শিশু নিৰ্যাতন আৰু ইয়াৰ প্ৰতিকাৰৰ উপায় – নাছিৰ আহমেদ

PC Dhaka Tribune
শিশু নিৰ্যাতন আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়
নাছিৰ আহমেদ, গোৱালপাৰা
অতীজৰে পৰা পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰান্তে প্ৰান্তে শিশু নিৰ্যাতনৰ বহু কৰুণ কাহিনী কেতিয়াবা লিখিত ৰূপে , কেতিয়াবা অলিখিত ৰূপে প্ৰচাৰ হৈ আহিছে।যেতিয়া ইউৰোপ, আফ্ৰিকা,আৰবীয় দেশ তথা প্ৰাচীন ভাৰতবৰ্ষত দাসত্বৰ যুগ চলি আছিল, তেতিয়া মূলতঃ শিশু আৰু নাৰী সকলক জীৱ-জন্তুৰ দৰে শিকলিৰে বান্ধি বজাৰত বিক্ৰী কৰিবলৈ অনা হৈছিল ।এই শিশু আৰু নাৰীসকলক কিনি লোৱা মালিক সকলে নাৰী সকলক কেৱল যৌন নিৰ্যাতন চলাইছিল যদিও শিশু সকলক শাৰীৰিক- মানসিক আৰু যৌন নিৰ্যাতন  আদি বিভিন্ন ধৰণৰ নিৰ্যাতন চলাই শিশুসকলক নিষ্ঠুৰ ভাবে মৃত্যুৰ গৰাহত ঠেলি দিছিল।আৰবৰ মক্কাত বসবাস কৰা শিশু বিলালৰ ওপৰত নিৰ্যাতনৰ মাত্ৰা ইমানেই বেছি হৈছিল যে বিলালৰ কৰুণ আৰ্তনাদ মক্কাৰ আকাশে- বতাহে বিয়পি গৈছিল।যেতিয়া এখন দেশত গৃহযুদ্ধ বা এখন দেশে অইন এখন দেশৰ ওপৰত আক্ৰমণ চলাইছিল, তেতিয়াও যুদ্ধ বন্দী হিচাপে শিশুৰ ওপৰত অকথ্য অত্যাচাৰ চলিছিল।বৰ্ণ -বৈষম্যৰ বলি হৈ জামাৰ্ন দেশত বসবাস কৰা প্ৰায় ষাঠি লাখ ইহুদী নাজীবাদৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ সময়তো ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈ এক নিৰন্ধ্ৰ অন্ধকাৰ কুঠৰীত আনাতল ফ্ৰাঙ্কে নামৰ এজনী পোন্ধৰ বছৰীয়া শিশুৱে চৰম নিৰ্যাতনৰ কৰুণ কাহিনী দিন-পঞ্জীত ( Diary of a young girl) লিপিবদ্ধ কৰাৰ সময়ত অকাল মৃত্যুক আকোঁৱালি লৈছিল। এই দিন-পঞ্জীখন পৃথিৱীৰ বিভিন্ন ভাষাত অনুবাদ হৈ বিশ্ব বিখ্যাত গ্ৰন্থ হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।ফৰাছী ঔপন্যাসিক ভিক্টৰ হিউগোৰ ” লা মিজাৰেবল” উপন্যাসৰ এটি শিশু চৰিত্ৰ দাৰিদ্ৰ্যৰ যন্ত্ৰণাত এখন দোকানৰ পৰা এটি ৰুটি চুৰি কৰাৰ অপৰাধত গোটেই জীৱন কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত কালাতিপাত কৰিব লগীয়া হৈছিল।চাৰ্লচ ডিকেন্সৰ উপন্যাসতো শিশুসকলৰ দুৰ্দশাৰ জীৱনৰ ঘাত-প্ৰতিঘাত যন্ত্ৰণাময় কৰুণ অধ্যায় দেখিবলৈ পোৱা যায়।ৰবীন্দ্ৰনাথৰ ঠাকুৰৰ ” কাবুলীৱালা ” গল্পত শিশু মিনুৰ ওপৰত মা- দেউতাৰ কঠোৰ অনুশাসন লক্ষ্য কৰা যায়।বৰ্তমান যুগতো আমি যদি লক্ষ্য কৰোঁ, আমাৰ স্বাধীন ভাৰতবৰ্ষতো শিশু সকলে ঘৰে -বাহিৰে প্ৰতি মুহূৰ্ত্তে শাৰীৰিক মানসিক আৰু যৌন নিৰ্যাতনৰ বলি হৈ আহিছে । আমাৰ সমাজত শিশু বা ভ্ৰুণ হত্যা সৰ্বজন বিদিত। তদুপৰি বহুত শিশু নিজৰ বা তোলনীয়া পিতৃ -মাতৃ , ঘৰৰ অইন সদস্য বা বন কৰা মানুহৰ দ্বাৰা শাৰীৰিক মানসিক বা যৌন শোষণৰ বলি হোৱা দেখা যায়। তথাকথিত ভদ্ৰ বুৰ্জোৱা সমাজত এই ঘটনাই প্ৰায় বাতৰি কাকত আৰু টিভিৰ ব্ৰেকিং নিউজ হিচাপে স্থান দখল কৰা পৰিলক্ষিত হয়। ডাঃ সংগীতা দত্ত আৰু ডাঃ ওৱালিলুল এই  স্বামী-স্ত্ৰী হাল তাৰ নিকৃষ্ট উদাহৰণ।অৱশ্যে তদন্ত সম্পূৰ্ণ হলেহে আচল ৰহস্য ওলাই পৰিব।হেণ্ডিমেন হিচাপে কাম কৰা শিশুবিলাকো যান-বাহনতো গাড়ীৰ মালিক, পৰিচালক আৰু যাত্ৰীসকলৰ দ্বাৰা প্ৰায় নিৰ্যাতিত হয়। চাহ-হোটেল, বিভিন্ন দোকানত প্ৰতি মুহূৰ্ত্তে শিশুসকলে সকলোৰে পৰা নিষ্ঠুৰ অত্যাচাৰৰ সন্মুখীন হৈ আহিছে।বিভিন্ন কল-কাৰখানা আদিতো শিশুসকলক অমানুষিক পৰিশ্ৰম কৰিবলৈ দিয়ে। তাৰ ফলত বহুত শিশু বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন হৈ মৃত্যুমুখত পৰে বা গোটেই জীৱন পঙ্গুত্ব লৈ কলধপ কলধপ কৈ জীয়াই থাকে ; অথচ কোনো ধৰণৰ চৰকাৰী বা বেচৰকাৰী ভাবে সাহায্য লাভ নকৰে। শিশু অধিকাৰ আইন অনুসৰি তেওঁলোকক কোনো সা সুবিধা দিয়া নহয় । প্ৰতি বছৰে শিশু দিৱস ( ১৪ নৱেম্বৰ) উদ্ যাপন কৰা সত্বেও ভাৰতবৰ্ষৰ শিশুসকল এতিয়াও অনাখৰী, দাৰিদ্ৰ্য, আৰু কম মজুৰিৰ শ্ৰমিক হিচাপে জীৱন নিৰ্বাহ কৰি আছে।২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনৰ দ্বাৰাই তেওঁলোকক উপযুক্ত শিক্ষা দান দিয়া দেখা নাই।গতিকে কেৱল আইন বা অনুশাসনৰ  জৰিয়তে শিশুসকলৰ ওপৰত যুগে যুগে চলি থকা শাৰীৰিক মানসিক আৰু যৌন নিৰ্যাতন বন্ধ কৰা সম্ভৱ নহয় যুগে যুগে  শিশু সকলৰ ওপৰত চলি থকা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ হলে তলত উল্লেখ কৰা কাৰকসমূহৰ যথোপযুক্ত প্ৰয়োগ অৱশ্যমম্ভাৱী ।
আমি এই কাৰকসমূহ আলোচনা কৰাৰ প্ৰয়াস কৰিম।
১/ আৰ্থিক নিৰাপত্তা দান:-  শিশু সকলক চৰকাৰী বা বেচৰকাৰী সংস্থাসমূহে সম্পূৰ্ণ ৰূপে আৰ্থিক নিৰাপত্তা দান কৰি শিশুসকলৰ ওপৰত চলি থকা নিৰ্যাতন বন্ধ কৰা উচিত। বহুত পৰিয়ালে আৰ্থিক ভাবে দূৰ্বল হোৱাৰ বাবে খাদ্য, বাসস্থান আৰু নিত্যনৈমিত্তিক বস্তুসমূহ কৰি জীয়াই থকাৰ তাড়নাত সিহঁতৰ ঘৰৰ শিশু সকলক কাৰোবাৰ ঘৰত লগুৱা হিচাপে, বিভিন্ন দোকানত কৰ্মচাৰী হিচাপে, যান-বাহনৰ হেণ্ডিমেন বা কল-কাৰখানাত বয়সতকৈ গধুৰ দায়িত্ব পালন কৰিবলৈ গৈ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ চিকাৰ হয়।গতিকে, শিশুসকলক বিভিন্ন ধৰণে স্থায়ীভাৱে আৰ্থিক সহায়- সহযোগিতা আগবঢ়াই শিশুসকলক শোষণকাৰী সকলৰ হাতৰ পৰা চিৰস্থায়ী ভাবে মুক্ত কৰা সম্ভৱ।
২/ সমাজ -ব্যৱস্থাৰ পৰিৱৰ্তন:- কেৱল আৰ্থিক ভাবে দূৰ্বল শিশু সকলেই নহয়, আঢ্যৱন্ত ঘৰৰ শিশু সকলেও শোষণৰ বলি হোৱা দেখা যায়।বৰ্তমান যুগত তথাকথিত আধুনিক শিক্ষা দানৰ নামত শিশু সকলৰ কান্ধত অসহনীয় কিতাপ আৰু বহীৰ বোজা ওলোমাই দিয়া হয় ; যাৰ ফলত অতি শীঘ্ৰে শিশুসকলৰ মেৰুদণ্ড বেকা হৈ স্বতঃস্ফূৰ্ত ভাবে শিশুসকলে চলা-ফিৰা (movement)কৰিব নোৱাৰা হয়। ইয়াৰ ওপৰিও শিশু সকলৰ ওপৰত বিভিন্ন পাঠ্যক্ৰমৰ দুৰ্বিসহ বোজা জাপি দিয়া হয়। এজন শিশুক পুৱাৰ পৰা সন্ধিয়ালৈকে ধৰ্মীয় শিক্ষা, বিদ্যালয়ৰ শ্ৰেণীকোঠাত পাঠ গ্ৰহণ, সংগীতৰ ওস্তাদৰ ওচৰত গৈ সংগীত চৰ্চা , নৃত্যৰ শ্ৰেণীত গৈ নৃত্যৰ কচৰৎ,জিম কৰা ইত্যাদি ইত্যাদি কাৰ্যত ইমানেই ব্যস্ত কৰি ৰখা হয় যে, শিশুসকল স্বাভাৱিক ভাবে শ্বাস-প্ৰশাস আৰু জীৱন পৰিচালনা কৰা অসম্ভব হৈ পৰে। তেওঁলোকৰ মাজত থকা কল্পনা শক্তিৰ অপমৃত্যু হয় ,সুপ্ত প্ৰতিভাৰ বিকাশ সাধন অসম্ভৱ হৈ পৰে আৰু মুকলি মুৰীয়া ভাবে প্ৰাকৃতিক জগতৰ সংস্পৰ্শলৈ নগৈ কঠোৰ অনুশাসনৰ মাজেৰে ঘৰৰ চাৰি বেৰৰ মাজত আৱদ্ধ হৈ পৰাৰ ফলত শাৰীৰিক আৰু মানসিক ভাৰসাম্য হেৰুৱায়।এয়া আৰ্থিক দুৰ্গতিৰ বাবে বিভিন্ন শোষকৰ দ্বাৰা নিৰ্যাতনৰ চিকাৰ হোৱা এজন শিশুতকৈ তথাকথিত ভোক-বিলাসী মানুহৰ ঘৰত শিশুসকল বেছি শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হয়। সামাজিক আন্দোলনৰ সূচনা কৰি এই ভাৰসাম্য-হীন সমাজ ব্যৱস্থা বিলুপ্ত কৰি শিশুসকলৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰা উচিত।ইয়াৰ উপৰিও, প্ৰাচীন কালৰে পৰা শিশুসকলৰ মনত ভয় ভাৱ সোমাই দিবলৈ নিচুকনি গীত বা বিভিন্ন ধৰণে তেওঁলোকৰ মনত ভূত -প্ৰেত ,অশৰীৰী আত্মা বা কোনো অদ্ভুত জন্তুৰ কথা দাঙি ধৰা শুদ্ধ পথ নহয়। তাৰ পৰিৱৰ্তে শিশুসকলৰ মনত যুক্তি আৰু বৈজ্ঞানিক মানসিকতা সৃষ্টি কৰি তেওঁলোকৰ মনত সাহস যোগোৱা উচিত।
৩/যৌন ব্যাভিচাৰ ৰোধ:- শিশু সকল দূৰ্বল হোৱাৰ বাবে তেওঁলোকে প্ৰায় ঘৰে বাহিৰে যৌন নিৰ্যাতনৰ চিকাৰ হয় বা তেওঁলোকৰ সন্মূখত অভিভাৱক বা বয়োজ্যেষ্ঠ আত্মীয়,অনাত্মীয়ই নানা অপকৰ্ম, যৌন ব্যাভিচাৰ আদি কৰাৰ ফলত তেওঁলোকৰ মানসিক গঠন অপৰিপক্ক বা বিকৃত হৈ পৰে।যাৰ ফলত তেওঁলোকে বিভিন্ন নিৰ্যাতনৰ বলি হৈ অকালতে মৃত্যুবৰণ কৰে।গতিকে এইবোৰৰ পৰা শিশুসকলক সম্পূৰ্ণ ৰূপে মুক্ত কৰি শাৰীৰিক আৰু মানসিক ভাবে স্বাস্থ্যৱন্ত কৰিবলৈ পৰিয়াল, সমাজ তথা দেশৰ প্ৰশাসক মণ্ডলী অহৰহ চেষ্টা চলাই যোৱা দৰকাৰ।
৪/বাধ্যতামূলক ভাবে ভাৰসাম্য-পূৰ্ণ শিক্ষাদান প্ৰদান কৰা উচিত। তাৰ বাবে তেওঁলোকক মূলতঃ নৈতিক শিক্ষাদান প্ৰদান কৰা দৰকাৰ।
৫/ বিভিন্ন আইন প্ৰণয়ন :- শিশুসকলক শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ কঠোৰ ভাবে আইন অধিনিয়ম প্ৰয়োগ কৰি তেওঁলোকক সুৰক্ষিত কৰাৰ প্ৰয়োজন হৈছে।ইতিমধ্যে ২০০৯ চনৰ শিক্ষা আইনৰ অধীনত শিশুসকলক বাধ্যতামূলক অবৈতনিক শিক্ষাদান কৰাৰ ব্যৱস্থা হৈছে যদিও প্ৰকৃতাৰ্থত এতিয়াও এই আইনৰ দ্বাৰা শিশুসকল সম্পূৰ্ণ ৰূপে উপকৃত হোৱা নাই। শিশু শ্ৰমিক বিৰোধী আইনৰ দ্বাৰাও ওপৰত উল্লিখিত কাৰণত কাৰ্যকৰী হোৱা নাই।গতিকে, শিশুসকলক শাৰীৰিক বা মানসিক নিৰ্যাতনৰ পৰা সুৰক্ষা দিবলৈ হলে ইয়াৰ বাবে লাগিব আমূল পৰিবৰ্তনকামী চিন্তা-চৰ্চা আৰু সামাজিক আন্দোলন, মানৱতা-বোধ পুনৰুদ্ধাৰ, সামগ্ৰিক ভাবে সমাজত নৈতিক মূল্য-বোধৰ শিক্ষা  তথা প্ৰগতিশীল কলা , কৃষ্টি, সংস্কৃতিক হাতিয়াৰ হিচাপে লৈ এক সৰ্বাঙ্গ সুন্দৰ সমাজ -ব্যৱস্থা গঢ়ি তোলা।