শৈশৱৰ ৰঙালী বিহু- কৌশল্যা বৰা

শৈশৱৰ ৰঙালী বিহু

উৎসৱ সদায় সমূহীয়া প্ৰচেষ্টা, ভাব-চিন্তা আৰু সহযোগিতাৰ ফলশ্ৰুতি। বিহু ,ফাকুৱা, পূজা আদি জাতীয় উৎসৱবোৰ আমাৰ বৰ্ণময় সংস্কৃতি, ঐতিহ্য, জাতীয় জীৱনৰ চিনাকি আৰু আমাৰ জীৱন যৌৱনৰ ৰং, একতাৰ প্ৰতীক। উৎসৱে দিয়ে স্বত:স্ফূৰ্ত আন্তৰিক আনন্দ, একাত্মবোধ আৰু সামাজিক বান্ধোন। ব্যক্তিগত জীৱন সুন্দৰ সংস্কৃতিবান হয় সদায় সামাজিক ব্যাপক ৰূপৰ মাজতহে। আমাৰ বাপতি সাহোন ৰঙালী বিহুটি অসমীয়াৰ নতুন বছৰৰ আৰম্ভণি, বহাগীৰ আদৰণি।পুৰুষ আৰু শক্তিৰ বান্ধোন। হুঁচৰিয়েই যাৰ পৰিচয়। শৈশৱৰ পৰা বয়স্ক জনলৈকে সকলোৱে অন্তৰৰ পাৰভঙা আনন্দ প্ৰকাশ কৰি নতুন বছৰত জাতিটোৰ কাৰণে কূশল-মঙ্গল কামনা কৰি নাচি-বাগি মতলীয়া হয়।এই বিহুৰ আলোচনা এই ক্ষুদ্র পৰিসৰত সম্ভৱ নহয়। শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে বিহুৱে দিয়ে অনাবিল সন্তোষ। শৈশৱৰ কোমল মনক ৰঙালী বিহুৱে দিয়ে সামাজিক দায়ৱদ্ধতা,নৈতিকতা আৰু আধ্যাত্মিক মূল্যবোধৰ আভাস। ৰঙালী বিহুৱে আত্মপ্রকাশ কৰে হুঁচৰিৰ ৰূপত। কণ কণ সকলৰ বাবে হুঁচৰি যেন টিম ওৱৰ্কৰ আদিপাঠ। কোনোবা ধনভড়ালী, কোনোবা নামতি, কোনোবা নাচনী, কোনোবা আশীর্বাদ দিওঁতা। ডাঙৰক দেখি শুনিয়ে স্বত:স্ফূৰ্তভাৱে গঢ়ি তোলা এটি আনন্দ-মধুৰ শিশু অনুষ্ঠান। গৰু বিহুৰ পুৱাবেলা গৃহস্থৰ চোতালত –“বোলা জয় হৰি”- এ কণ কণ ল’ৰা ছোৱালীয়ে আৰম্ভ কৰে হুঁচৰি–। এজনে লগাই দিয়া পদ বাকীসকলে সমস্বৰে গাই –।

‘-দেউতাৰ পদুলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম—‘।

‘কৃষ্ণাই মূৰতে বকুল ফুল এপাহি নিঁয়ৰ পাই মুকলি হ’ল ঔ গোবিন্দাই ৰাম–‘। বয়স্কসকলৰ পৰা শুনা পদ যি যেনেকৈ পাৰে গায় যায়। তাৰ পাছতে –হে হে হেইয়া, হে হে হেইয়া—হেই- বুলি বিহু নাম জুৰি দি জপিঁয়াই মনৰ আনন্দৰে কিৰিলি পাৰি যি মনত থাকে তাকে গাই, হাত মেলি ভৰি মেলি নাচোনত উন্মনা হোৱা আঠ-দহ জনীয়া সেই ল’ৰা হুচৰি জোৰা(সৰু ল’ৰা-ছোৱালীৰ হুচৰিক ল’ৰা-হুচৰি’-বুলি কোৱা হয়)।গৃহস্থীৰ বাবে বছৰলৈ দেও-ল’ৰাৰ আশীর্বাদ। দেও-ল’ৰাৰ আশীর্বাদত গৃহস্থৰ সকলো অপায়-অমঙ্গল দুৰ হয় বুলি অসমীয়া মানুহৰ বিশ্বাস। কাৰণ তেওঁলোকৰ গাত গোঁসাই থাকে। শিশুক দ্বিতীয় ভগৱান ৰূপে যিহেতু গণ্য কৰা হয়। এই জোৰা দেৱশিশুক হুঁচৰিৰ বাবে চোতালত জেগা-জমিনও বেছি নালাগে। কোনোবাই চাইছে বা নেচাইছে তাৰো খেয়াল নাই তেওঁলোকৰ। এইয়া কোমল মনৰ পাৰভঙা আনন্দ। আজিৰ দৰে মুদ্ৰাসৰ্বস্ব প্ৰতিযোগিতা নহয়। বিহুগীত গাই,নাচি-বাগি,গৃহস্থক আশীর্বাদ কৰে তেওঁলোকে। গৰুবিহুৰ দিনা সেই কণমানিহঁতৰ, ব্যাকৰণ বিহীন স্বত:স্ফূৰ্ত বিহুনাচক বাদ দি কল্পনাই কৰিব নোৱাৰি বহাগৰ বিহু। মাক বা বায়েকৰ মেখেলাখন ফ্ৰগ্ চোলাটোৰ ওপৰতে কঁকালত ৰঁচী বান্ধি কনমানিজনীক পিন্ধাই ,মেৰিয়াই মেৰিয়াই চাদৰ এখন ককালত খুঁচি দিলেই কনমানি নাচনিৰ উলাহত তৰনি নাইকীয়া হয়। বিটু, যদু, মন্টুহঁতে হাতে হাতে একোটা বাঁহৰ টকা, পালে খুঁটিতাল এজোৰ নাপালেও নাই। নামতী নাজিতৰাই জুৰিবই -‘অতিকৈ চেনেহৰ মুগাৰে মহুৰা—-‘, শেষ হয় কি নহয়, টুনুমাইয়ে লগাবই বিহুনাম, –‘অ’সৰু ফুল ফুল ফুলি আছে—-মনত বেজাৰ লাগে।’ গৃহস্থৰ পদূলিৰ কপৌ,তগৰ ফুল দেখি ভেবা লগা পুতলীয়ে পাহৰে নাম গাবলৈ।বকুলে বাঁহৰ টকাটোৰে তাইক ঠেলা মাৰি চকু পকাই কয়, -‘নেগাঅ কেলে এইজনী!” ঘৰত মুখস্থ কৰাবোৰ গৃহস্থৰ চোতালত পাহৰি যায়, যাওঁক,তাতেনো কি আহে যায়! যদুৱে লগাই দিবই নহয়–‘অ’ক’লা চিয়াহী/ দক্ষিণা দিলে দিয়াহি/ যদি দক্ষিণা নিদিয়া/ আমাক বিদায় দিয়াহি।’ দেখি ভাল লগা এই দেৱশিশুৰ হুঁচৰিক অনিচ্ছা স্বত্তেও গৃহস্থই বিদায় নিদি নোৱাৰে। দক্ষিণা কি দিলে, কিমান দিলে দৰকাৰ নাই। ইফালে মিণ্টুৱে আশীর্বাদ আৰম্ভ কৰিলেই –‘কূশল কৰক কল্যাণ কৰক আয়ুসত বিঘিনি শূন্য কৰি এই দৰে আগলৈকে দিব-থ’বলে ঈশ্বৰে শক্তি বিধান কৰক।’ সৰহ তাকৰৰ খেয়াল নাই, স্বাৰ্থ নাই, ধনী-দুখীয়াৰ প্ৰাৰ্থক্য নাই, যাক ক’ব পাৰি অময়া ভকত। ধন-ভড়ালী কিন্তু বৰ সাৱধান। বাউসীত ওলোমাই লোৱা কাপোৰৰ সৰু মোনাটোত ভৰাই লোৱা পইচাখিনি যাতে পুৰা হিচাবমতে ৰাখিব পাৰে। হুঁচৰিৰ শেষত খুৰাকে হিচাবমতে সকলোকে ভগাই দিব। বৰ আগ্রহেৰে বাট চায় সেই দিনটোলৈ কিয়নো সেইয়া প্ৰথম উপাৰ্জন তেওঁলোকৰ বাবে। চিলথ, পেঞ্চিল, বহী-কাগজ কিনিব পাৰিব। এইয়া আছিল গ্ৰাম্যাঞ্চলৰ ৰঙালীৰ শৈশৱ। তাহানি গৰুবিহুৰ আগদিনা গাঁৱৰ ল’ৰা-ছোৱালীৰ গাত তৰনি নাথাকে। বাৰীৰ জেতুকা কেইজোপা তেনেই তহিলং কৰে। পটাত মাকে বা বায়েকে জেতুকা পিচি দিওঁতে সেইসকলৰো হাত ৰাঙলী হয়। ‘ল’ৰা হুঁচৰিয়ে চুবুৰীলৈ মিলা-প্ৰীতি আনে। হুঁচৰিৰ লগে লগে থুনুক্-থানাক্ কৈ খোঁজ কাঢ়ি মণ্টুৰ দুবছৰীয়া ভনীয়েকজনী বৰদেউতাকৰ চোতাল পায়গৈ। ইফালে বাৰীৰ সীমা লৈ দুয়ো ককাই-ভাইৰ থৈয়া-নথৈয়া কাঁজিয়া। ‘চৌদহৰ ভিতৰত পালে ঠেং কাটি দিম’- বোলা বৰমাকে কনমানিজনীক কোঁচলৈ তুলি লৈ হুঁচৰি গোৱা ল’ৰা-ছোৱালীৰ লগতে কাঁহৰ বাতিটোত গাখীৰ-পানী অকন খুৱাই। মণ্টুৰ মাকে ছোৱালী জনীক ল’ৰালৰিকৈ আনিবলৈ গৈ বৰমাকৰ কোলাৰ পৰা নিজৰ কোলালৈ লওঁতে নমতা মানুহৰ চকুত চকু পৰি লাজে মৰমে বোবা হাঁহি একোটাই দুয়োজনী জা-জোৱালীৰ বুকুত ঠেলা মাৰি , ওঁঠেদি বাহিৰ হৈ আহিবলৈ অসুবিধা পাই চকুতে লাগি ৰয়। দুয়োজনী নতুনাই আগতকৈও আপোন হৈ পৰে।

“–হ’ব দে, মতাবোৰে কি লাগে লাগি থক। আমিয়েই মাতি-বুলি থাকিম-” বুলি কৈ কেচুঁৱাটো চমজাই দি গুচি যোৱা বৰমাকে গধুলি বিহুভাত খাবলৈ আনি থোৱা মাছ দুটুকুৰামান বৰদেউতাকে গম নোপোৱাকৈ দিয়েই নহয়। সঁচাই “–ক’ত পাম এনে প্ৰীতি সৰল প্ৰাণৰ ভাষা —।” ল’ৰা-হুঁচৰি’-বুলি কোৱা এই হুঁচৰি জোৰা আহিলেহে হেনো বহাগৰ চোতালখন পবিত্র হয়, গৃহস্থৰো বছৰটোলৈ কূশল হয়।বিহুৱে সংক্ৰান্তিয়ে এনেকৈ শিশুৱে চুবুৰীক মিলা-প্ৰীতিৰ জৰীৰে বান্ধে।চোতালৰ পৰা, মুকলি পথাৰৰ পৰা বিহু নতুন ৰূপত বিশ্বদৰবাৰলৈ গৈছে যাওক। কিন্তু আমাৰ ইচ্ছা স্বকীয়তা নেহেৰুৱাকৈ বিহু বিহু হৈয়ে যাওক। আমাৰ উঠিঅহা ল’ৰা-ছোৱালীৱে হুঁচৰি গাওক, মনখুলি আনন্দ কৰি ঐক্য-সম্প্ৰীতিৰ আদিপাঠ শিকক। মহামাৰীৰ বাবে যোৱা দুবছৰে গৰুবিহুৰ চোতালখন উদং হৈ থাকিল।ভগৱানক প্ৰাৰ্থনা কৰিছোঁ- অপায় -অমঙ্গল আঁতৰি যাওক। নৱ-বৰ্ষৰ পুৱা আকৌ আহি দেৱশিশুহঁতে গৃহস্থৰ চোতালত হুঁচৰি জোৰকহি-“দেউতা অ’–এশ এবিধ শাকেৰে ৰান্ধো/ গৰু বিহুৰ দিনাখন গৰু গা-ধুৱাই লৈ তৰালিৰ পঘাৰে বান্ধো।”

 

কৌশল্যা বৰা

দেৰগাঁও