শিশু দিৱস – হিমাদ্ৰী বৰকটকী

pc Oneindia

শিশু দিৱস 

হিমাদ্ৰী বৰকটকী,
নগাঁও

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোক শিশু দিৱস  হিচাবে পালন কৰা হয়। জৱাহৰলাল নেহৰুৰ জন্ম ১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে এলাহাবাদ চহৰত। তেওঁৰ দেউতাকৰ নাম আছিল মতিলাল নেহৰু আৰু মাকৰ নাম আছিল স্বৰূপ ৰাণী নেহৰু।

জৱাহৰলাল নেহৰুৱে শিশুক বৰ মৰম-স্নেহ কৰিছিল। তেওঁৰ জীৱনত শিশুক বহুত গুৰুত্ব দিছিল। জৱাহৰলাল নেহৰুৱে শিশুৰ লগত কথা পাতি বহুত ভাল পাইছিল। তেওঁ সদায় শিশুৰ মাজত থকাটো পচন্দ কৰিছিল। শিশুৰ প্ৰতি থকা মৰম আৰু ভালপোৱাৰ কাৰণে শিশুসকলে তেওঁক নেহৰু খুড়া বুলি কৈছিল। জৱাহৰলাল নেহৰুৱে ৰঙা গোলাপ বৰ ভাল পাইছিল। সেইকাৰণে তেওঁৰ জন্মদিনত এপাহ ৰঙা গোলাপ তেওঁক উপহাৰ হিচাবে অৰ্পণ কৰে। গতিকে তেওঁৰ জন্ম দিনটো সমগ্ৰ দেশতে শিশু দিৱস হিচাপে পালন কৰা হয়।