শিশু দিৱস—এটি পৰ্যালোচনা – নাছিৰ আহমেদ

শিশু দিৱস—এটি পৰ্যালোচনা
নাছিৰ আহমেদ ,শিমলাবাৰী গোৱালপাৰা
সাম্ৰাজ্যবাদ আৰু ঔপনিৱেশবাদ বিৰোধী, সাম্যবাদী, গণতান্ত্ৰিক ভাৱাপন্ন, মানৱতাবাদী, কুৰি শতিকাৰ ১৯৩০ চনৰ পৰা ১৯৪০চনলৈকে  ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্ৰেষ্ঠ কংগ্ৰেছী জননেতা , দুৰদৃষ্টি-সম্পন্ন আদৰ্শবাদী পণ্ডিত, আন্তৰ্জাতিক খ্যাতিসম্পন্ন ৰাজনীতিবিদ আৰু তিনিখন বিশ্ব বিখ্যাত গ্ৰন্থৰ যেনে,An biography, Glimpse of the world, Discovery of India লেখক পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটিত(১৪ নৱেম্বৰ,১৮৮৯ চন ) তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিভিন্ন কাৰ্যসূচীৰে ভাৰতৰ বিভিন্ন প্ৰান্তত “শিশু দিৱস”  ( Children’s day)  উদ্ যাপন কৰে । কাৰণ, ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে জীৱনৰ বেছিভাগ সময় সৰু সৰু ল’ৰা-ছোৱালীৰ মাজত কালাতিপাত কৰিছিল। তেখেতৰ এহাতে পৰিস্কাৰ-পৰিচ্ছন্ন কামিজৰ পকেটত সদায় সুঘ্ৰাণ বিলাই থকা গোলাপ ফুল আছিল,  আনহাতে তেওঁৰ ওচৰে- পাজৰে প্ৰায় আছিল কণ কণ শিশুৰ জাক। শিশুৰ প্ৰতি তেওঁৰ মৰম -চেনেহ উপচি পৰিছিল। তেওঁ অনুভৱ কৰিছিল, শিশুহঁত হ’ল বাগিচাৰ একো একোটা মনো-মুগ্ধকৰ ফুল । এসময়ত যীশুখৃষ্টই  শিশুহঁতক কোলাত লৈ শিষ্যবৰ্গক প্ৰায় কৈছিল যে, এওঁলোকেই হ’ল স্বৰ্গ। ঠিক তেনেদৰে, শিশুসকলৰ অন্তৰৰ নিভৃত কোণত মৰম স্নেহৰ নিজৰা বৈ থকা আৰু হাঁহিভৰা  এপাহ কোমল ফুলৰ দৰে স্নিগ্ধ মুখ চাই পণ্ডিত জৱাহৰলাল নেহৰুৱে সৰগৰ সৌন্দৰ্য্য ভৰি থকা অনুভৱ কৰিছিল। তেওঁ এষাৰ প্ৰণিধানযোগ্য মন্তব্য আগবঢ়াইছিল যে, ” The children of today will make the Citizens of India tomorrow. The way we bring  them up will determine the future of the country.”
পণ্ডিত জৱাহৰলাল নেহৰুৱে শিশুসকলৰ প্ৰতি ভালপোৱা,মনোযোগ আৰু স্নেহ দিয়াৰ বাবে সদায় গুৰুত্ব দিছিল। তেওঁ আছিল শিশুসকলৰ অধিকাৰ লাভ কৰাৰ এক দৃঢ়-সংকল্প প্ৰৱক্তা। তেওঁ বিশ্বাস কৰিছিল  যে, প্ৰত্যেকটি শিশুৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্য লাভ আৰু সদায় সুখী থকাটো  মৌলিক অধিকাৰ। সেয়ে, শিশুসকলে মৰমতে আহ্বান কৰা চাচা নেহৰুয়ে শিশুহঁতৰ মানসিক বিকাশমুখী  শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিছিল আৰু শিশুহঁতৰ মান-সন্মত (Standard) শিক্ষা প্ৰদানৰ বাবে বিদ্যালয় বা অন্যান্য প্ৰতিষ্ঠান গঢ়াৰ বাবে তেওঁ উৎসাহ যোগাইছিল।
শিশু দিৱসৰ দিনা শিশুসকলক কেৱল উপহাৰ টোপোলা সুস্বাদু খাদ্য বিতৰণৰ ওপৰত গুৰুত্ব দিয়াতকৈ প্ৰত্যেক জন শিশুৰ অনন্য চাহিদা আৰু প্ৰতিভা বিকাশৰ বাবে সিহঁতৰ মাজত লুকাই থকা প্ৰতিভা, সৃজনশীলতা প্ৰদৰ্শনৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, প্ৰতিযোগিতা আৰু কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে তেওঁ পৰামৰ্শ দিছিল। তদুপৰি তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ আদৰ্শক সাৰোগত কৰি পৰৱৰ্তী ২০০২ চনৰ ভাৰতৰ  সংবিধানৰ ২১ক অনুচ্ছেদক  ৮৬তম সংবিধান সংশোধনীৰ দ্বাৰা ৬ বছৰৰ পৰা ১৪ বছৰৰ শিশুহঁতক Free and compulsory education, foundamental right for children. সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ উপৰিও সংবিধানত শিশুসকলৰ বাবে সৰ্বমুঠ দহ বিধ মৌলিক অধিকাৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া আছে। সেইবোৰ হ’ল ক্ৰমান্বয়ে—-
1. Right to equality
2. Right against discrimination
3. Right to life
4. Right to health
5. Right to express oneself freely
6. Right to education
7. Right to protect being trafficking and forced labour
8. Right to protect from dangerous jobs
Etc
অৰ্থাৎ সম অধিকাৰ, বৈষম্য ৰোধ কৰা অধিকাৰ, জীয়াই থকাৰ অধিকাৰ, স্বাস্থ্য সুৰক্ষা ৰখাৰ অধিকাৰ, শিক্ষালাভৰ অধিকাৰ, শিশুক অপহৰণ বা বলপূৰ্বক ভাবে কামত জড়িত নকৰা আৰু কোনো দুৰ্বিসহ যন্ত্ৰণাৰ কৰ্মত শিশুক নিয়োগ ৰোধ কৰা আদিৰ ওপৰত ভিত্তি কৰি মৌলিক অধিকাৰ দান কৰিছিল।
কিন্তু, আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ ছয়সত্তৰ বছৰ অতিক্ৰম কৰাৰ পাছতো আমাৰ দেশৰ প্ৰায় অধিকাংশ শিশুয়ে তেওঁলোকৰ মৌলিক অধিকাৰসমূহ লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমাৰ দেশৰ জনসংখ্যাৰ প্ৰায় চল্লিশ শতাংশ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সাধাৰণ মানুহৰ ল’ৰা- ছোৱালীবোৰে হয় বিদ্যালয়ৰ মজিয়া গৰকি পোৱা নাই বা আধা বাটতে শিক্ষা সমাপ্ত কৰি শ্ৰমিক হিচাপে বিভিন্ন কল-কাৰখানা, ৰেষ্টুৰেন্ট, হোটেল, চৰকাৰী বা বেচৰকাৰী বাছৰ হেন্দিমেন, কোনোবা শিক্ষিত নিম্ন শ্ৰেণীৰ কৰ্মচাৰীৰ পৰা উচ্চ পদস্থ বিষয়াৰ ঘৰত লগুৱা হিচাপে অতি দুৰ্বিসহ যন্ত্ৰণাৰ জীৱন -পৰিক্ৰমা পাৰ কৰিব লগা হৈছে। কল্পনাৰ ডেউকা মেলি পখিলা ধৰাৰ বয়সতে অসংখ্য শিশুয়ে দুখীয়া মা-দেউতাকক আৰ্থিক সকাহ দিবলৈ হাতত তৰ্জু ধৰি বিভিন্ন দোকানত বস্তু বিক্ৰী কৰাত ব্যস্ত হৈ থাকে বা নিজে বজাৰৰ এচুকত বহি শাক-পাচলি, মাছ আদি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। বহুত সময়ত আকৌ বহুত শিশুক তথাকথিত শিক্ষিত সন্তানহীন ব্যক্তিয়ে তোলনীয়া সন্তান হিচাপে গ্ৰহণ কৰি অহৰ্নিশে শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰা দেখা যায়।  গতিকে, প্ৰতি বছৰে এই বিশেষ দিনটিত পণ্ডিত জৱাহৰলাল নেহৰুক সন্মান প্ৰদৰ্শন কৰি বিভিন্ন কাৰ্যসূচীৰে ” শিশু দিৱস” উদ্ যাপন কৰিলেই শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধন সম্ভৱ নহয়।
শিশুহঁতৰ মৌলিক অধিকাৰসমূহ সম্পৰ্কে সমাজৰ সৰ্ব স্তৰৰ জনগণৰ মাজত সচেতনতা বৃদ্ধি কৰি কাৰ্যক্ষেত্ৰত চৰকাৰী বা বেচৰকাৰী সংস্থাসমূহৰ পৃষ্ঠপোষকতাত  শিশুসকলক সম্পূৰ্ণ ৰূপে অধিকাৰ প্ৰদান কৰিলেহে “শিশু দিৱস” উদ্ যাপন কৰা অৰ্থপূৰ্ণ হ’ব।