শুৱালকুছিত ৰাজ মহিম নাথৰ ভক্তিমুলক গীত উন্মোচন

শুৱালকুছিত ৰাজ মহিম নাথৰ ভক্তিমুলক গীত উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছিত ২ অক্টোবৰত ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰৰ উদ্যোগত যুৱ সমাৰোহ অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত কন্ঠশিল্পী ৰাজ মহিম নাথৰ “গুৰুজন আহিব ভকতসৱ ৰৈ আছে” শীর্ষক এটি অসমীয়া ভক্তিমূলক গীত উন্মোচন কৰা হয়। মহৎ অনুষ্ঠানটোৰ উন্মোচনী সভাত উপস্থিত থাকে, ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্ত, বিশিষ্ট চিন্তাবিদ তথা মননশীল লেখক ময়ুৰ বৰা, ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰৰ ডেকা সত্ৰীয়া উজ্বল মহন্ত, আৰু বহুতো গুণী- জ্ঞানী লোকসকল।অনুষ্ঠানটো সঞ্চালন কৰে, বিশিষ্ট সাহিত্যিক তথা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপক ড° পৰশমণি দাসে। সভাত ময়ুৰ বৰা দেৱে গীতটোৰ কথা-সুৰ- কন্ঠ আদি সুন্দৰ হোৱা বুলি মত ব্যক্ত কৰাৰ লগতে বুঢ়া সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্ত আৰু ড° পৰশমণি দাসে কন্ঠশিল্পী ৰাজ মহিম নাথৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।গীতটোৰ জৰিয়তে নৱপ্ৰজন্মৰ কণ্ঠশিল্পী নাথে ভকত বৈষ্ণৱৰ মৰম আৰু আশীৰ্বাদ বুটলিবলে সক্ষম হয়।