোঁ। নগেনদা যে নাই, কবিতাৰ কথাটো বিশ্বাসেই কৰিব পৰা নাই। তাৰপাছত ৰুমা নবৌ, লিছা, বনুবৌ আদি অনেকৰ ফোন কল আহি থাকিল। কাৰো লগতেই সুস্থিৰে কথা এষাৰ পাতিব নোৱাৰিলোঁ। আটাইৰে মাত কথা শোকাভিভূত।

সহিত্য একাডেমী বঁটা বিজেতা দেৱেন্দ্ৰনাথ আচাৰ্যই জন্ম লাভ কৰা যোৰহাটৰ প্ৰখ্যাত আচাৰ্য বংশৰ সন্তান আছিল নগেন আচাৰ্য।  পশ্চিম যোৰহাটৰ ঢাপকটা বৰসত্ৰৰ স্থায়ী বাসিন্দা নগেনদা বৃহত্তৰ যোৰহাৰ অঞ্চলৰ এজন সৰবৰহী লোক। ঢপকটা বৰসত্ৰ শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মন্দিৰ, ঢপকটা ললিত কলা মন্দিৰ, তৰুণ সংঘ, দুৰ্গামন্দিৰ, শিৱমন্দিৰ আদি বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত আছিল নগেনদা। বিভিন্ন সামাজিক-সাংস্কৃতিক কাৰ্য-কলাপতো ওচৰ-চুবুৰিয়াৰ বিপদ-আনন্দতো সহায়ৰ হাতআগবঢ়াইছিল, দিহা-পৰামৰ্শ দিছিল।  এবাৰ লগ পালে মানুহজনক পাহৰিব নোৱাৰি। আজিও মনত আছে, আমাৰ বিয়াৰ আগতে ভাত খাবলৈ মাতোতে, অলকা নবৌৱে পাকঘৰত নোসোমোৱা বাবে নগেনদা আৰু ভায়েক বুমনদাই আমাৰ ভাতসাজ ৰান্ধি-বাঢ়ি খুওৱাইছিল। নগেনদাই ৰন্ধা মাংসৰ সোৱাদ আজিও জিভাত লাগি আছে। গুৱাহাটীৰ পৰা যোৰহাটৰ ঘৰলৈ গ’লে, বাৰান্দাৰ পৰা আমাক দেখিলেই মাত লগাইছিল। দুমাহমান আগতে দৈনিক জনমভূমিত আমাৰ লেখা এটা দেখি ফোল কৰি কৈছিল – “এইবাৰ গুৱাহাটীলৈ গ’লেই তোমালোকৰ ঘৰত সোমাই আহিম।” নাই, নগেনদাৰ আৰু গুৱাহাটীলৈ অহা নহ’ল। কোনোৱা অজান দেশলৈ গুচি গ’ল। অলকা নবৌ, জুলা, জুন্জুন, শভমহঁতক অকলে এৰি থৈ গ’ল।  আজি আদ্যশ্ৰাদ্ধৰ দিনা, ভগৱানৰ ওচৰত প্ৰৰ্থনা জনাইছোঁ, নগেনদা য’তেই থাকক, শান্তিৰে থাকক, আত্মাই চিৰশান্তি লাভ কৰক। – অঞ্জু শাণ্ডিল্য