শীতৰে সেমেকা ৰাতি – আয়নাল হক

Pc Wallpaper Flare
শীতৰে সেমেকা ৰাতি
আয়নাল হক,ধুবুৰী
শীতৰে সেমেকা ৰাতি–!
কুঁৱলীকো নেওচি
আন্ধাৰত খাদ্যৰ সন্ধানত
দুটি বুভুক্ষ শিশু–!
কোনে শুনে সিহঁতৰ আৰ্তনাদ ?
কুকুৰৰ ৰাউচিয়ে
ভয়াৰ্ত কৰি তোলা পৰিৱেশে
সিহঁতৰ পেটৰ ক্ষুধা নুমুৱাব নোৱাৰে।
মলিয়ন অল্প বস্ত্ৰেৰে আবৃত
নিশকতীয়া শৰীৰবোৰত
ঠাণ্ডাই হাৰ মানে।
অট্টালিকাত নিহালিৰ উমেৰে
ঠাণ্ডাৰ আমেজ লোৱাসকলে
বুজিব জানো শীত মানে কি !
শীত-তাপ নিয়ন্ত্ৰিত ৰূমত
গৰম গৰম খাদ্যৰ তৃপ্তি লোৱাসকলে
নাজানে শীতাৰ্ত ৰাতিৰ পেটৰ জ্বালা।
ডাষ্টবিনে ডাষ্টবিনে কৰে খাদ্যৰ অন্বেষণ
জীয়াই থকাৰ বাসনাই
সিহঁতকো আমনি কৰে
ক্ষুধাৰ বাবে সিহঁত আজি
শীতৰ সেমেকা ৰাতিৰো
উন্মুক্ত পথাচাৰী–
যাৰ নাই বিশ্ৰাম নতুবা জিৰণি…।