শুই পৰিল এটি সপোন – হিমাদ্ৰী বৰকটকী

Pc Unsplash

শুই পৰিল এটি সপোন 

এদিনৰ কথা ভৰ দুপৰীয়া কলিয়া ককাই আমাৰ ঘৰলৈ আহিছিল। মাক আহি কৈছিল আইতি পানী এগিলাছ দিবনে ? মায়ে পানী এগিলাছ আনি দিলে আৰু পানী গিলাছ খায় উঠি মাক ক’লে আইতি এইবাৰ ধান ভাল হৈছে। শূৰ পোকেও ইমান ধৰা নাই এইবাৰ। আমাৰ খেতি প্ৰত্যেক বছৰেই ককায়েই কৰে। কলিয়া ককায়ে গাঁৱৰ সকলোৰে খেতি বাতি কৰে । একেবাৰে অজলা আৰু সহজ সৰল খোলা অন্তৰৰ মানুহ তেওঁ।ককায়ে খেতি বাতি কৰি ল’ৰা ছোৱালী কিটাক পোহপাল দি আছিল।গাঁৱৰ মানুহে দিয়া মাটি কনত তেওঁ সৰুকৈ এটা পজা সাজি লৈছিল। গাওঁৰ মানুহৰ ঘৰত সা – সকাম হ’লে কলিয়া ককাইয়ে দেহে কেহে লাগি কাম কৰিছিল। তেওঁ তেনেকৈয়ে দুবেলা দুমুঠি যোগাৰ কৰি খায় বৈ জিয়াই আছিল।
সেই বাৰ ভাদ মাহত ভৰ বাৰিষা হ’ল।কেওঁপিনে বানপানীৰ সৃষ্টি হৈছিল। খেতি বাতি সকলোৰে পানীৰ তলত। ঘৰৰ ভিতৰত একাঠু পানী।কাৰোবাৰ ঘৰ দুৱাৰ উটুৱাই নিলে। ভৰালৰ ধান নষ্ট হৈ গ’ল।খাবলৈ নাই হাহাকাৰময় পৰিবেশ। গৰু, ছাগলী পানীৰ সোঁতত উটি গ’ল। কেওঁপিনে পানীয়েই পানী।
সেইবাৰ বানপানীয়ে কলিয়া ককাইৰ পৰিয়ালটোক ও বানপানী সোঁতে ৰাতিটোৰ ভিতৰতে উটুৱাই লৈ গ’ল। ৰাতি শুই থাকোঁতে গমেই নাপালে কপিলীৰ পানী কেতিয়া হৰহৰকৈ সুমাই আহিল আৰু ঘৰ দুৱাৰ ভাঙি উটুৱাই লৈ গ’ল। যি শুলে শুলেই আৰু, কোনোদিনে আৰু সাৰ নাপালে। দুদিনমান মানৰ পিছত মৃতদেহ কিটা আঁতৰৰ গাঁৱ এখনত উদ্ধাৰ কৰিলে। গাওঁৰ সকলোৱে মিলি তেওঁ লোকৰ মৃতদেহ কিটা সৎকাৰ কৰিলে আৰু ১১দিনৰ অন্তত নাম কীৰ্তন কৰি সকাম পাতিলে।
তেওঁৰ নিচিনা ইমান সহজ সৰল ,খোলা অন্তৰৰ কর্মী মানুহ এই পৃথিৱীত খুব কমেইহে আছে। তেওঁ আৰু তেওঁৰ পৰিয়ালটোৰ মৃত্যুত আমি গাওঁখনে যথেষ্ট মনোকষ্ট পাইছোঁ। তেখেত য’তে আছে শান্তিত থাকক। তেখেতৰ আত্মাই যেন ‌চিৰ শান্তি লাভ কৰক।

হিমাদ্ৰী বৰকটকী
শিৱনগৰ , ২নং উপপথ
নগাঁও