শোধনাগাৰৰ প্ৰবন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ

Pc The Janambhumi

শোধনাগাৰৰ প্ৰবন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ প্ৰবন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ। শোধনাগাৰৰ বিষয়াগৰাকীক শোধনাগাৰত নিবনুৱা যুৱক–যুৱতীক চাকৰি, ঠিকা দিয়াৰ নাম দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগত নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। শোধনাগাৰৰ বিষয়াগৰাকীয়ে এগৰাকী মহিলাৰ নামত ভুৱা ই–মেইল খুলি শোধনাগাৰৰ আভ্যন্তৰীণ বিষয় ৰাজহুৱা কৰিছিল। বীৰেন্দ্ৰ কুমাৰ ঝাৰ বিৰূদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত শোধনাগাৰ কৰ্তৃপক্ষই নুনমাটি থানাত দাখিল কৰিছিল এজাহাৰ।এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল।তাৰ পাছতেই নুনমাটি আৰক্ষীয়ে গুৱাহাটী শোধনাগাৰৰ চৌহদৰ পৰা মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্রেপ্তাৰ কৰে।