শিৱসাগৰ অভিনৱ দত্ত আৰু অশ্ৰুমনি দত্ত ঘোষলৈ লৈ বঁটা অসম শিল্পী কাননৰ

শিৱসাগৰ অভিনৱ দত্ত আৰু অশ্ৰুমনি দত্ত ঘোষলৈ লৈ বঁটা অসম শিল্পী কাননৰ
যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা-  নগাওঁ জিলাৰ নেহেৰুবালি ষ্টেডিয়ামত যোৱা ২৪  ডিচেম্বৰত অসম শিল্পী কানন‌ৰ উদ্যোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰাস মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহত শিৱসাগৰ এজন উদীয়মান যুৱ সমাজকৰ্মী আৰু এগৰাকী লেখিকা,কবিলৈ আগবঢ়োৱা হয় বটাঁ৷ ৰাস মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহৰ দ্বিতীয় দিনৰ  কাৰ্যসূচীত   বিশিষ্ট কবি, লেখিকা,অসম চৰকাৰৰ লেখিকা বটা প্ৰাপ্ত অশ্ৰুমণি দত্ত ঘোষ লৈ  স্বীকৃতি হিচাপে ২০২৩ বৰ্ষৰ অতুলানন্দ গোস্বামী সোঁৱৰণী বটাঁ  আগবঢ়োৱাৰ লগতে উজনি অসমৰ সমাজ হিতৈষী যুৱক , শিৱসাগৰৰ যুৱ সমাজকৰ্মী  অভিনৱ দত্তক কটন বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ তথা সক্ৰিয় ৰাজহুৱা কৰ্মী প্ৰয়াত দেৱেন দত্ত সোঁৱৰণী বটাঁ আগবঢ়োৱা হয়৷ ইফালে বিশিষ্ট অভিনেত্ৰী জুপিতৰা ভূঞাক বিশেষভাৱে  সম্বৰ্দ্ধনা জনাই উদযাপন সমিতিয়ে৷ স্বীকৃতি লাভ  পিছতে দুয়োকে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি, ভোজপুৰী পৰিষদ শিৱসাগৰ জিলাৰ সমিতি,ঐক্য সেনা অসম,কোচ ৰাজবংশী, শিৱসাগৰ স্পষ্ট একাডেমী, পূৱেৰুণ কাথপাৰ শিশু সমাজৰ, গুৰুকুল চিত্ৰকলা আদিকে ধৰি বহুতো অনুষ্ঠান প্ৰতিষ্ঠান আৰু শুভাংকাক্ষীয়ে উস্ম আদৰণি লগতে শুভেচ্ছা জনায়। বছৰ শেষত ২০২৩ বৰ্ষত শিৱসাগৰ লগতে অসমৰ বাবে সমাজ, সাহিত্য, সাংস্কৃতিক, ক্ৰীড়া,লেখক, কবি আদি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম শিপ্লী কানন‌ৰ কেন্দ্ৰীয় সমিতি আৰু নগাঁও বাসীয়ে  কলংপাৰৰ অৱস্থিত ঐতিহাসিক নেহৰুবালিত এই বঁটা প্ৰদান কৰে।উক্ত অনুষ্ঠানত অসম শিপ্লী কানন‌ৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক মৃদুপৱন বৰা, শিৱসাগৰ জিলা সমিতিৰ সম্পাদক হোমেন দুৱৰা, সভাপতি নিভা শইকীয়াকে প্ৰমূখ্য কৰি শিল্পী, চলচিত্ৰ প্ৰযোজক লগতে নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক ডা হিতেশ বৰুৱাৰ, নগাওঁ বিধানসভা সমস্ষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অসমৰ উদ্যোগপতি কাতি সাহা আদি কৰি অসমৰ সমাজ জীৱনত অনবদ্য অবদান যোগোৱা বহু স্বনামধন্য ব্যক্তি উপস্থিত থাকে।