শিৱৰাত্ৰি, শিৱ আৰু কিছু কথা
মুন শৰ্মা, লখিমপুৰ
আজি শিৱৰাত্ৰি, গোটেই দেশত হিন্দু ধৰ্মী লোক সকলে তেওঁক উপাসনা কৰি শান্তি সমৃদ্ধিৰ বাবে আশীষ লৈছে তেওঁৰ ওচৰত।হিন্দুৰ দিনপুঞ্জী মতে যদিও প্ৰতি মাহতে শিৱ অনুষ্ঠিত হয়,তথাপি গোটেই বছৰটোৰ ভিতৰত ফাগুন মাহত এবাৰ ইয়াৰ মহা আয়োজনৰ দ্বাৰা উদযাপন কৰি আৰাধনা কৰা হিন্দু ধৰ্মৰ তিনি জন ঈশ্বৰৰ অন্যতম এজন ঈশ্বৰ, বহুতৰ মতে ত্ৰিমূৰ্তিৰ সৰ্বশেষ্ঠ ঈশ্বৰ গৰাকীক আৰু ই কোনেও কব নোৱাৰা এটা অতীত সময়ৰ পৰা বৰ্তমান সময়লৈ প্ৰচলন হৈ আহিছে এই গুৰুত্বপূৰ্ণ উৎসৱ টো।তেওঁ এনে এজন দেৱতা যাক দয়ালু, সহজ সৰল বুলিও কোৱা হয় আৰু ধ্বংসৰ প্ৰতীক বুলিও কোৱা হয়। তেওঁক ৰুদ্ৰ, মহাদেৱ, ত্ৰিনয়ন, চন্দ্ৰশেখৰ, বিভূতিভূষণ, নীলাকণ্ঠ, নটৰাজ, মহা যোগী,আদি গুৰু আদি নামেৰেও জনাযায়।হিমালয়ৰ কৈলাশ পৰ্বতত তেওঁ থাকে বুলি বিশ্বাস কৰা তেওঁৰ বাহন ষাঁড় গৰু বুলি কোৱা হয়। নাম পচলিত আছে নন্দী বুলি।শিৱ ভক্ত সকলে শিৱ আৰতি,উপবাস, যোগ আদি নিয়মৰ দ্বাৰা এই উৎসৱ পালন কৰা এই উৎসৱ যি দৰে হিন্দু ধৰ্মীয় অন্য উৎসৱৰ বিভিন্ন লোক কথা আমাৰ সমাজত প্ৰচলন আছে তেনে দৰে ইয়াতো বিভিন্ন লোক কথা প্ৰচলিত হৈ আহিছে। তেনে তিনিটা লোককথা হ’ল…. কিছু কিছু লোকৰ মতে শিৱৰাত্ৰিৰ দিনাই মহাদেৱ শিৱই সৃষ্টি,পালন আৰু ধ্বংসৰ স্বৰ্গীয় নৃত্য কৰিছিল। আকৌ কিছু লোকৰ মতে সেইদিনাই শিৱ পাৰ্বতীৰ বিবাহ হৈছিল বুলি ভাবে ।উল্লেখযোগ্য যে এই শিৱৰাত্ৰিৰ আৰাধ্য দেৱতা শিৱ শব্দটো মূলত সংস্কৃত শব্দ আৰু ইয়াৰ অৰ্থ হ’ল মঙ্গল।