শৈশৱৰ স্মৃতি আৰু দুৰ্গা পূজা – নাজমিনা মজিদ

শৈশৱৰ স্মৃতি আৰু দুৰ্গা পূজা

নাজমিনা মজিদ

দুৰ্গা পূজা বুলি ক’লে বছৰত এবাৰে অহা উৎসৱটোক শৈশৱকালৰ সেই অনুভূতিক ব্যখ্যা কৰিবলৈ কোনো শব্দ নাথাকে বুজাবলৈ । বিশেষকৈ মোৰ লগৰ সমনীয়াক দেখিছিলোঁ দূৰ্গা পূজাত তেওঁলোকে চাৰি-পাচঁটা যোৰকৈ কাপোৰ কিনে প্ৰতিদিন বেলেগ বেলেগ মণ্ডৱত মা -দুৰ্গাক সেৱা জনাব যে আনন্দ ফূৰ্তিৰ কৰিব তেওঁলোকৰ সুখৰ সমভাগী ময়ো হইছিলোঁ প্ৰত্যেক পূজাত মোৰ ঘৰৰ পৰা এযোৰকৈ কাপোৰ দিছিল । মনটো বুজাব নোৱাৰা এক ফূৰ্তি । শিশু অনুকৰণ প্ৰিয় জীৱ । সেইক্ষেত্ৰত মোৰ মনলৈ প্ৰশ্ন আহিছিল সমনীয়া সকলে পুস্পোঞ্জলি দিয়ে কপালত মই কিয় দিব নোৱাৰোঁ ? মই কিয় পূজা মণ্ডৱত সদায় যাব নোৱাৰোঁ ?? জাতিভেদ যাতে মোৰ মনত সৃষ্টি নহয় । তাৰ বাবে মোক মাক দেখিছিলোঁ সেই বিষয়ে ধাৰণাটো পৰিস্কাৰ কৰি দিছিল ভালদৰে বুজনি দি । আটাইতকৈ ভাল লগা স্মৃতি ৰোমনন্থন কৰি ভাল লাগিছে এতিয়া বিজয়া দশমীৰ দিনা । দেৱীৰ বিসৰ্জন দিয়া চাবলৈ মোৰ বৰ হেঁপাহ আছিল জেদ ধৰিছিলোঁ কান্দিছিলোঁ । সেই বিষয়ে জ্ঞান এটা অৰ্জন হওক বুলি মোক লৈ গৈছিল ঘৰৰ পৰা দেৱী বিসৰ্জন দিয়া চাবলৈকে মোৰ আজিওঁ মনত পৰে এফালে দেৱী বিৰ্জন দিয়া আনন্দখিনি উপভোগ কৰিছিলোঁ সকলোৱেই নাচি বাগি আনন্দ মনে দেৱীক বিসৰ্জন দিয়া আছিল । আনফালে কাণত পৰিছিল মাইকত কৈছিল কোনোবা শিশু হেৰাল বুলি ভিৰৰ মাজত । তেতিয়া মই কলেমা পাঠ কৰিছিলোঁ শব্দ কৰি কৰি । মই যাতে ভীৰত হেৰাই নাযাওঁ । শিশু যে নিস্পাপ তাকেই এজন জেষ্ঠ ব্যক্তিৰ মুখত শুনিছিলোঁ সেই সময়ত । এফালে মোৰ মুখত কলেমা শুনিছিল আনফালে দেৱী বিসৰ্জনৰ দৃশ্য চোৱাত মতলীয়া । এনেকৈ শৈশৱ পাৰ হ’ল । মা দুৰ্গাই বিশ্ব ব্ৰহ্মাণ্ডক শক্তি হিচাপে প্ৰতিনিধিত্ব কৰে । সকলোৱে পৱিত্ৰ মনেৰে প্ৰাৰ্থনা কৰক পৃথিৱীৰ পৰা অপায়-অমংগলবোৰ যাতে নোহোৱা হওক । দুৰ্গা পূজা হৈছে মাতৃ দুৰ্গা দেৱী আৰু মহাষাসুৰ ৰাক্ষসক বধ কৰাৰ ওপৰত যোদ্ধা দেৱী দুৰ্গাৰ বিজয়ৰ উৎসৱ । সকলোৱে নিজৰ নিজৰ ধৰ্ম পালন কৰোঁ লগতে ঊৰ্ধত যে মানৱ ধৰ্ম আছে । তাক নিজৰ সন্তানক সৰুৰে পৰা ধাৰণা পৰিস্কাৰ কৰি দিলে সেই শিশুৰ মনত জাতিভেদ কেতিয়াও নাথাকিব ।